নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একে সময়তে পাঁচ হাজাৰ ক’ভিড ৰোগীক চিকিৎসা কৰিবলৈ অসম চৰকাৰ সক্ষম মৰিগাঁওত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৪ মেঃ দিনক দিনে ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা হৈ পৰিছে তৎপৰ। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আজি মৰিগাঁও অসামৰিক চিকিৎসালয় ৰ নৱনিৰ্মিত ত্ৰিশ খন বিছনা যুক্ত আছুতীয়া কক্ষ পৰিদর্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে। উক্ত ভ্ৰমণৰ সময়ত মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা, মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা প্ৰমুখ্যে স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল।
উক্ত পৰিদর্শন কালত মন্ত্ৰী গৰাকীয়ে এক সংবাদ মেল ত অংশ গ্ৰহণ কৰি কৈ যে ৰাজ্যৰ স্বাস্থ্যবিভাগ ক’ৰোনা ৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে আৰু কেৱল গুৱাহাটী মহানগৰীতেই বৰ্তমান একে সময়তে ১৫০০ ৰোগীৰ বাবে বিছনা সাজু আছে আৰু পৰ্যায়ক্ৰমে পাঁচ হাজাৰ ৰোগীৰ বাবে চিকিৎসা তথা বিছনাৰ ব্যৱস্থা কৰিবলৈ সক্ষম স্বাস্থ্য বিভাগ। আজি এই ভ্ৰমণ ৰ সময়ত মৰিগাঁও অসামৰিক চিকিৎসালয়ত অতি সোনকালে ১০ খন আই চি ইউ বিছনা ব্যৱস্থা কৰা হ’ব বুলি জনাই মন্ত্ৰী গৰাকীয়ে। আনহাতে গ্ৰামাঞ্চল আৰু সৰু সৰু নগৰ সমূহত স্বাস্থ্য বিভাগে চলাই থকা সমূহীয়া পৰীক্ষণ সময়ত পৰীক্ষা কৰা নমুনা সমূহ নিগেটিভ হোৱাৰ সূত্ৰে অসমত বৰ্তমানেও গণ সংক্ৰমণ হোৱাৰ কথা নুই কৰে মন্ত্ৰী গৰাকীয়ে। আনহাতে কোৱাৰেণ্টাইনত থকা লোক সকলক সংযত হ’বলৈ আহ্বান জনায় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে। স্বাস্থ্য মন্ত্ৰীৰ স্পষ্ট ঘোষণা যি প্ৰতিবাদ কৰে চাৰি বেৰৰ ভিতৰত কৰক বাহিৰলৈ ওলাই নাহিব অন্যথ্য চৰকাৰ কঠোৰ হ’ব। আনহাতে মৰিগাঁও ৰ পিছত মন্ত্ৰীগৰাকী জাগীৰোডৰ এইচ পি চি হস্পিটেল ত উপস্থিত হৈ উক্ত চিকিৎসালয় খন পঞ্চাশ খন বিছনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰ কৰাৰ কথা ঘোষণা কৰে ।

You might also like