নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ কাটিগড়া মণ্ডল যুৱ মর্চাৰ সভাপতিৰ চৰম সিদ্ধান্ত

কাছাৰৰ কাটিগড়াত মর্মান্তিক ঘটনা। বিজেপিৰ কাটিগড়া মণ্ডল যুৱ মর্চাৰ সভাপতি সত্যজিৎ দাসে বাছি ললে আত্মহননৰ পথ। মাত্র এমাহ আগতে যুৱ মর্চাৰ দায়িত্ব পাইছিল তেঁও।

নিশা নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰে তেওঁ। কাতিৰাইল গাঁৱৰ বাসিন্দা সত্যজিৎ দাসে মাত্র এমাহ আগতে কাটিগড়া মণ্ডল যুৱ মর্চাৰ সভাপতিৰ দায়িত্ব পাইছিল।

খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় কাটিগড়া আৰক্ষী আৰু ফৰেনছিকৰ দল। দণ্ডাধীশৰ উপস্থিতত মৃতদেহ উদ্ধাৰ কৰি পোষ্টমর্টেমৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতালত প্রেৰণ কৰে।

মর্মান্তিক এই ঘটনাৰ খবৰ পাই নিশাৰ ভাগত বিজেপি কর্মীসকল উপস্থিত হয়। কি কাৰণত তেওঁ এনে চৰম পন্থা ললে সেয়া জানিব পৰা নাই।

ডিজিটেল ডেস্ক, ১ ডিচেম্বৰ

You might also like