নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

[contact-form][contact-field label=”Name” type=”name” required=”true” /][contact-field label=”Email” type=”email” required=”true” /][contact-field label=”Website” type=”url” /][contact-field label=”Message” type=”textarea” /][/contact-form]

মেষঃ শুভ ৰং বগা, সংখ্যা ৩৷ প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে৷ যিকোনো কাম কৰিলে সফল হ’ব৷ ব্যৱসায়ত ভাল ফল পাব৷ প্রতিকাৰ– তুলসীৰ পূজা কৰিব৷
বৃষঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ২৷ ঘৰলৈ মূল্যৱান বস্তু অহাৰ সম্ভাৱনা আছে৷ যিকোনো ভাল কাম কৰিলে সুফল পাব৷ বন্ধুৰ লগত বিচ্ছেদ ঘটিব পাৰে৷ প্রতিকাৰ– বেলপাতত চন্দন লগাই লগত ৰাখিব৷
মিথুনঃ শুভ ৰং হালধীয়া, সংখ্যা ৫৷ আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব লগা হ’ব পাৰে৷ চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক, অন্যথা ক্ষতি হ’ব৷ সন্তানে কৰা ভাল কামৰ বাবে গৌৰৱ অনুভৱ কৰিব৷ প্রতিকাৰ– ঘৰৰ ওচৰত থকা আঁহত গছৰ তলত ঘিউৰ চাকি, ধূপ জ্বলাব৷
কর্কটঃ শুভ ৰং বগা, সংখ্যা ৮৷ মূল্যৱান বস্তুৰ ক্ষতি হ’ব পাৰে৷ মাটিৰ সীমা লৈ সমস্যা হ’ব পাৰে৷ কর্মত বাধা পাব৷ আজি ভাল কাম হাতত নল’ব৷ প্রতিকাৰ– ঘৰৰ উত্তৰ কোণত খুঁটি এটা মাৰি তাত এখন ৰঙা কাপোৰ বান্ধিব আৰু গুৰিত ধূপ–চাকি জ্বলাব৷
সিংহঃ শুভ ৰং আকাশীনীলা, সংখ্যা ৯৷ ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব৷ টকা–পইচাৰ অভাৱ বাঢ়িব৷ অলপ চেষ্টা কৰিলে কর্ম সংস্থাপন লাভ কৰিব পাৰিব৷ সন্তানৰ শুভ৷ প্রতিকাৰ– পাৰিলে উপবাসে থাকিব আৰু একচিত্তে শিৱৰ চৰণ চিন্তা কৰি ধ্যান কৰিব৷
কন্যাঃ শুভ ৰং গুলপীয়া, সংখ্যা ২৷ খং দমাই ৰাখিব অন্যথা ক্ষতি হ’ব৷ যুটীয়াকৈ কৰা ব্যৱসায়ীৰ মাজত মতানৈক্য হৈ সংঘাত আহিব পাৰে৷ নিজৰ ভুলৰ বাবে অর্থ হানি হোৱাৰ সম্ভাৱনা৷ টকা–পইচাৰ অভাৱ বাঢ়িব৷ প্রতিকাৰ– ভিক্ষাৰী এজনক বগা মিঠাই দান কৰি প্রণাম কৰিব৷
তুলাঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ চাকৰিয়ালসকলে আজি টকা–পইচাৰ লেনদেন নকৰা ভাল৷ পুৰণা ৰোগ থকাসকলৰ পীড়া বৃদ্ধি পাব৷ সন্তানে সমাজত সুনাম পাব৷ প্রতিকাৰ– গা ধুই নৱগ্রহৰ স্তোত্র পাঠ কৰিব৷
বৃশ্চিকঃ শুভ ৰং বগা, সংখ্যা ৪৷ অচিন শত্রুৰ পৰা ক্ষতি হোৱাৰ ভয়৷ চাকৰিয়ালসকলে সন্মান লাভ কৰিব৷ ব্যৱসায়ত লোকচানৰ আশংকা আছে৷ সন্তানে দুখ দিব৷ প্রতিকাৰ– ক’লা মণি এটা পানীৰ পাত্রত থৈ সুৰক্ষিত স্থানত ৰাখিব৷
ধনুঃ শুভ ৰং গেৰুৱা, সংখ্যা ৮৷ টকা–পইচাৰ লেনদেন কৰোঁতে সাৱধান হ’ব৷ আর্থিক ক্ষতিৰ যোগ৷ শিক্ষার্থীয়ে মনোমত ফল দেখুৱাব পাৰিব৷ ব্যৱসায়ত শুভ৷ প্রতিকাৰ– ঘৰৰ পৰা ওলাওঁতে সূর্যলৈ চাই প্রণাম কৰি ওলাই যাব৷
মকৰঃ শুভ ৰং হালধীয়া, সংখ্যা ২৷ পুৰণা ৰোগত ভুগি থকাসকলে খোৱা–বোৱাত বিশেষ ধ্যান নাৰাখিব৷ পাবলৈ থকা টকা হাতলৈ আহিব৷ ব্যৱসায়ীসকলে কর্মচাৰীৰ ওপৰত চকু ৰাখিব৷ প্রতিকাৰ– বেলপাত এটাত ৰঙা চন্দন লগাই লগত ৰাখিব৷
কুম্ভঃ শুভ ৰং নীলা, সংখ্যা ৩, বিবাহ সম্পর্কে চলি থকা কথা–বতৰাৰ আজি ভাল খবৰ পাব৷ আত্মীয়ৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে৷ হাত–ভৰিত আঘাত পাব পাৰে৷ প্রতিকাৰ– ঘৰ ভালদৰে পৰিষ্কাৰ কৰি ধূপ–ধূনা জ্বলাই গৃহলক্ষ্মীৰ পূজা–র্চনা কৰিব৷
মীনঃ শুভ ৰং সেউজীয়া, সংখ্যা ৫৷ আনক উপকাৰ কৰিবলৈ গৈ ক্ষতি হোৱাৰ ভয়৷ দুর্ঘটনাৰ প্রবল সম্ভাৱনা আছে৷ সন্তানৰ ভুলৰ বাবে লাজত পৰিব৷ শত্রুৰ পৰা ক্ষতিৰ আশংকা৷ প্রতিকাৰ– ভিক্ষাৰীক ক’লা বস্তু দান কৰিব৷

You might also like