নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাঁজীৰ পৰা ডিমৌ : আধৰুৱা ফ’ৰলেনত অভাৱনীয় পৰিস্থিতি

নিয়মীয়া বাৰ্তা, ২৪ মেঃ ক্ৰমাত নৰককুণ্ডত পৰিণত হৈছেগৈ নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাঁই পথ । শিৱসাগৰ জিলাৰ জাঁজী দলঙৰ পৰা ডিমৌলৈকে নিৰ্মীয়মান অৱস্থাত থকা পথছোৱা বিগত ৪ বছৰৰো অধিক কাল নিয়োজিত পথ নিৰ্মাণকাৰী সংস্থাই  লেহেমীয়া গতিত কাম কাজ চলোৱাৰ  বা- বাতৰিয়ে  সংবাদ শিৰোনাম দখল কৰি অহাৰ পাছতো ৰহস্যজনক ভাবে গা লৰা নাই চৰকাৰ, ৰাষ্ট্ৰীয় ঘাঁইপথ প্ৰাধিকৰণ বিভাগৰ লগতে পথ নিৰ্মাণকাৰী সংস্থাৰ। পলমকৈ যোৱা কিছুদিন ধৰি হোৱা বৰষুণত পথ নিৰ্মাণকাৰী সংস্থাই  পথৰ কাষত খণ্ডা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতবোৰত বৰষুণৰ পানী উপচি পৰি  বহু স্থানত কৃত্ৰিম বানপানীৰ দ্বাৰা সৃষ্টি হৈছে অভাৱণীয় পৰিস্থিতিৰ। কৃত্ৰিম বান পানীত ডুব গৈছে বহু নিবনুৱাৰ ব্যৱসায়ীক প্ৰতিষ্ঠান তথা বাসগৃহ। বিশেষকৈ ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ  গৌৰীসাগৰত আধৰুৱা পথৰ কাষত উন্মুক্ত অৱস্থাত থকা প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতবোৰৰ পৰা সৃষ্টি হৈছে কৃত্ৰিম বান পানীৰ। বহু সময়ত পানীৰে উপচী পৰা পুখুৰী সদৃশ গাঁতবোৰত সংঘটিত হৈছে দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত কোনো লোকৰ প্ৰাণহানি নহ’লেও বহুকেইজন যাত্ৰী শাৰীৰিক ভাবে ঘূণীয়া হোৱাৰ উপৰি যান-বাহনৰো ক্ষতি সাধন হৈছে। অন্যহাতে  দিখৌমুখ বৰ আলি সংযোগী গৌৰীসাগৰ তিনি আলিত ৰাষ্ট্ৰীয় ঘাই পথটোত একাঠু পয্যন্ত বোকা পানীৰে উপচি পৰাত যাতায়তৰ ভীষন সমস্যাৰ সন্মূখীন হব লগা হৈছিল যানবাহনসমূহ। কালি আছুৰ গৌৰীসাগৰ আঞ্চলিক সমিটিয়ে যাতায়তৰ উপযোগী হোৱাকৈ এক্সভেকেটৰ সহায়ত পানীসমূহ ওলাই যাব পৰাকৈ নলা নৰ্দমা খান্দি দিয়ে। লগতে পথটোত শিল বালি ছটিয়াই সমান কৰি যাতায়তৰ উযোগী কৰি তুলে।তাৰ্পয্যপূৰ্ণ বিষয় যে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০২৪ চনৰ ভিতৰত পথটোৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ কাঢ়া নিৰ্দেশ দিয়াৰ পাছতো বিগত এমাহৰো অধিক দিন ৩০ শতাংশ কাম কৰিয়েই পেলাই ৰখা নিয়োজিত ঠিকাদাৰ সকলৰ বিৰুদ্ধে যাৱতীয়  ব্যৱস্থা গ্ৰহন কৰাৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে।
প্ৰেৰক মৃগাংক হাজৰিকা
You might also like