নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : আন্তর্জাতিক খ্যাতিসম্পন্ন এথলীট ৰিম্পী বুঢ়াগোহাঁইৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ
ফোন ঃ ৮৬৩৮৪–১৪৯৫৪

আপুনি ৰাষ্ট্রীয় সন্মান ‘অটল ত্রিৰংগা বঁটা, ২০২৫’ৰে সন্মানিত হৈছে৷ এই সম্পর্কে আপোনাৰ অনুভৱৰ বিষয়ে জনাব নেকি?
প্রয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত প্রতিবছৰে দেশৰ বিভিন্ন ৰাজ্যৰ প্রতিভাৱান খেলুৱৈৰ লগতে বিভিন্ন ক্ষেত্রত অৱদান আগবঢ়োৱা যুৱক–যুৱতীসকলক্ অটল ত্রিৰংগা বঁটা প্রদান কৰি ৰাষ্ট্রীয়ভাৱে স্বীকৃতি প্রদান কৰা হয়৷ এইবাৰ এই সন্মানজনক বঁটা মোৰ লগতে ক্রিকেটাৰ উমা চেত্রী আৰু চিমু দাসলৈ আগবঢ়াইছে৷ ২৬ ডিচেম্বৰত আমি নতুন দিল্লীত এই সন্মান গ্রহণ কৰিছোঁ৷ এই বঁটাটিয়ে মোৰ দায়িত্ব বৃদ্ধি কৰিছে আৰু পৰৱর্তী সময়ত মই ক্রীড়াক্ষেত্রখনত অধিক মনোযোগেৰে আৰু পৰিশ্রমেৰে আগবাঢ়ি যোৱাত ই মোক অনুপ্রাণিত কৰিব৷ আমি কেৱল বঁটা বা সন্মানৰ বাবে নেখেলোঁ যদিও এনে স্বীকৃতিয়ে আমাক সদায় উন্নত প্রদর্শন দাঙি ধৰাৰ বাবে উৎসাহিত কৰে৷

শিৱসাগৰ জিলাৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আন্তর্জাতিক মঞ্চলৈ আগবাঢ়ি আহিবলৈ সক্ষম হৈছে৷ এয়া কিদৰে সম্ভৱ হৈছে?
অর্জুন ভোগেশ্বৰ বৰুৱাই কাটি থৈ যোৱা বাটেৰে শিৱসাগৰ জিলাৰ পৰা অসংখ্য ক্রীড়াবিদে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় মঞ্চত সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে৷ এইখন জিলাৰে বকতাৰ পুনিবিল গোহাঁইগাঁৱত মোৰ জন্ম৷ দেউতা ভৰত বুঢ়াগোহাঁয়ে শিক্ষকতা কৰিছিল যদিও চাকৰিটো নিয়মীয়া হোৱাৰ কিছুদিন পিছতে তেওঁ অৱসৰ গ্রহণ কৰে৷ মা নিকুঞ্জ বুঢ়াগোহাঁয়ে এথলেটিকছ খেলিছিল৷ মায়ে এতিয়াও মাষ্টার্ছ এথলেটিকছত খেলে৷ মাৰ পৰাই মই সৰুৰে পৰা খেলিবলৈ অনুপ্রেৰণা লাভ কৰিছিলো৷ তদুপৰি আমাৰ অঞ্চলটোত ক্রীড়াৰ এক সুন্দৰ পৰিৱেশ আছে৷ এই অঞ্চলৰ পৰা ইতিমধ্যে বহু খেলুৱৈয়ে ৰাষ্ট্রীয় পর্যায়ত সুনাম অর্জন কৰিছে৷ তদুপৰি আমাৰ পৰিয়ালৰ প্রতিগৰাকী সদস্যই মোক খেলিবলৈ উৎসাহিত কৰিছে আৰু তেওঁলোকে মোক যৎপৰোনাস্তি সহায় আগবঢ়াইছে, যাৰ বাবে মই দৰিদ্রতাকো নেওচি আজি কিছু পৰিমাণে হ’লেও সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ৷

আপুনি নিশ্চয় সৰুৰে পৰা এগৰাকী ৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈ হিচাপে নিজকে গঢ়ি তোলাৰ সপোন দেখিছিল৷ আপুনি কিদৰে ক্রীড়াংগনৰ সৈতে জড়িত হৈ পৰিল?
মই সৰুৰে পৰা এগৰাকী ক্রীড়াবিদ ৰূপে নিজকে গঢ়ি তোলাৰ সপোন দেখিছিলো৷ বিশেষকৈ মাৰ পৰা এইক্ষেত্রত অনুপ্রেৰণা লাভ কৰিছিলো৷ মা আছিল এগৰাকী সুদক্ষ এথলীট৷ তেওঁ ৰাষ্ট্রীয় প্রতিযোগিতাত খেলাৰ সুযোগ পাইছিল যদিও ধনৰ অভাৱত খেলিবলৈ যাব নোৱাৰিলে৷ মাৰ সেই আধৰুৱা সপোন বাস্তৱায়িত কৰাৰ বাবে মই সংকল্প লৈছিলো৷ সৰুৰে পৰা মই স্কুলত অনুষ্ঠিত ক্রীড়া প্রতিযোগিতাৰ সকলো ইভেণ্টত যোগদান কৰিছিলো আৰু পুৰস্কৃত হৈছিলো৷ সপ্তম শ্রেণীত পঢ়ি থকা সময়ৰ পৰা মই দুবছৰমান হেণ্ডবল খেলিছিলো৷ ২০১৪ চনত মই এথলেটিকছৰ প্রতি আকর্ষিত হ’লোঁ আৰু দৌৰৰ লগতে লং জাম্পৰ অনুশীলন আৰম্ভ কৰিলোঁ৷ কম দিনৰ ভিতৰতে মই লং জাম্পত সফলতা অর্জন কৰিবলৈ সক্ষম হৈছিলো৷ সেই বছৰেই মই দুলীয়াজানত আয়োজিত জুনিয়ৰ ৰাজ্যিক এথলেটিকছ প্রতিযোগিতাত শিৱসাগৰ জিলা দলক প্রতিনিধিত্ব কৰি লং জাম্পত স্বর্ণপদক লাভ কৰিছিলো৷ এইখন প্রতিযোগিতাত দেখুওৱা সফলতাৰ জৰিয়তে মই ২০১৪ চনত ঝাৰখণ্ডত অনুষ্ঠিত জুনিয়ৰ ৰাষ্ট্রীয় এথলেটিকছ মীটত মই অসম দলক প্রতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিলো৷ অৱশ্যে ৰাষ্ট্রীয় প্রতিযোগিতাত সফলতা অর্জনৰ বাবে মই দুবছৰমান অতিক্রম কৰিবলগীয়া হৈছিল৷ ২০১৭ চনত ঝাৰখণ্ডত আয়োজিত ৰাষ্ট্রীয় এথলেটিকছ চেম্পিয়নশ্বিপত স্বর্ণ জয় কৰাৰ পিছৰ বছৰতো মই সফলতাৰ ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হ’লোঁ৷ ২০১৮ চনত বিহাৰত অনুষ্ঠিত ৰাষ্ট্রীয় প্রতিযোগিতাখনত মই ৬.৪২ মিটাৰ জঁপিয়াই স্বর্ণপদক দখল কৰাৰ লগতে নতুন মীট ৰেকর্ড গঢ়িবলৈ সক্ষম হৈছিলো৷

আপুনি প্রথমতে হেণ্ডবলৰ জৰিয়তে ক্রীড়া জগতত পদার্পণ কৰিছিল৷ কিন্তু এথলীট হিচাপে আপুনি প্রতিষ্ঠা লাভ কৰিলে৷ এয়া কিদৰে সম্ভৱ হ’ল?
নাজিৰাৰ পানীবিল অঞ্চলত এখন একাডেমী আছে৷ সেই একাডেমীখনত মই এথলেটিকছৰ প্রশিক্ষণ আৰম্ভ কৰিছিলো৷ তাত প্রশিক্ষণ প্রদান কৰিছিল প্রাঞ্জল বৰুৱা আৰু গোপাল গগৈ ছাৰে৷ তেওঁলোকৰ প্রশিক্ষণৰ জৰিয়তে মই কম দিনৰ ভিতৰতে লং জাম্প, ট্রিপল জাম্প আৰু দৌৰত দক্ষতা দেখুৱাবলৈ সক্ষম হৈছিলো৷ ইয়াৰ পিছতে মই বিভিন্ন প্রতিযোগিতাত শিৱসাগৰ জিলাক প্রতিনিধিত্ব কৰি পদক অর্জন কৰিবলৈ সক্ষম হৈছোঁ৷ আনকি একাডেমীখনত প্রশিক্ষণ গ্রহণ কৰিয়েই মই জুনিয়ৰ ৰাষ্ট্রীয় প্রতিযোগিতাত লং জাম্পত অভিলেখ গঢ়িছিলো৷ সেই একাডেমীখনৰ প্রশিক্ষক আৰু কর্মকর্তাসকলৰ প্রতি মই সদায় কৃতজ্ঞ হৈ থাকিম৷

প্রতিগৰাকী ৰাষ্ট্রীয় খেলুৱৈৰ ব্যক্তিগত প্রশিক্ষক থাকে৷ এইক্ষেত্রত আপুনি ব্যতিক্রম৷ আপোনাক কোনে খেলিবলৈ অনুপ্রাণিত কৰিছিল?
নাজিৰাৰ পানীবিলত থকা এথলেটিকছ একাডেমীত প্রাঞ্জল ছাৰ আৰু গোপাল ছাৰৰ অধীনত প্রশিক্ষণ গ্রহণ কৰি জুনিয়ৰ পর্যায়ত সফলতা লাভ কৰাৰ পিছত মই আছাম ৰাইফলছত চাকৰি পাইছিলো৷ কিন্তু মই চাকৰি কৰা প্রতিষ্ঠানটোত লং জাম্প অথবা দৌৰৰ কোনো বিশেষজ্ঞ প্রশিক্ষক নাই৷ সেইক্ষেত্রত মোক বিশেষভাৱে সহায় কৰিছিল এগৰাকী প্রাক্তন এথলীট তথা অসম আৰক্ষীত চাকৰি কৰা বুদ্ধ হাজৰিকাই৷ তেওঁ ফোনতে খেলৰ বিভিন্ন কলা–কৌশলৰ লগতে ডায়েট আদিৰ পৰামর্শ দিছিল৷ তেওঁ দিয়া সূচী আৰু কলা–কৌশলবোৰ হূদয়ংগম কৰি মই মোৰ কর্মস্থলী ক’হিমাত অনুশীলন কৰিছিলো৷ সেই অনুশীলনৰ ভিডি’বোৰ মই তেওঁলৈ পঠিয়াই দিছিলো আৰু তেওঁ ভুল–ত্রুটিবোৰ দেখুৱাই দিছিল৷ এনেদৰে মই আগুৱাই গৈছিলো৷ অৱশ্যে বিশ্ব পুলিচ মীটত অংশগ্রহণ কৰাৰ তিনি মাহমান পূর্বে মই বিভাগৰ পৰা ছুটী লৈ গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত নিপন দাসৰ অধীনত প্রশিক্ষণ গ্রহণ কৰিছিলো৷ এতিয়া পুনৰ মই সৰুসজাইতে অনুশীলন কৰি আছোঁ৷

আপুনি ৰাষ্ট্রীয় প্রতিযোগিতাত প্রদর্শন কৰা সাফল্যৰ বাবে অসম ৰাইফলছত চাকৰি পাবলৈ সক্ষম হৈছে৷ কর্মসংস্থান লাভ কৰাৰ বাবে আপোনাৰ খেলাৰ ক্ষেত্রত সুবিধা হৈছেনে?
আচলতে মই আর্থিক দৈন্যৰ বাবেহে চাকৰি কৰিবলৈ বাধ্য হৈছোঁ৷ সেইবাবে চাকৰিত যোগদান কৰি মই একেবাৰে সন্তুষ্ট নহয়৷ যিটো সময়ত মই খেলত অধিক মনোনিৱেশ কৰিব লাগিছিল, সেই সময়তে অনুশীলনৰ পৰা আঁতৰি থাকি চাকৰি কৰিবলগীয়া হৈছে৷ ২০১৯ চনত মই অসম ৰাইফলছত যোগদান কৰিছিলো৷ ফলত প্রশিক্ষণৰ নামত আৰু কর্তব্যৰ খাতিৰত দুবছৰতকৈও অধিক সময় মই খেলৰ পৰা প্রায় আঁতৰি থাকিবলগীয়া হৈছে৷ অসম ৰাইফলছত নিজৰ কর্তব্য সমাপন কৰাৰ পিছৰ সময়খিনি মই কঠোৰ অনুশীলন কৰিবলগীয়া হৈছে৷ কাৰণ আমাৰ বিভাগটোৱে অনুশীলনৰ বাবে বিশেষ সুবিধা নিদিয়ে৷ সেইবাবে কর্তব্য সমাপন কৰিহে অনুশীলন কৰিবলগীয়া হয়৷ তদুপৰি তাত মোৰ ইভেণ্টৰ কোনো বিশেষজ্ঞ প্রশিক্ষক নাই৷ অসম চৰকাৰৰ অধীনস্থ কোনো বিভাগত চাকৰি পোৱা হ’লে মই অনুশীলনত অধিক সময় দিব পাৰিলোঁহেঁতেন৷ আনকি বিভাগীয় নীতি–নিয়মৰ বাবে মই অসমৰ হৈ ৰাষ্ট্রীয় প্রতিযোগিতাত অংশগ্রহণৰ পৰা বঞ্চিত হ’বলগীয়া হৈছোঁ৷ উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণৰ বাবে মই নির্বাচিত হৈছিলো যদিও বিভাগীয় অনুমতি নোপোৱাৰ বাবে মই খেলিবলৈ যাবলৈ নাপালোঁ৷ লং জাম্পত মই বাছনি প্রতিযোগিতাত যিমান দূৰ জঁপিয়াইছিলো, তাতকৈ কম জঁপিওৱা অন্য ৰাজ্যৰ খেলুৱৈয়ে ৰাষ্ট্রীয় ক্রীড়াত পদক জয় কৰিছিল৷ নিশ্চিতভাৱে ৰাষ্ট্রীয় ক্রীড়াত মোৰ জৰিয়তে অসমে অন্ততঃ এটা পদক পালেহেঁতেন৷

আর্থিক দৈন্যৰ বাবেহে চাকৰি কৰিবলগীয়া হোৱা বুলি আপুনি মন্তব্য কৰিছে৷ আপুনি এইক্ষেত্রত কিদৰে আর্থিক অনাটনৰ সন্মুখীন হৈছিল?
মই আগতেও কৈছোঁ যে দেউতাই স্কুলত কাম কৰিছিল যদিও স্কুলখন ভেঞ্চাৰ আছিল৷ স্কুল চৰকাৰীকৰণ হয় মানে দেউতাই অৱসৰ পাবৰে হৈছিল৷ ফলত মই তীব্র আর্থিক অনাটনৰ মাজেৰে খেলিছিলো৷ আমাৰ দুজনী বাইদেউ আৰু ভাইটিৰ লগতে মোৰ পঢ়া–শুনা তথা খেলৰ খৰচ যোগান ধৰা দেউতাৰ পক্ষে সম্ভৱ নাছিল৷ মোৰ খেলৰ খৰচ আৰু ঘৰখনৰ খৰচ উলিয়াবলৈ দেউতা–মায়ে আনৰ ঘৰত হাজিৰা কাম কৰিবলগীয়া হৈছিল৷ সৰু বাইদেৱে মোক কিছু পৰিমাণে সহায় কৰিছিল যদিও সেয়া পর্যাপ্ত নাছিল৷ ধনৰ অভাৱত মই এগৰাকী প্রশিক্ষক ল’ব পৰা নাছিলো৷ অথচ আমাৰ সৈতে ৰাষ্ট্রীয় পর্যায়ত খেলা অন্য ৰাজ্যৰ খেলুৱৈসকলৰ নিজা নিজা প্রশিক্ষক আৰু ফিজি’ আছে৷ প্রতিযোগিতাৰ সময়ত প্রশিক্ষকসকল সদায় তেওঁলোকৰ ওচৰতে থাকে৷ অথচ মই প্রশিক্ষক অবিহনে অন্য ৰাজ্যৰ বহু আগশাৰীৰ খেলুৱৈতকৈ উন্নত প্রদর্শন আগবঢ়াবলৈ সক্ষম হৈছোঁ৷ অৱশ্যে বাহিৰৰ ৰাজ্যৰ খেলুৱৈসকলে প্রায়েই মোৰ এনে অৱস্থাৰ বাবে দুখ প্রকাশ কৰে৷ তেওঁলোকে কয় যে মোৰ ব্যক্তিগত প্রশিক্ষক আৰু ফিজি’ থাকিলে মই হেনো এতিয়া দেশৰ শীর্ষস্থানৰ লং জাম্পাৰ হ’লোঁহেঁতেন৷ মা–দেউতাহঁতক সকাহ দিবলৈকে মোৰ কেৰিয়াৰৰ গুৰুত্বপূর্ণ সময়ত অনিচ্ছা সত্ত্বেও অসম ৰাইফলছত চাকৰি কৰিবলৈ বাধ্য হ’লোঁ৷

বিভিন্ন সমস্যাৰ মাজেদি আপুনি বিশ্ব পুলিচ মীটত তিনিটাকৈ স্বর্ণপদক অর্জন কৰি দেশবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হৈছে৷ এয়া কিদৰে সম্ভৱ হ’ল?
ভাৰতীয় দলৰ জার্ছী পৰিধান কৰি আন্তর্জাতিক প্রতিযোগিতাত অংশগ্রহণ কৰাৰ সপোন মোৰ বহুদিনীয়া৷ বিশ্ব পুলিচ মীটৰ জৰিয়তে মোৰ সেই সপোন পূৰ নহ’ল৷ প্রতিযোগিতাখন অনুষ্ঠিত হৈছিল আমেৰিকাৰ আলাবামাত৷ ২০২৪ চনৰ নৱেম্বৰত নতুন দিল্লীত আয়োজিত সর্বভাৰতীয় পুলিচ মীটত দাঙি ধৰা সাফল্যৰ বাবে মই বিশ্ব পুলিচ মীটত অংশগ্রহণ কৰিবলগীয়া ভাৰতীয় দলত স্থান লাভ কৰিছিলো৷ দিল্লীৰ প্রতিযোগিতাখনত মই ৬.৩৪ মিটাৰ জঁপিয়াইছিলো৷ অৱশ্যে বিশ্ব মীটত প্রতিদ্বন্দ্বিতা যথেষ্ট কঠিন আছিল৷ প্রতিযোগিতাখনত আমেৰিকা, অষ্ট্রেলিয়াকে ধৰি বিশ্বৰ ৭২খন শক্তিশালী দেশে অংশ লৈছিল৷ তাতে আকৌ মোৰ কোনো উন্নত প্রশিক্ষণৰ ব্যৱস্থা নাছিল৷ কিন্তু মই জীৱনৰ প্রথমখন আন্তর্জাতিক প্রতিযোগিতাত অংশগ্রহণৰ সুযোগৰ সদ্ব্যৱহাৰ কৰিব বিচাৰিছিলো৷ সেইবাবে মই চাকৰিৰ পৰা ছুটী লৈ কিছুদিন সৰুসজাই ষ্টেডিয়ামত কঠোৰ অনুশীলন কৰিছিলো৷ সেই সময়খিনিত মই দিন–ৰাতি একাকাৰ কৰি দিছিলো৷ নিপন দাসৰ অধীনত প্রশিক্ষণ গ্রহণ কৰাৰ উপৰি বুদ্ধ হাজৰিকাৰ সৈতেও মোৰ ফোনযোগে যোগাযোগ অব্যাহত আছিল৷ কঠিন অনুশীলনৰ সুফল মই আমেৰিকাৰ প্রতিযোগিতাখনত পাবলৈ সক্ষম হৈছোঁ৷ অৱশ্যে কিছুদিন আগৰ পৰা প্রতিযোগিতাস্থলীত উপস্থিত হ’ব পাৰিলে নিজকে অধিক খাপ খুৱাই ল’ব পাৰিলোঁহেঁতেন৷ তথাপি প্রতিযোগিতাখনত মই যথাসর্বস্ব উজাৰি দিছিলো আৰু তিনিটা ইভেণ্টত স্বর্ণপদক লাভ কৰিছিলো৷ মই লং জাম্পৰ উপৰি ট্রিপল জাম্প আৰু ১০০ মিটাৰ ৰীলেত স্বর্ণপদক আঁজুৰি আনিছিলো৷ মই লং জাম্পত মুখ্যতঃ অংশগ্রহণ কৰি আহিছোঁ যদিও অসমৰ হৈ এতিয়াও দৌৰত অংশগ্রহণ কৰি আছোঁ৷ বিশ্ব পুলিচ মীটলৈ যোৱাৰ পূর্বে পাটিয়ালাত অনুষ্ঠিত বাছনি শিবিৰত মোক ১০০ মিটাৰ ৰীলেৰ বাবেও ভাৰতীয় দললৈ নির্বাচিত কৰা হৈছিল৷ এনেদৰেই মই বিশ্ব প্রতিযোগিতাখনত বিভিন্ন বাধা নেওচি সফল হ’বলৈ সক্ষম হ’লোঁ৷

আপুনি উত্তৰাখণ্ডত অনুষ্ঠিত ৰাষ্ট্রীয় ক্রীড়াত অসমক প্রতিনিধিত্ব কৰাৰ সুযোগ পাইছিল৷ কিন্তু প্রতিযোগিতাখনত খেলিবলৈ নগ’ল৷ ৰাষ্ট্রীয় ক্রীড়াত আপোনাৰ পদক জয়ৰ সুযোগ কিমান আছিল?
ৰাষ্ট্রীয় ক্রীড়াত মই অসমক প্রতিনিধিত্ব কৰাৰ সুযোগ পাইছিলো৷ কিন্তু অসম ৰাইফলছৰ ফালৰ পৰা মোক এৰি নিদিয়া বাবে ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণ কৰাৰ বাবে যাব নোৱাৰিলোঁ৷ অথচ খেলিবলৈ গ’লে মোৰ পদক নিশ্চিত আছিল৷ কিয়নো ২০১৮ আৰু ২০২৪ চনত মই লং জাম্পত যিমান দূৰ জঁপিয়াইছিলো, তাতকৈ বহুত কম দূৰত্ব জঁপিয়াই বিগত ৰাষ্ট্রীয় ক্রীড়াত অন্য ৰাজ্যৰ খেলুৱৈয়ে পদক অর্জন কৰিছে৷ এনে সুযোগ জীৱনত সদায় নাহে৷ সেইবাবে মোৰ আক্ষেপ সদায় থাকিব৷ কিন্তু পৰৱর্তী সময়ত মই ৰাষ্ট্রীয় ক্রীড়াত অংশগ্রহণ কৰি ৰাজ্যবাসীক পদক উপহাৰ দিবলৈ সক্ষম হ’ম বুলি আশা কৰিছোঁ৷

নতুন বছৰটোত আপোনাৰ লক্ষ্য কি? অসম তথা দেশৰ হৈ খেলাৰ বাবে কিদৰে প্রস্তুতি চলাম বুলি ভাবিছে?
অহা বছৰ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অনুষ্ঠিত হোৱাৰ কথা৷ এই দুখন বৃহৎ প্রতিযোগিতাত ভাৰতক প্রতিনিধিত্ব কৰাৰ লক্ষ্যৰে মই প্রস্তুতি আৰম্ভ কৰিছোঁ৷ ইতিমধ্যে মই কঠোৰ অনুশীলন আৰু প্রস্তুতি চলাবলৈ কেইমাহমানৰ বাবে বিভাগীয় কর্তৃপক্ষক ছুটী বিচাৰি আবেদন বিচাৰিছোঁ৷ আবেদন মঞ্জুৰ হ’লে মই সৰুসজাই ষ্টেডিয়ামত শীঘ্রে নিপন দাসৰ তত্ত্বাৱধানত অনুশীলন আৰম্ভ কৰিম৷ প্রতিযোগিতা দুখনত যোগ্যতা অর্জন আৰু পৰৱর্তী সময়ত পদক অর্জনৰ বাবে কঠোৰ পৰিশ্রম কৰিবলৈ মই সাজু হৈছোঁ৷

এগৰাকী ব্যক্তিগত প্রশিক্ষক আৰু অসম চৰকাৰৰ অধীনত এটা চাকৰিৰ আপোনাক অতিশয় প্রয়োজন৷ ইয়াৰ বাবে আপুনি চৰকাৰ তথা ক্রীড়া বিভাগক কি আবেদন জনাব?
মই সদায় অসম আৰু দেশৰ হৈ খেলিব বিচাৰোঁ৷ কিন্তু আছাম ৰাইফলছত চাকৰি কৰাৰ বাবে মোৰ এই ইচ্ছা বাধাগ্রস্ত হৈছে৷ অসমৰ হৈ খেলাৰ বাবে নির্বাচিত হোৱা সত্ত্বেও মই কেইবাখনো প্রতিযোগিতাত নিজ ৰাজ্যৰ হৈ খেলিব নোৱাৰিলোঁ৷ চাকৰিটো মোৰ কেৰিয়াৰ অব্যাহত ৰখাৰ বাবে আৰু ঘৰখনৰ বাবে অধিক প্রয়োজন যদিও বহুক্ষেত্রত ই বোজা হৈ পৰিছে৷ অসম তথা দেশক পদক দিব পৰাকৈ মোৰ প্রদর্শন উন্নত৷ কিন্তু খেলিবলৈ সুযোগ দিয়া নাই বিভাগীয় কর্তৃপক্ষই৷ সেইবাবে মই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে ৰাজ্য চৰকাৰৰ ক্রীড়া বিভাগক অনুৰোধ জনাওঁ যাতে অসম চৰকাৰৰ অধীনত কোনো এটা বিভাগত চাকৰি দিয়ক৷ মোক অসমতে এটা চাকৰি দিয়ক, মই দেশক পদক দিম৷ তদুপৰি মোক এগৰাকী ব্যক্তিগত প্রশিক্ষক–ফিজি’ৰ ব্যৱস্থা কৰি দিবলৈও চৰকাৰক অনুৰোধ জনাইছোঁ৷ বিশেষকৈ বিশ্ব পুলিচ মীটত অংশগ্রহণৰ পিছত মই এগৰাকী ব্যক্তিগত প্রশিক্ষকৰ প্রয়োজন অনুভৱ কৰিছোঁ৷ আশা কৰোঁ, মোৰ অনুৰোধৰ প্রতি চৰকাৰে গুৰুত্ব প্রদান কৰিব৷ অন্যথা মই খেলুৱৈ জীৱনত হয়তো আশা কৰা ধৰণে সফলতা কঢ়িয়াই আনিবলৈ সক্ষম নহ’ম৷

You might also like