সুকন্যা : NSDৰ প্রথমগৰাকী অসমীয়া মহিলা স্নাতক পূর্ণিমা পাঠক শইকীয়াৰে সাক্ষাৎকাৰ
সাক্ষাৎ গ্রহণ : অনুভৱ পৰাশৰ
ফোন : ৯৮৬৪৭–৩৪৭৯৮
আপোনাৰ জন্ম আৰু শৈশৱৰ বিষয়ে কওকচোন৷
মোৰ জন্ম হৈছিল নাজিৰাত৷ দেডতা চাকৰি সূত্রে তেতিয়া নজিৰাত আছিল৷ মোৰ জন্মৰ কিছুদিন পিছতে দেউতা যোৰহাটলৈ বদলি হৈ আহিল আৰু মোৰ শৈশৱটো পাৰ হয় যোৰহাটত৷ মোৰ দেউতা আছিল যোগেশ্বৰ শর্মা পাঠক আৰু মা যোগেশ্বৰী দেৱী৷ দেউতাই পুলিচত চাকৰি কৰিছিল আৰু আৰক্ষী অধীক্ষক হিচাপে অৱসৰ গ্রহণ কৰিছিল৷ দেউতা বৰ কাঢ়া মানুহ আছিল৷ আমি দেউতাক বৰ ভয় কৰিছিলো৷ যোৰহাটতে শিক্ষা জীৱন আৰম্ভ কৰিছিলো আৰু তাৰ পৰাই মেট্ৰিক দি উচ্চ শিক্ষা ল’বৰ বাবে গুৱাহাটীলৈ আহিলোঁ আৰু গুৱাহাটীৰ প্রাগজ্যোতিষ মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ লওঁ৷
ছবিৰ যোগেদি আপুনি অভিনয় জগতত প্রথম প্রৱেশ কৰিছিল৷ কেনেকৈ ছবিজগতলৈ আহিল?
যোৰহাটত মই অভিনয়ৰ সৈতে বিশেষভাৱে জড়িত নাছিলো৷ গুৱাহাটীত কলেজত পঢ়িব আহিহে মই অভিনয়ৰ ক্ষেত্রখনত সোমাই পৰিলোঁ৷ এবাৰ পৰিচালক ইন্দুকল্প হাজৰিকা পৰিচালিত ‘মানৱ আৰু দানৱ’ ছবিখনত আমি কলেজৰ বহুকেইগৰাকী বান্ধৱীয়ে কলেজীয়া ছোৱালীৰ দৃশগ্রহণত অংশগ্রহণ কৰিছিলো৷ চিনেমাৰ চিত্রগ্রহণ কেনেকৈ হয় তেতিয়া প্রথম দেখিছিলো৷ আমি কেৱল ছাত্রী হিচাপে অভিনয় কৰিব লাগে৷ সেইদিনা শ্বুটিং শেষ হোৱাৰ পিছত পৰিচালক আৰু কেমেৰামেনে মোক অভিনয় কৰিম নেকি সুধিলে৷ মই অভিনয় নকৰোঁ বুলি ক’লোঁ৷ কাৰণ মোৰ দেউতা খুব কাঢ়া আছিল৷ গতিকে দেউতাই অভিনয় কৰিবলৈ দিয়াৰ কথাই নাই৷ কিন্তু তেওঁলোকে ঘৰলৈ গৈ মোৰ দেউতাৰ সৈতে কথা পাতিলে আৰু দেউতাৰ অনুুমতি আদায় কৰিলে৷ ছবিখনত মই অভিনয় কৰিবলগীয়া অংশৰ শ্বিলঙত চিত্রগ্রহণ কৰা হৈছিল৷ মই আৰু মা শ্বিলঙলৈ গৈছিলো৷ ছবিখনত এগৰাকী উগ্র আধুনিকাৰ চৰিত্রত অভিনয় কৰিবলগীয়া হৈছিল৷ প্রথম অভিনয় জগতত সোমায়েই এগৰাকী আধুনিকতাৰ চৰিত্রত অভিনয় কৰিবলগীয়া হোৱাত অলপ ইতঃস্ততবোধ কৰিছিলো৷ যিয়েই নহওক, তাৰ পিছৰে পৰা মই বহু ছবিত অভিনয় কৰিবলৈ সুযোগ পাইছিলো৷
আপুনি অভিনয় কৰা ছবিসমূহৰ বিষয়ে কওকচোন৷
‘মানৱ আৰু দানৱ’ত অভিনয় কৰাৰ পিছত বিশিষ্ট চলচ্চিত্র পৰিচালক ব্রজেন বৰুৱাৰ দৃষ্টি পৰিছিল মোৰ প্রতিভাত৷ তেওঁ ‘ললিতা’ ছবিৰ প্রধান চৰিত্রৰ বাবে মোক নির্বাচিত কৰিলে৷ তাৰ পিছত ‘উপগ্রহ’ ছবিত বিজয় শংকৰৰ বিপৰীতে অভিনয় কৰোঁ৷ পৰৱর্তী সময়ত সন্ধ্যাৰাগ, দূৰণিৰ ৰং, সোণৰ হৰিণ, আজলী নবৌ, হালধীয়া চৰায়ে বাও ধান খায়, সূৰুয, এই দেশ মোৰ দেশ, প্রিয়জন, দাগ, অন্য এক যাত্রা, প্রেম ভৰা চকুলো, জয়মতী, অদম্য, কানন, বৰলাৰ ঘৰ আদি ৩৫খনৰো অধিক ছবিত অভিনয় কৰিছোঁ৷
আপুনি ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ অসমৰ প্রথমগৰাকী মহিলা স্নাতক৷ এইক্ষেত্রত ‘ৰাষ্ট্রীয় নাট্য বিদ্যালয়’লৈ যোৱাৰ সুযোগ কেনেকৈ পাইছিল?
ইতিমধ্যে মই ১০খন মান ছবিত অভিনয় কৰি সকলোৰে মাজত পৰিচিত হৈ পৰিছিলো৷ সেই ছবিবোৰত নায়িকা তথা মূল চৰিত্রত অভিনয় কৰিছিলো৷ সেই সময়তে ‘ৰাষ্ট্রীয় নাট্য বিদ্যালয়’ৰ পৰা শিক্ষা গ্রহণ কৰি অহা বিশিষ্ট নাট্যশিল্পী দুলাল ৰয়ৰ নেতৃত্বত সাংসৃকতিক সঞ্চালকালয়ত এটি নাট শাখা খোলা হৈছিল৷ এই নাট বিভাগত নাট্য শিল্পীৰ প্রয়োজন হোৱাত বিজ্ঞাপন প্রকাশ কৰা হৈছিল আৰু তেতিয়া মই নাট শাখাত অভিনয় শিল্পী হিচাপে সাক্ষাৎকাৰ দি নির্বাচিত হৈছিলো৷ সেই সময়ত মোৰ লগতে হেমন্ত দত্ত, প্রাঞ্জল শইকীয়া, ৰবীন নেওগ, চেতনা দাস আদিয়ে নাট্য শিল্পী হিচাপে যোগদান কৰিছিল৷ দুলাল ৰয়ৰ পৰিচালনাত নাট বিভাগৰ জৰিয়তে আমি চৰকাৰী ইন্সপেক্টৰ, আহাৰ, আধে অধুৰে, জন্ম, মেন ডইদাডট শ্বেড, ফাতেমা বিবিৰ ঘৰ আদি বিখ্যাত নাটকত অভিনয় কৰি দর্শকৰ মাজত জনপ্রিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলো৷ বিশেষকৈ ‘ফাতেমা বিবিৰ ঘৰ’ নাটকত মই ২০–২১ বছৰীয়া ছোৱালীজনীয়ে ৬০ বছৰীয়া বৃদ্ধ এগৰাকীৰ চৰিত্রত অভিনয় কৰিছিলো৷ সেই সময়তে দুলাল ৰয়ে আমাক ৰাষ্ট্রীয় নাট্য বিদ্যালয়ত নাট্য শিক্ষা লোৱাৰ বাবে উৎসাহিত কৰিছিল৷ ইতিমধ্যে প্রাঞ্জল শইকীয়া নাট্য বিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ গৈছিল আৰু তাৰ পিছৰ বছৰতে মই ৰাষ্ট্রীয় নাট্য বিদ্যালয়ত নামভর্তি কৰোঁ আৰু ১৯৭৮–১৯৮১ চনলৈ ৰাষ্ট্রীয় নাট বিদ্যালয়ত অধ্যয়ন কৰি তাৰ পৰা স্নাতক ডিগ্রী লাভ কৰোঁ৷ সেই সময়ত মই দহখনৰো অধিক ছবিত অভিনয় কৰি ৰাষ্ট্রীয় নাট বিদ্যালয়ত নাটক শিকিবলৈ যোৱাত বহুতে আচৰিত হৈছিল৷ আৰুনো কি শিকিবলগীয়া আছে বুলি কৈছিল৷ কিন্তু ৰাষ্ট্রীয় নাট্য বিদ্যালয়ে মোক নাটকৰ এখন নতুন জগতৰ সৈতে চিনাকি কৰি দিলে৷ বহু নাট্য ব্যক্তিত্বক লগ পোৱাৰ সুযোগ পালোঁ আৰু শিকিব পাৰিলোঁ বহু কথা৷
আপুনি ৰাষ্ট্রীয় নাট্য বিদ্যালয়ত থকা সময়ত বিশেষ স্মৃতি?
আচলতে মই বহু শিল্পীক লগ পোৱাৰ সুযোগ পাইছিলো৷ নাচিৰুদ্দিন শ্বাহৰ পত্নী ৰত্না আৰু মই একেটা কোঠাতে আছিলো৷ তালৈ নাচিৰুদ্দিন আহে৷ মই তেওঁলোকক চাহ বনাই খুৱাইছিলো৷ আমাৰ হোষ্টেললৈ অনুুপম খেৰ, স্মিতা পাটিল, ওম পুৰী, শ্বাৱনা আজমী আদি আহিছিল আৰু বহু শিল্পীৰ সৈতে আত্মিক সম্পর্ক হৈছিল৷
তাৰ পৰা অসমলৈ আহি আপুনি কেনেকৈ ব্যস্ত হৈ পৰিছিল?
অসমলৈ আহি একাণপতীয়াকৈ নাট্যক্ষেত্রত কাম কৰিলোঁ৷ পৰবর্তী সময়ত পুনে ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিডটতো প্রশিক্ষণ পাঠক্রম গ্রহণ কৰিছিলো৷ সেই সময়তে মই ভ্রাম্যমাণ থিয়েটাৰত এবছৰ অভিনয় কৰি এক অভিজ্ঞতা অর্জন কৰিলোঁ৷ অনির্বাণ থিয়েটাৰত মই ‘কনকলতা’ৰ চৰিত্রত অভিনয়ত কৰি যথেষ্ট জনপ্রিয়তা লাভ কৰিছিলো৷ কোনো কোনো ঠাইত এনিশাত চাৰিটা প্রদর্শনী কৰিবলগীয়া হৈছিল৷
আপোনাৰ কর্মজীৱনৰ বিষয়ে কওকচোন৷
তেতিয়া প্রথম দূৰদর্শন আহিছে৷ সেই সময়তে ইউপিএছচিৰ পৰা এটি বিজ্ঞাপন প্রকাশ পাইছিল বিভিন্ন বিষয়া পদৰ নিযুক্তিৰ বাবে৷ মোৰ মামা আছিল আকাশবাণীৰ বিষয়া অৱন বৰপূজাৰী৷ তেওঁ মোক আবেদন জনাবলৈ উৎসাহিত কৰিলে৷ মই আবেদন কৰিলোঁ আৰু এদিন পৰীক্ষা দি দূৰদর্শনত কর্মজীৱন আৰম্ভ কৰি শেষত ২০১৫ চনত অনুষ্ঠান পিপিচিৰ অতিৰিক্ত সঞ্চালক হিচাপে অৱসৰ গ্রহণ কৰোঁ৷ তেতিয়া দূৰদর্শনত থাকোঁতে মই বিভিন্ন নাটক, নৃত্য–নাটিকা আৰু উত্তৰ–পূর্বাঞ্চলৰ সকলো ৰাজ্যৰ জনগোষ্ঠীৰ বিভিন্ন অনুষ্ঠান প্রযোজনা কৰিছিলো৷
আপুনি নাট্যশিল্পী হিচাপে বহু নাটকত অভিনয় কৰিছে৷ নাটক আৰু চলচ্চিত্র কোনটো মাধ্যম আপোনাৰ প্রিয়?
নাটক মই বেছি ভাল পাওঁ৷ এতিয়ালৈকে ৮০খনৰো মঞ্চ নাটকত অভিনয় কৰিছো৷ ১৯৭৫ চনৰ পৰা আকাশবাণীৰ নাটকত অভিনয় কৰি আহিছোঁ৷ বর্তমান মই ‘এ’ গ্রেডৰ শিল্পী হিচাপে স্বীকৃতি পাইছেছা৷ ১৯৭৬ চনত নতুন দিল্লীৰ ৰাষ্ট্রপতি ভৱনত ‘হাউছ অৱ বার্নাডা আলভা’ নাটকৰ মুখ্য চৰিত্রত অভিনয় কৰিছিলো৷ তদুপৰি দূৰদর্শনযোগে শতাধিক তথ্যচিত্রৰ প্রযোজনা কৰিছোঁ, বিভিন্ন ধাৰাবাহিকত অভিনয় কৰিছেছা৷ এগৰাকী অভিনেত্রীয়েই নহয়, পৰিচালক হিচাপেও মই আত্মপ্রকাশ কৰিছিলো৷ ‘নলঙা মুখৰ অনুভৱ’, ‘ৰাধা কুন্তী ইত্যাদি’, ‘স্বর্গাদপী গৰীয়সী’, ‘মহিষামর্দিনী’, ‘সংগীতবিহীন জীৱন’ আদি নাট পৰিচালনা কৰিছোঁ৷ আনহাতে স্বামী প্রাঞ্জল শইকীয়াৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰিছিলো ‘এচেৰেঙা ৰ’দ’ নাটখন৷ বীৰ চিলাৰায় দিৱস উপলক্ষে মহানগৰীৰ লাচিতঘাটত মুকলি আকাশৰ তলত ব্যয়বহুল প্রযোজনাৰে মঞ্চস্থ হোৱা ‘বীৰ চিলাৰায়’ৰ ৰচনা–পৰিচালনা আৰু পৰিকল্পনা আছিল মোৰ৷ প্রায় ডেৰশ শিল্পীক লৈ এনে এখন নাট প্রদর্শন কৰাটো আছিল এক প্রত্যাহ্বান৷
আপুনি বহুকেইখন শিশু নাট পৰিচালনা কৰিছে৷ সেই বিষয়ে জনাওকচোন৷
শিশুসকলক নাটকৰ মাজেৰে ভাষা–সাহিত্য–সংসৃক শিক্ষা দিয়াৰ বাবে সদায় চেষ্টা কৰি আহিছোঁ৷ ‘গতি অসম’ৰ দ্বাৰা বিগত কেইবছৰমান ধৰি প্রতিবছৰে শিশু নাট কর্মশালাত সঞ্চালকহিচাপে থাকি নাটসমূহৰ পৰিচালক হিচাপে বহুকেইখন নাটক পৰিচালনা কৰি আহিছোঁ আৰু শিশুসকলৰ দ্বাৰা মোৰ পৰিচালনাত হৰেন্দ্রনাথ বৰঠাকুৰ ‘ৰজাৰ দেউল, কৰুণা ডেকাৰ ‘পানচৈ, ‘ফুল আৰু মালিনী’, প্রভাত গোস্বামীৰ ‘বটলৰ অসুৰ’ আদি নাটক শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মঞ্চস্থ কৰা হৈছে৷
আপুনি ভাৰতৰ বাহিৰৰ বিভিন্ন ঠাইত অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈছিল৷ সেই বিষয়ে কওকচোন৷
১৯৮৯ চনত ইজিপ্তৰ কাইৰোত অনুষ্ঠিত দ্বাদশ আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ভাৰতীয় প্রতিনিধি হিচাপে যোগদান কৰিছিলো৷ আনহাতে অসমৰ সাংস্কৃতিক দলৰ সৈতে ২০০৩ চনত ইংলেণ্ডৰ বহুকেইখন ঠাই ভ্রমণ কৰিছিলো৷ ২৯দিনীয়া এই কার্যসূচীত অসমৰ বিভিন্ন সাংস্কৃতিক কার্যসূচী প্রদর্শন কৰা হৈছিল৷
আপুনি নাট্যকাৰৰ লগতে গল্পকাৰ হিচাপেও আত্মপ্রকাশ কৰিছে৷ আপোনাৰ প্রকাশিত গ্রন্থৰ বিষয়ে জানিব বিচাৰোঁ৷
মই মাজে মাজে গল্প লিখিছিলো আৰু সেইবোৰ বিভিন্ন কাকত, আলোচনীত প্রকাশ পাইছিল৷ বিশেষকৈ ‘নন্দিনী’ আলোচনীত বহুকেইটা গল্প প্রকাশ পাইছিল৷ ‘সংগীতবিহীন জীৱন’, ‘গল্পহে নাটক নহয়’ শীর্ষক দুখন নাট্য সংকলন আৰু ‘মানুহ বেয়া পোৱা ছোৱালীজনী’ নামৰ এখন গল্প সংকলন ২০২২ চনত প্রকাশ পাইছিল৷ ‘সংগীতবিহীন জীৱন’ গ্রন্থখনত নাটখন অসমীয়াৰ লগতে ইংৰাজী আৰু হিন্দী ভাষাতো অনুবাদ কৰি প্রকাশ কৰা হৈছিল৷ মোৰ বাহিৰৰ বহু বন্ধুৱে নাটখন বিচাৰিছে আৰু হিন্দী আৰু ইংৰাজী ভাষাত তেওঁলোকে মঞ্চস্থ কৰিব বিচাৰিছে৷ গ্রন্থখন ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ পুথিভঁৰালত সংৰক্ষিত হৈ আছে৷ মোৰ গ্রন্থকেইখন প্রকাশ কৰিছে ‘চিন্তামণি প্রকাশন’–এ৷
বিশিষ্ট শিল্পী প্রাঞ্জল শইকীয়াৰ সৈতে আপোনাৰ প্রেম, বিবাহ, সংসাৰৰ বিষয়ে কওকচোন৷
মোৰ স্বামী অভিনেতা প্রাঞ্জল শইকীয়াৰ ঘৰ যোৰহাটতে৷ তেওঁ মোৰ এগৰাকী বান্ধৱী মঞ্জুলা বৰুৱাৰ ককায়েক৷ কিন্তু যোৰহাটত তেওঁৰ সৈতে মোৰ সিমান কথা–বার্তা হোৱা নাছিল৷ গুৱাহাটীত যেতিয়া ৰবীন্দ্র ভৱনৰ নাট শাখাত যোগদান কৰিছিলো তেতিয়া তেওঁক ওচৰৰ পৰা পাইছিলো৷ ক্রমে আমি দুয়ো দুয়োকে বুজিব ধৰিলো৷ সেই সময়তে তেওঁ নতুন দিল্লীৰ ৰাষ্ট্রীয় নাট্য বিদ্যালয়লৈ গুচি গ’ল৷ লাহে লাহে মোৰ ঘৰত আমাৰ সম্পর্কৰ কথাটো গম পালে৷ কিন্তু দেউতাই কোনোপধ্যেই মানি নল’লে, কিয়নো আমি আছিলো ব্রাহ্মণ৷ সেই সময়ত সেইবোৰ কথা যেন ভাবিব নোৱাৰা কথা আছিল৷ দেউতাই মোৰ ঘৰৰ পৰা ওলোৱাটো বন্ধ কৰি মোৰ বিয়াৰ আয়োজন কৰিলে আর্মীৰ এজন মেজৰৰ লগত৷ ইফালে মোৰ ভাইটিয়ে মোক সহায় কৰিলে৷ প্রাঞ্জলক জনালে আৰু তেওঁ দিল্লীৰ পৰা গুচি আহি একপ্রকাৰ ভাইটিৰ সহযোগত আমি ঘৰৰ অমতত সংসাৰ কৰিবলৈ ওলাই আহিলোঁ৷ আনুষ্ঠানিকভাৱে বিয়া নোহোৱাকৈ প্রাঞ্জলৰ ঘৰত সোমোৱাত বাধা আহিল৷ আমি দিল্লীলৈ গুচি গ’লোঁ৷ দিল্লীত মোৰ মামা অৱন বৰপূজাৰী আছিল৷ ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ বহুতে সহায় কৰিলে৷ আনকি সেই সময়ৰ ৰাজ্যসভাৰ সদস্য চৈয়দ আব্দুল মালিকৰ দিল্লীৰ আৱাসত আমি বহুদিন থাকিলোঁ৷ ইতিমধ্যে ময়ো এনএছডিত নামভর্তি কৰিলোঁ আৰু এনেকৈয়ে আৰম্ভ হ’ল আমাৰ যুগ্মজীৱন৷ আমাৰ এজন ল’ৰা–বোৱাৰী আৰু নাতিনী আছে৷ তদুপৰি মই এজন কার্বি ল’ৰাক সৰুৰে পৰা নিজৰ ল’ৰা হিচাপে ৰাখি পঢ়া–শুনা কৰাই ডাঙৰ–দীঘল কৰিছোঁ৷ বর্তমান সি বি এ পঢ়ি আছে৷
আপুনি এতিয়ালৈকে লাভ কৰা বিভিন্ন বঁটা, সন্মানৰ বিষয়ে জানিব বিচাৰোঁ৷
মই ২০১৭ চনত বিশ্বকণ্ঠ ড০ ভূপেন হাজৰিকা ৰাষ্ট্রীয় বঁটা, ২০২৩ চনত শিল্পী আইদেউ সন্দিকৈ বঁটা, ২০২১ চনত ইন্দ্র বণিয়া বঁটা, ২০১৯ চনত ইভা আচাও মেম’ৰিয়েল বঁটা, ২০২৩ চনত বীণা প্রসাদ বঁটা, ২০১৫ চনত জ্যোতিৰূপা বঁটা, ২০১৩ চনত প্রাগ চিনে এৱার্ড আদিৰ লগতে কেইবাটাও অনুষ্ঠান আৰু অসম চৰকাৰে জীৱনজোৰা সাধনা বঁটা প্রদান কৰিছে৷
আপুনি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ সৈতে জডিত হৈ আছে৷ সেই বিষয়ে অলপ জনাব নেকি?
মই সামাজিক কামৰ সৈতে জডিত থাকি ভাল পাওঁ৷ আমি শিল্পী–সাহিত্যিকসকল্ সমাজৰ প্রতি সদায় দায়বদ্ধ হৈ থকা উচিত বুলি ভাবোঁ৷ শিক্ষা–দীক্ষাৰ ক্ষেত্রত আর্থিকভাৱে পিছপৰা বহু লোকক মই আর্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে বহু ৰুগীয়া ব্যক্তিক আর্থিকভাৱে সহায় কৰি আহিছোঁ৷ বহু দুখীয়া শিক্ষার্থীক নামভর্তি কৰা, কিতাপ–পত্রৰ বাবে প্রয়োজন হোৱা ধন আদি দিবলৈ চেষ্টা কৰি আহিছেছা৷ তদুপৰি বিভিন্ন সময়ত বিশেষকৈ বানপানীৰ সময়ত বিভিন্ন ঠাইত নিজে উদ্যোগ লৈ বস্ত্র তথা খাদ্যসামগ্রী বিতৰণ কৰি আহিছোঁ৷ আর্থিকভাৱে পিছপৰা শিল্পীসকলৰ প্রতিও মই সদায় সহযোগিতা আগবঢ়াবৰ চেষ্টা কৰি আহিছেছা৷ শিল্পী হিচাপে মই সহযোগী শিল্পীসকলৰ সুখ–দুখৰ সমভাগী হ’ব বিচাৰোঁ৷ নিজে কেতিয়াও কোনো অনুষ্ঠানৰ পৰা আর্থিক সুবিধা গ্রহণ কৰা নাই৷ এবাৰ মই চিকিৎসাধীন হৈ থকা সময়ত চলচ্চিত্র আৰু বিত্ত ডন্নয়ন নিগমৰ পৰা মোলৈ আর্থিক সাহায্য আগবঢ়াব বিচাৰিছিল যদিও তাক গ্রহণ নকৰি কোনো আর্থিকভাৱে দুর্বল শিল্পীক প্রদান কৰাৰ বাবে পৰামর্শ আগবঢ়াইছিলো৷ কেন্দ্রীয় চৰকাৰৰ চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰা এগৰাকী বিষয়া হিচাপে মই পেন্সন লাভ কৰাৰ লগতে চিকিৎসা ব্যয়ৰো সুবিধা লাভ কৰোঁ৷ গতিকে সেই ধন আন এজন শিল্পীক দিলে অধিক কামত আহিব বুলি মই অনুভৱ কৰোঁ৷ আনহাতে মই ‘ৰসসিন্ধু’ আৰু ‘সুনাগ পথাৰ নাট মেলা’ নামৰ অনুষ্ঠানৰ সভাপতি হিচাপে কার্যনির্বাহ কৰি আছো৷ আনহাতে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ কার্যবাহী সদস্য, ৰাষ্ট্রীয় নাট্য বিদ্যালয়ৰ পেনেল সদস্য, গতি অসম, চচল মহিলা সংঘ আদিৰ উপদেষ্টা হিচাপে জড়িত হৈ আছোঁ৷
এগৰাকী সফল আৰু জ্যেষ্ঠ শিল্পী হিচাপে নতুন প্রজন্মলৈ আপোনাৰ পৰামর্শ?
কেৱল শিল্পী বুলিয়েই যিকোনো কর্মক্ষেত্রত সফল হ’বলৈ কঠোৰ পৰিশ্রম, সাধনা আৰু অধ্যয়নৰ অতি প্রয়োজন৷ তদুপৰি থলুৱা কৃষ্টি–সংস্কৃতি আৰু মাতৃভাষাৰ প্রতি দায়িত্বশীল হৈ কাম কৰিলেহে সফলতা লাভ কৰিব পাৰি৷ মাতৃভাষাক সন্মান কৰা আৰু গভীৰ অধ্যয়ন কৰিলেহে আমি ভৱিষ্যৎ প্রজন্মৰ পৰা এখন ভাল সমাজ আশা কৰিব পাৰিম৷ মাতৃভাষাৰ শিক্ষাৰ ক্ষেত্রত অভিভাৱকসকল বিশেষকৈ মাতৃসকল অধিক সজাগ হোৱা প্রয়োজন৷ মাতৃসকলৰ সচেতনতা অবিহনে মাতৃভাষাৰ ভৱিষ্যৎ অন্ধকাৰ আৰু মাতৃভাষাৰ ভৱিষ্যৎ অন্ধকাৰ মানে এটা জাতিৰ ভৱিষ্যৎ অন্ধকাৰ৷ গতিকে প্রতিজন শিল্পী আৰু উঠি অহা প্রজন্মই মাতৃভাষাৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব৷ কাৰণ ভাষা থাকিলেহে আমি আমাৰ প্রতিভা প্রকাশ কৰিব পাৰিম৷