নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : পদপথত ব্যৱসায় কৰা প্রিয়দর্শিনী অনামিকা স্মৃতা স্মৃতিৰেখাহঁতৰ কথাৰে

উৎপল কুমাৰ কলিতা

তেওঁলোকৰ দুচকুত সপোনৰ জলমল আৱেশ৷ সেই সপোন স্বাৱলম্বিতাৰ, সেই সপোন স্বাধীনতাৰ৷ অর্থনৈতিক সংগ্রামৰ তেওঁলোক সাহসী ৰণুৱা৷ ফুটপাথতে তেওঁলোকে সেই সপোনৰ ডেউকা মেলি দিয়ে৷ তেওঁলোক আগবাঢ়ে প্রত্যস আৰু সাহসেৰে৷

তেনে এগৰাকী যুৱতী হ’ল প্রিয়দর্শিনী হাজৰিকা৷ যোৰহাটৰ প্রিয়দর্শিনীক হয়তো আপুনি চিনি পাব৷ কাৰণ এটা সময়ত তেওঁৰ কর্মস্থান আছিল গুৱাহাটী৷ বৈদ্যুতিন সংবাদ মাধ্যমৰ লগত এংকৰ, সাংবাদিক হিচাপে পৰিচিত আছিল প্রিয়দর্শিনী৷ কিন্তু পিতৃৰ শৰীৰ অসুস্থ হৈ থকাৰ বাবে গুৱাহাটীৰ চাকৰি এৰি যোৰহাটৰ ঘৰত থাকিবলৈ লয়৷ প্রথমে যোৰহাটত গৈ এখন বুটিকৰে স্বাৱলম্বিতা আৰম্ভ কৰা প্রিয়দর্শিনী সম্প্রতি চর্চিত হৈ পৰিছে তেওঁৰ ষ্টল ‘মৌপ্রিয়া’ৰে৷ গুৱাহাটীত থকাৰ সময়তে তেওঁক আকৃষ্ট কৰিছিল দীঘলীপুখুৰীৰ পাৰত থকা খাওগলিয়ে৷ তেওঁ সপোন দেখিছিল খাওগলিত এখন ষ্টল খুলি স্বাৱলম্বী হোৱাৰ৷ কিন্তু প্রশাসনে দীঘলীপুখুৰী পাৰৰ খাওগলি উচ্ছেদ কৰাত তেওঁ গুৱাহাটীত সেই সপোন পূৰণ কৰিব নোৱাৰিলে৷ কিন্তু যোৰহাটৰ বুকুত তেওঁ সপোন বাস্তৱ কৰাৰ পথত আগবাঢ়িল৷ যোৰহাট নেহৰু পার্ক চাৰিআলিত তেওঁ আৰম্ভ কৰিলে সপোনৰ যাত্রা৷ সৰু এখন মুকলি ষ্টল৷ সেই ষ্টলখনতে তেওঁ এতিয়া স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে৷ সন্ধিয়া সময়ত তেওঁ ‘মৌপ্রিয়া’ নামৰ ষ্টলখনত বিক্রী কৰে বিভিন্ন ফলৰ ৰস৷ ক্রেতাৰ পৰা সঁহাৰিও লাভ কৰিছে আশাব্যঞ্জকভাৱে৷ সু–গায়িকা হিচাপে পৰিচিত প্রিয়দর্শিনীয়ে অসমীয়া, হিন্দী গীতৰ সোৱাদো দিয়ে মাজে মাজে ক্রেতাক৷ প্রিয়দর্শিনীয়ে প্রকাশ কৰা মতে ‘এয়া মোৰ স্বাৱলম্বিতাৰ সপোন৷ মই বিচাৰো আমাৰ থলুৱা যুৱক–যুৱতীসকল এইদৰে ওলাই আহক৷ ফুটপাথৰ কাষতো গঢ়িব পাৰি স্বাৱলম্বিতা৷’

গুৱাহাটী জাপৰিগোগৰ দুর্গামন্দিৰৰ সমীপত ৰাজপথৰ কাষত এখন সৰু ষ্টল৷ ষ্টলখনৰ নামতো দেখিলেই মানুহৰ আকর্ষণ জন্মে৷ এই ষ্টলখনৰ নাম ‘কথোপকথন অফলাইন৷’ ইয়াৰ গৰাকী স্মৃতা খাটনিয়াৰ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত বি.এড ডিগ্রী লোৱা স্মৃতা পৰিচিত এগৰাকী সুগায়িকা হিচাপে৷ স্মৃতাই পূর্বতে বিভিন্ন ব্যক্তিগত খণ্ডত চাকৰি কৰিছিল যদিও মনত আছিল নিজে কিবা এটা কৰাৰ সপোন৷ এই সপোনৰ বাস্তৱ ৰূপ দিয়াৰ বাবে তেওঁ আৰম্ভ কৰিলে এই ৰাজপথৰ কাষৰ সৰু ষ্টলখন৷ মহানগৰীৰ বুকুত ডাঙৰকৈ কিবা এটা কৰা সকলোৰে বাবে সম্ভৱ নহয়, কিন্তু সৰুকৈ হ’লেও সপোন দেখিব পাৰি এয়া স্মৃতাৰ কথা৷ এই ধাৰণাৰে স্মৃতাই সামর্থ্য অনুসাৰে নিজে ৰং কৰাৰ পৰা প্রায়বোৰ কাম কৰি গঢ় দিলে তেওঁৰ ষ্টলখন৷ চাহ, কফী, স্পাইৰেল পটেট’, মাকৈৰ বিভিন্ন মেনু আদি বিক্রী কৰে ইয়াতে৷ গ্রাহকৰ পৰাও ভাল সঁহাৰি পাইছে স্মৃতাই৷ স্মৃতাই প্রকাশ কৰা অনুসৰি সপোন পূৰ কৰিবলৈ কিম্বা নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিবলৈ সৰুকৈ আৰম্ভ কৰিও আগবাঢ়িব পাৰি৷ মাত্র প্রয়োজন যিটো কাম কৰা যায় তাৰ প্রতি ভালপোৱা৷

এগৰাকী মৰম লগা ছাত্রী৷ নাম তেওঁৰ অনামিকা গায়ন৷ নগাঁৱৰ পুৰণিগুদাম ড০ বি কে বি মহাবিদ্যালয়ৰ ছাত্রী অনামিকাই আজি পৰিচয় দিছে জীৱন যুঁজৰ সাহসী যোদ্ধা হিচাপে৷ দুবছৰ আগতে অনামিকাৰ পিতৃৰ এটা পথ দুর্ঘটনাত মৃত্যু ঘটে৷ ঘৰত মাতৃ আৰু ভাতৃ৷ পিতৃৰ মৃত্যুৰ পাছত অনামিকাহঁতৰ পৰিয়াললৈ নামি আহে গভীৰ সংকট৷ কিন্তু অনামিকাই হাৰ নামানিলে৷ বর্তমান অধ্যয়নৰ লগতে চলাই আছে ‘ব্লু বেৰি ষ্ট্রেট ফুড’ নামৰ এখন পদপথৰ ষ্টল৷ পুৰণিগুদাম কেঞাপট্টিৰ ৰাজপথৰ কাষত অনামিকাই স্থাপন কৰিছে ষ্টলখন৷ দিনত কলেজলৈ গৈ সন্ধিয়া ষ্টলখন খোলে অনামিকাই৷ মটকা চাহ, ম’ম’, চাওমিন আদি বিভিন্ন ফাষ্টফুড বিক্রী কৰে ষ্টলত৷ এইদৰে এতিয়া নিজৰ পঢ়া খৰচ, পৰিয়াল চলোৱা খৰচ উলিয়াইছে অনামিকাই৷ অনামিকাই কয়– ‘কামৰ সৰু–বৰ নাই৷ আমি সৰু কামটো মনটো ডাঙৰ কৰি সপোন দেখিব পাৰো৷ এয়া মোৰ সপোন স্বাৱলম্বী জীৱনৰ সপোন৷’ উল্লেখ্য, সাংস্কৃতিক ক্ষেত্রখনতো জড়িত অনামিকাই ধুনীয়াকৈ বিহু ঢ়োল বজাব পাৰে৷ ৰাসত ম’ম’ বিক্রী কৰি ক্রয় কৰিছিল জীৱনৰ প্রথমটো ঢ়োল৷ অনামিকা এগৰাকী নিপুণ খেলুৱৈও৷

পেৰাডাইছ গ্রীন৷ শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ৰাজপথৰ দাঁতিত এখন আকর্ষণীয় বিপণী৷ বিপণীখনত ব্যস্ত থাকে এগৰাকী যুৱতী৷ যুৱতীগৰাকীৰ নাম স্মৃতিৰেখা বৰগোহাঞি৷ শিমলুগুৰি চহৰত এতিয়া চিনাকি স্মৃতিৰেখাৰ পেৰাডাইছ গ্রীন৷ এক সৰগীয় অনুভূতিৰ সৃষ্টি কৰিবলৈ তেওঁ নিজহাতে সজাই তুলিছে তেওঁৰ ষ্টলখন৷ যিকোনো লোকে খোৱাৰ কথা বেলেগ ষ্টলখন দেখিলেই খন্তেক ৰৈ যায়৷ দিনটো শিক্ষাগত অর্হতা অর্জনৰ বাবে পঢ়া–শুনা কৰা স্মৃতিৰেখাই আবেলি ওলাই আহে ৰাজপথৰ কাষৰ তেওঁৰ সৰু ষ্টলখনলৈ৷ নিশালৈ বিক্রী কৰে ম’ম’, তণ্ডুৰি, চিকেনযুক্ত বিভিন্ন খাদ্য, চাওমিন আদি৷ নিশালৈ তেওঁ ব্যস্ত থাকে তেওঁৰ ব্যৱসায়ত৷ এগৰাকী যুৱতী হৈও তেওঁ কোনো বাধা নোহোৱাকৈ আগবাঢ়ি গৈ আছে দৃঢ়তা আৰু সাহসেৰে৷ ৰাষ্ট্রীয় পর্যায়ৰ খেলুৱৈ, ৰেফাৰী৷ অসম মহিলা টাইকোৱানডো দলৰ হৈ তেওঁ খেলুৱৈ, প্রশিক্ষক, মেনেজাৰ হিচাপে দেশৰ বিভিন্ন প্রান্তলৈ গৈছে৷ কিন্তু তাৰ পাছতো তেওঁ সপোনৰ যাত্রা আৰম্ভ কৰিছে পদপথৰ কাষৰ বিপণীৰ পৰা৷ মৃদুস্মৃতাৰ মতে ‘বৃহৎ ব্যৱসায় কৰিহে যে মানুহ স্বাৱলম্বী হ’ব পাৰি তেনে নহয়৷ সৰুকৈ পদপথৰ পৰাও আৰম্ভ কৰিব পাৰি যাত্রা, দেখিব পাৰে সপোন৷’

এইসকল যুৱতী উদাহৰণহে৷ আজি অসমৰ প্রান্তে প্রান্তে ওলাই আহিছে এনে বহু শিক্ষিত যুৱতী৷ তেওঁলোক হৈ পৰিছে স্বাৱলম্বিতাৰ আদর্শ৷ এইসকল যুৱতীক আমাৰ সমাজখনেও উৎসাহ যোগোৱা অতি প্রয়োজন৷

ফোনঃ ৯৩৯৪৯–২২৫২৭

You might also like