নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলোচনাক লৈ পৰেশ বৰুৱাৰ প্রতিক্রিয়াঃ তৰুণ গগৈতকৈ অভিজ্ঞ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব

মুখ্যমন্ত্রী ড০ শর্মাই আলফা সমস্যা ১০০ শতাংশ মীমাংসা কৰিব পাৰিব

নিয়মীয়া বার্তা, ২ জানুৱাৰী: আলফা (স্বাঃ)–চৰকাৰৰ প্রস্তাৱিত শান্তি আলোচনা ইতিবাচক দিশত আগবঢ়া বুলি নৱবর্ষৰ প্রথম দিনটোতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্যৰ পাছতে বিষয়টো সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিলে সশস্ত্র সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইনৰ সৈতে হোৱা এক টেলিফোনিক বার্তালাপত পৰেশ বৰুৱাই কয়– আলফা সমস্যা মুখ্যমন্ত্রী ড০ শর্মাই মীমাংসা কৰিব পাৰিব বুলি আমি এশ শতাংশই বিশ্বাসী৷ মুখ্যমন্ত্রীয়ে আজি যি কথা কৈছে, সেয়া ধনাত্মক দিশত কৈছে৷ এই সমস্যাটোৰ ওপৰত তন্ন তন্নকৈ জ্ঞান আছে তেওঁৰ৷ ৰাজনৈতিক নেতা হিচাপে মুখ্যমন্ত্রীৰ যোগ্যতা আছে৷ এই যোগ্যতাৰ ভিত্তিতেই আমি কৈছোঁ যে ধনাত্মক দিশেৰে গৈ ক’ৰবাত নহয় ক’ৰবাত ভাৰত চৰকাৰক পতিয়ন নিয়াব পাৰিব৷ আমি যি ইছ্যুৰ ওপৰত ইমানদিন কথা কৈ আহিছোঁ সেই ইছ্যুটোৰ ওপৰত কথা পাতি এটা মীমাংসাত উপনীত কৰিব পৰাকৈ এটা উজ্জ্বল বাটকটীয়া হ’ব বুলি আমি আশা প্রকাশ কৰিছোঁ৷

উল্লেখ্য যে নৱবর্ষৰ প্রথম দিনা সাংবাদিকৰ সৈতে হোৱা ‘নতুন দিনৰ আলাপ’ অনুষ্ঠানত আলফাৰে আলোচনা প্রসংগত উল্লেখ কৰিছে যে এই আলোচনা ইতিবাচক দিশেৰে আগবাঢ়িছে৷ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই আলোচনাক লৈ যিমান সদিচ্ছা দেখুৱাইছে, ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰেও সিমানেই সদিচ্ছা দেখুৱাইছে৷ আলোচনা সফলতাৰে শেষ হোৱাৰ আৰম্ভণি কৰা হৈছে৷ কিন্তু সার্বভৌমত্বৰ বিষয়টোত আলোচনা কিছু বাধাপ্রাপ্ত হৈছে৷ এই প্রসংগত পৰেশ বৰুৱাই কয়– ‘মর্নিং শ্ব’ দ্য ডে’৷ মুখ্যমন্ত্রীয়ে যি কথা কৈছে আমি আস্বস্ত হৈছোঁ, যি শব্দ প্রক্ষেপ কৰিছে তাক আমি ধনাত্মক ৰূপে লৈছোঁ৷ সার্বভৌমত্বক লৈ আলোচনাৰ দি বাধা, সেয়া সমাধান কৰিব পাৰিব মুখ্যমন্ত্রীয়ে৷ যেনেকৈ প্রাক্তন প্রধানমন্ত্রী ড০ মনমোহন সিঙৰ কার্যকালত আলোচনাৰ বাট মুকলি হৈছিল, তেনেকৈ আজিও কথা পাতিব পৰা অৱস্থাৰ সৃষ্টি হ’ব৷ যদি প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ দিনত আলোচনাৰ বাট মুকলি হৈছিল, তেন্তে আজি কিয় নোৱাৰে৷ তৰুণ গগৈতকৈ আজিৰ মুখ্যমন্ত্রী ড০ শর্মাৰ যথেষ্ট বুদ্ধিমত্তা আছে৷ এই গোটেই বিষয়টোৰ ওপৰত তৰুণ গগৈতকৈ বেছি অভিজ্ঞতা আছে৷ তেওঁ নিশ্চয় পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে৷ গতিকে সার্বভৌমত্ব আলোচনাৰ হেঙাৰ হ’ব নোৱাৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় চৰকাৰক নিশ্চয় পতিয়ন নিয়াব পাৰিব৷ তেওঁ এশ শতাংশ পাৰিব, তেওঁৰ বুদ্ধি আছে, পাৰদর্শিতা আছে৷ আমি আশ্বস্ত যে তেওঁ পাৰিব৷ আমাৰ বিশ্বাস এটা আছে৷

You might also like