নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰেল চালক-বনকর্মীৰ তৎপৰতাত পুৱতি নিশা দীপৰ বিলত ৰেলৰ খুন্দাৰ ৰক্ষা পৰিল বনৰীয়া হাতীৰ জাক

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ গুৱাহাটীৰ গাতে লগা দীপৰ বিলৰ দক্ষিণ দিশত চকৰদৌত আজাৰা-কামাখ্যা সংযোগী ৰেলপথত আজি পুৱতি নিশা এখন মালবাহী ৰেলৰ চালক আৰু কৰ্তব্যৰত কেবাজনো বনকর্মীৰ তৎপৰতাত ৰেলৰ খুন্দাৰ পৰা ৰক্ষা পৰে এটা ছয়জনীয়া বনৰীয়া হাতীৰ জাক ।

জানিব পৰা মতে মতে যোৱাকালি সন্ধিয়াৰ ভাগতে দীপৰ বিলৰ গাতে লগা ৰাণী বনাঞ্চলৰ চকৰদৌ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত দীপৰ বিলত নামিছিল ছয়টাকৈ বনৰীয়া হাতী । এই বিষয়ে দীপৰ বিল বন্যপ্ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অস্থায়ী বনকর্মী উত্তম কলিতাই প্ৰত্যক্ষ কৰি আঞ্চলিক বন বিষয়াক অৱগত কৰে । তাৰ পাছত আঞ্চলিক বন বিষয়াৰ নিৰ্দেশত এটা বনকর্মীৰ দলে নিশাৰ প্ৰচণ্ড শীতক নেওচিও ভাগ ভাগ হৈ ৰেলপথত বিশেষ পহৰাৰ ব্যৱস্থা কৰে । পুৱতি নিশা প্ৰায় ৩.২০ মান বজাত অন্ধকাৰ আৰু কুঁৱলীৰ মাজতো হাতীৰ জাকটো দীপৰ বিলৰ পৰা লাহে লাহে উঠি অহা প্ৰত্যক্ষ কৰে পহৰাৰত বনকর্মীৰ দলে । সেই মুহূৰ্ততে কামাখ্যাৰ দিশৰ পৰা আজাৰা অভিমুখে আহি আছিল নামনিমুৱা এখন মালবাহী ৰেল ।

আনহাতে ৰেলখন চকৰদৌ কলিতাপাৰা পাৰ হোৱাৰ মুহূৰ্ততে প্ৰায় ৪০০ মিটাৰ নিলগৰ মিকিৰপাৰাত হাতীৰ জাকৰ প্ৰথমটো ৰেলপথত উঠে । লগে লগে কলিতাপাৰাৰ দিশত থকা বনকর্মীৰ দলটোৱে বিশেষ সংকেতৰ জৰিয়তে টৰ্চৰ পোহৰ পেলাই ৰেলখনৰ চালকক সন্মুখত হাতীৰ জাক থকাটো অৱগত কৰে । অৱশ্যে ৰেলখনৰ চালকেও লগে লগে ৰেলখন ৰখাবলৈ সক্ষম হয় । প্ৰায় ১৫ মিনিট ৰেলখন ৰখাই থোৱাৰ পাছত হাতীৰ জাকটো ৰেলপথৰ পৰা আঁতৰি যোৱাৰ পাছতহে আজাৰা অভিমুখে ৰেলখনে যাত্ৰা আৰম্ভ কৰে । ৰেল চালক আৰু বনকর্মীৰ সময়োচিত তৎপৰতাৰ বাবে হাতীৰ জাকটো ৰেলৰ খুন্দাৰ পৰা দৈবক্ৰমে ৰক্ষা পৰে ।

আনহাতে বিশিষ্ট পৰিবেশ কর্মী , দীপৰ বিল বচাও আন্দোলনৰ কৰ্মকর্তা আৰু দীপৰ বিলৰ গাতে লগা চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে কেৱল আজিয়ে নহয় এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত দীপৰ বিলত ৰেলপথ পাৰ হৈ কাষৰীয়া ৰাণী বা গড়ভঙা বনাঞ্চলৰ পাহাৰৰ পৰা হাতীৰ জাক খাদ্যৰ সন্ধানত প্ৰায়ে নামি আহে। কেতিয়াবা ৰেল চালক-বনকর্মীৰ তৎপৰতাত, কেতিয়াবা সচেতন ৰাইজৰ তৎপৰতাত বা কেতিয়াবা দৈবক্ৰমে ৰেলৰ খুন্দাত হাতীৰ জাক ৰক্ষা পৰে । কিন্তু এলিফেণ্ট কৰিডৰ হিচাপে পৰিচিত দীপৰ বিলৰ দক্ষিণ দিশত থকা কামাখ্যা-আজাৰা সংযোগী ৰেলপথৰ দাঁতিয়েদি প্ৰকৃতিপ্ৰেমী সংগঠনৰ বাধা নেওচিও আন এটা ৰেলপথ অৰ্থাৎ দ্বৈত ৰেলপথ নিৰ্মাণ কৰিবলৈ ৰেলৱে মন্ত্ৰণালয়ে কাম আৰম্ভ কৰাত বৃহত্তৰ চকৰদৌ অঞ্চলৰ বাসিন্দা সকল শংকিত হৈ পৰিছে। যাৰ বাবে অঞ্চলটোৰ বাসিন্দাসকলে ৰেলৱে মন্ত্ৰণালয়ক দ্বৈত ৰেলপথ নিৰ্মাণৰ আঁচনি পৰিহাৰ কৰি এলিফেণ্ট কৰিডৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত বৰ্তমানৰ ৰেলপথটো দীপৰ বিলৰ উত্তৰ অংশৰে স্থানান্তৰ কৰিবলৈ দাবী জনাইছে ।

You might also like