বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ যুতি আমাৰ সকলোৰে প্ৰিয়। ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ অভিনেত্ৰী পত্নী অনুষ্কা শৰ্মায়ো এইবাৰ পিন্ধিব ভাৰতীয় টীমৰ জাৰ্ছী। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কৰ ৰূপত দেখা যাব অনুষ্কাক।
View this post on Instagram
অৱশ্য়ে সেয়া ছবিৰ পৰ্দাতহে। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ঝুলন গোস্বামীৰ জীৱন আধাৰিত ছবি এখনৰ কাম হাতত লৈছে বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকীয়ে। দীঘলীয়া বিৰতিৰ পাছত পুনৰ ৰূপালী পৰ্দাত ওলাবলৈ সাজু হৈছে অনুষ্কা। ঝুলন গোস্বামীৰ জীৱন আধাৰিত ছবিখনৰ নাম চকদা এক্সপ্ৰেছ। ২০১৮ চনৰ পাছত অনুষ্কাৰ এইখন প্ৰথম ছবি।