নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুভ্ৰ দলিচাই ঢাকিছে কাশ্মীৰ

কাশ্মীৰ বুলি কলেই মনোমোহা সৌন্দৰ্য। শীতৰ আমেজ আৰু বৰফ উপভোগ কৰিবলৈ হলে মনলৈ আহে কাশ্মীৰৰ নাম। প্ৰচণ্ড জাৰে দেশৰ হিন্দী বলয় সিক্ত কৰাৰ সময়ত গোট মাৰিছে কাশ্মীৰ উপত্যকা। যেন এখন শুভ্ৰ দলিচা পাৰি দিয়া হৈছে। পাৰাস্তম্ভৰ মান ক্ৰমাৎ ঋনাত্মক হোৱাৰ লগে লগে হিমপাত হৈছে ৰাজ্যখনত।

হিমপাতৰ প্ৰতি নজৰ ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জৰি কৰিছে। জম্মুত প্ৰচণ্ড বৃষ্টিপাত আৰু কাশ্মীৰৰ হিমপাতৰ বাবে স্থানীয় লোকসকলক ঘৰৰ পৰা ওলাবলৈ বাধা কৰিছে। আনকি তুষাৰপাত হোৱাৰো আশংকা ব্যক্ত কৰা হৈছে। ভুমিস্খলনৰ বাবে ২৭৮ কিলোমিটাৰজোৰা জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত বিঘ্নিত হৈছে।

তথ্যত প্ৰকাশ যে বৃহদাকৃতিৰ বৰফৰ শিল এটি খহি পৰাৰ বাবে ৰামবানৰ ওচৰৰ ঘাইপথত এজন লোকৰ মৃত্যু হৈছে আৰু আন এজন আঘাতপ্ৰাপ্ত হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি ৮-৯ জানুৱাৰীৰ পাছত পৰিস্থিতি কিছু স্বাভাৱিক হব।

You might also like