ভোগালী বিহুত কি কি বাধ্যবাধকতা? কি ক’লে মুখ্যমন্ত্ৰীয়ে
নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ ৰাজ্যত অমিক্রনৰ সংক্রমণ আৰু শেহতীয়া ক’ভিড পৰিস্থিতি সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে ক’ভিডৰ নতুন SOP ঘোষণা কৰে।
মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ১০ জানুৱাৰীৰ পৰা বয়োজ্যেষ্ঠসকলক বুষ্টাৰ ড’জ দিয়া আৰম্ভ হ’ব৷ যিসকলে দ্বিতীয় ড’জ ভেকচিন লোৱা নাই, তেওঁলোকক সময়মতে ভেকচিন ল’বলৈ আহ্বান জনাই তেওঁ কয় যে ভেকচিন লোৱাসকলৰ বাবে বিশেষ সমস্যা নাই৷ তেওঁলোকক লৈ বিশেষ বাধ্য–বাধকতা নাথাকে৷ ভেকচিন নোলোৱাসকলৰ ক্ষেত্রতহে বাধ্য–বাধকতা থাকিব৷
ইপিনে সমাগত ভোগালী বিহু সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভোগালী বিহুত নিশা ১০ বজালৈকেহে থাকিব পাৰিব ভেলাঘৰত। পিছদিনা পুৱা ৬ বজাত জ্বলাব পৰিব মেজি। অৱশ্যে নিজৰ ঘৰত হ’লে ১০ বজাৰ পিছতো থাকিব পাৰিব।