কৃষকলৈ সুখবৰঃ ধানৰ প্ৰতি কুইণ্টলত ১৯৪০ টকা লাভ কৰিব ৰাজ্যৰ কৃষকে
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ আজি জনতা ভৱনত ৰাজ্যখনত ধান ক্ৰয় অভিযান ত্বৰান্বিত কৰাৰ বাবে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে উপায়ুক্ত, চক্র বিষয়া, জিলা কৃষি বিষয়া আৰু কৃষি উন্নয়ন বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকত ধান ক্ৰয় প্ৰক্ৰিয়া সম্পৰ্কে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টলত ১৯৪০ টকাত সুলভ মূল্য ক্ৰয় প’ৰ্টেলত ২ লাখ কৃষকৰ পঞ্জীয়নৰ জৰিয়তে ১০ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। উপায়ুক্ত তথা অন্যান্য বিষয়াসকলক নিৰ্দেশনা দিবলৈ আৰু ধান সংগ্ৰহ সম্পৰ্কীয় সকলো সমস্যা সমাধান কৰিবলৈ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, কৃষি আৰু ৰাজহ বিভাগৰ মুখ্য সচিবসকলক লৈ এখন স্থায়ী সমিতি গঠন কৰা হ’ব।
এই বৈঠকত সতীর্থ মন্ত্ৰীসকল ক্ৰমে ৰণজিৎ কুমাৰ দাস, যোগেন মহন, অতুল বৰাৰ লগতে অন্যান্য বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
To achieve our target of procuring 10 lakh MT of paddy at ₹1940/ quintal, held a VC with DCs, Circle Officers, DAOs & ADOs to discuss the procurement drive.
A portal for procurement of paddy from 2 lakh farmers of the state will be opened to facilitate the drive. pic.twitter.com/Gi0XkJKTBR
— Himanta Biswa Sarma (@himantabiswa) January 10, 2022