নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত নৱনিৰ্মিত প্ৰেক্ষাগৃহ মুকলি

নিয়মীয়া বাৰ্তা: ১৫ জানুৱাৰীঃ শোণিতপুৰৰ বালিপৰাত আজি নৱনিৰ্মিত বালিপৰা প্ৰেক্ষাগৃহতো ( অমিয় ভৱন ) আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় । সমাজকৰ্মী পূৰ্ণ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত সাংসদ পুঁজিৰ আনটাইড ফাণ্ডৰ ২০১৮-১৯ বৰ্ষৰ অধীনত ৫০ লাখ টকা ব্যৱসাপেক্ষে নৱনিৰ্মাণ হোৱা বালিপৰা ৰাজহুৱা প্ৰেক্ষাগৃহতো ( অমিয় ভৱন ) বিয়লি ৪:০০ বজাত মাংগলিক অনুষ্ঠানৰ মাজেদি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱলোচন দাসে ফিটা কাটি শুভ উদ্বোধন কৰে । তাৰ পিছতে অনুষ্ঠিত হয় মূল সভা । মূল সভাত ভাষণ প্ৰসংগত সাংসদ দাসে কয় যে কংগ্ৰেছ মানেই অহংকাৰৰ প্ৰতীক । বিজেপিত কোৱা যায় যে কংগ্ৰেছমুক্ত বিজেপি হোৱা উচিত । কংগ্ৰেছ কালছাৰ বিজেপিত নচলিব । কংগ্ৰেছৰ দৰ্শন, আদৰ্শক আমি নোহোৱা কৰিবৰ চেষ্টা কৰিম । কংগ্ৰেছে নাও ডুবিলেও টিঙৰপৰা নানামে । কংগ্ৰেছে চৰকাৰ বনাম, কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হ’ব এইবোৰ কংগ্ৰেছৰ অলীক সপোনহে মাত্ৰ । ভূপেন বৰালৈ মোৰ শুভেচ্ছা জনালোঁ । ভূপেন বৰাৰ দৰে সভাপতি থাকিলে আমাৰ বাবে মংগলজনক । ভূপেন বৰাই সাংবাদিক মেলৰ জৰিয়তে টেটুফালি লাভ নাই ।
বালিপৰা অঞ্চলত অনুষ্ঠান আয়োজন কৰিবৰ বাবে এটা সুবিশাল ৰাজহুৱা প্ৰেক্ষাগৃহৰ এটা দীৰ্ঘদিনীয়া অভাৱ আছিল আৰু আজিৰেপৰা এই অভাৱ দূৰ হ’ল । ইয়াৰ যোগেদি বালিপৰীয়া ৰাইজ উপকৃত হ’ব । বালিপৰা অঞ্চলত প্ৰতিবছৰে ত্ৰাসৰ সৃষ্টি কৰা জৰাসৰ নৈৰ গৰাখহনীয়া সমস্যা অতিশীঘ্ৰে সমাধানৰ বাবে আমি পদক্ষেপ গ্ৰহণ কৰিম । লগতে জীয়াভৰলী নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবেও আমি দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ বাবে পৰিকল্পনা হাতত লৈছো । বালিপৰা অঞ্চলত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ বিকাশ বাবে আমি ন ন আঁচনি ৰূপায়ণ কৰিছো ।
আমি অনাগত দিনতো বালিপৰা অঞ্চলৰ বিকাশৰ বাবে সকলোধৰণৰ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব ।
সভাত বালিপৰা উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক হিৰোজ শইকীয়া, বালিপৰা আঞ্চলিক পঞ্চায়তৰ সদস্য তথা প্ৰেক্ষাগৃহতো নিৰ্মাণ সমিতিৰ সভাপতি ধ্ৰুৱ প্ৰসাদ কুৰ্মী, জিলা এচ চি মৰ্চাৰ সভাপতি প্ৰশান্ত হাজৰিকা, সাংসদ পল্লৱলোচন দাসৰ ব্যক্তিগত সচিব লোহিত ভূঞা, বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰণৱজ্যোতি মেধি, বালিপৰা ব্লক মণ্ডল বিজেপিৰ সম্পাদক সদানন্দ হাজৰিকা, চাৰিদুৱাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ ৰাজখোৱা, বালিপৰা জিলা পৰিষদৰ সদস্য মৃণাল শইকীয়া, লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তা কৈলাশ নাথ, বালিপৰা জনতা যুৱ মৰ্চাৰ সম্পাদক অনুজ ছেত্ৰী, যুৱ মৰ্চাৰ উপ-সভাপতি ৰমেন দাসৰ লগতে বিজেপিৰ সকলো মৰ্চাৰ বিষয়ববীয়া, দলীয় কাৰ্যকৰ্তা, বালিপৰাৰ ৰাইজ উপস্থিত থাকে । উল্লেখ্যে যে সভাতেই হিৰোজ শইকীয়াক সভাপতি আৰু ধৰ্ম দাসক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা বালিপৰা প্ৰেক্ষাগৃহ (অমিয় ভৱন ) পৰিচালনা সমিতিৰ নতুন সমিতিখনো সাংসদগৰাকীৰ উপস্থিতিত সভাতেই আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় ।

You might also like