নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজপথত যান বাহন আবদ্ধ কৰি মুখ্যমন্ত্ৰীৰ ধমক খালে নগাঁৱৰ উপায়ুক্তই

নিয়মীয়া বাৰ্তা, ১৫ জানুৱাৰী: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নগাঁও ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা প্ৰশাসনে যান বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহন কৰে ৷ সেই অনুুসৰি আজি নগাঁও জিলা প্ৰশাসনে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গোমোঠাগাওঁ তিনিআলিৰ ওচৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী ভ্ৰমণৰ বাৱে বহু যান বাহন আবদ্ধ কৰি ৰাখে ৷ যাৰবাৱে সেই অঞ্চলত অভাৱনীয় যান যটৰ সৃষ্টি হয় ৷ সেই সময়ত মুখ্যমন্ত্ৰীগৰাকী মৃত্যুঞ্জয় মন্দিৰৰ এক অনুষ্ঠানত অংশ লবলৈ গৈ আছিল ৷ গোমোঠাগাওঁ তিনিআলিত যান-বাহন আবদ্ধ কৰি ৰখা প্ৰতক্ষ্য কৰি মুখ্যমন্ত্ৰীগৰাকী গাড়ীৰ পৰা নামি গৈ জিলা প্ৰশাসনৰ মুৰব্বীক জবাবদিহি কৰাৰ লগতে নগাঁও জিলা উপায়ুক্তক ধমক দিয়ে ৷

মুখ্যমন্ত্ৰীয়ে উপায়ুক্তগৰাকীক প্ৰশ্ন কৰে যে ইয়ালৈ কোনোবা ৰজা মহাৰাজা আহিছে নেকি৷
মুখ্যমন্ত্ৰী ধমক খোৱাৰ পিছতেই উপায়ুক্ত গৰাকীয়ে যান বাহন সমূহক চলা চলৰ বাৱে যাবলৈ ব্যৱস্থা কৰি দিয়ে ৷ মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক সকলোৰে প্ৰশংসা কৰিছে ৷

You might also like