নগাঁৱত হিৰইন সহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা ১৭ জানুৱাৰীঃ নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলাই থকা ধাৰাবাহিক অভিযানৰ অংশ হিচাপে আজিও নগাঁও চহৰত অভিযান চলাই । নগাঁও আৰক্ষীৰ এণ্টিনাৰ্কটিক স্কোৱাদে আজি চহৰখনৰ বৈদ্যটুপ অঞ্চলত অভিযান চলাই হিৰইন সহ দুজন ড্ৰাগছ সৰবৰাহকৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন হল ইৰফানুল হক আৰু দুলাল উদ্দিন । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা ২৪ টা হিৰইন ভৰ্ত্তি কণ্টেনাৰ জব্দ কৰে । আনহাতে আজি দুপৰীয়া চহহখনৰ নেহৰু যুৱ কেন্দ্ৰৰ সন্মুখত ড্ৰাগছ সেৱন কৰি থকা কেইজনমান যুৱকক স্থানীয় একাংশ লোকে উত্তম মাধ্যম শোধাই আৰক্ষীক চমজায় দিয়ে । জানিব পৰা মতে এই যুৱক কেইজনে চিৰিঞ্জৰে ড্ৰাগছ সেৱন কৰি আছিল। এনেদৰে নগাঁৱত একাংশ কম বয়সীয়া যুৱক যুৱতীয়ে ড্ৰাগছ মুকলিকৈ ড্ৰাগছ সেৱন কৰি অহা কাৰ্যই সচেতন মহলক স্তম্ভিত কৰি তুলিছে ।