নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আঠগাঁৱত ৫.৪০ লাখ টকাসহ ৰহস্যজনকভাৱে যুৱক সন্ধানহীন

অপহৰণৰ সন্দেহ পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ মহানগৰীৰ ভৰলুমুখ থানাৰ অন্তর্গত আঠগাঁও উৰণীয়া সেঁতুৰ সমীপৰ পৰা শনিবাৰে সন্ধিয়া পাঁচ লক্ষাধিক টকাসহ এজন যুৱক ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছে ৷ সন্ধানহীন যুৱকজন গীতানগৰৰ গীতা পথৰ বাসিন্দা মুন্না কুমাৰ শ্বাহ ৷ আৰক্ষী সূত্রে জানিব পৰা মতে এল ডি এফ লজিষ্টিক কোম্পানীত কর্মৰত যুৱকজনে শনিবাৰে বেলতলাৰ পৰা কোম্পানীটোৰ ৪০ লাখ টকা অনাদায় ধন সংগ্রহ কৰি ফাঁচীবজাৰলৈ যায় ৷ ফাঁচীবজাৰকে ধৰি আঠগাঁও আৰু অন্যান্য স্থানৰ পৰা কোম্পানীৰ মুঠ ৫ লাখ টকা সংগ্রহ কৰে ৷ যুৱকজনে সংগৃহীত ধন কোম্পানীৰ কার্যালয়ত জমা দিবলৈ যোৱাৰ সময়তে আঠগাঁও উৰণীয়া সেঁতুৰ সমীপৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰে ৷ যুৱকজনক ফোনত যোগাযোগ কৰি নোপোৱাত কোম্পানীৰ লোকে ভৰলুমুখ থানাত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে যদিও ২৪ ঘণ্টাৰ পিছতো তেওঁৰ সন্ধান উলিয়াব পৰা নাই ৷ পৰিয়ালৰ লোকে যুৱকজনক লুটৰ বাবে দুর্বৃত্তই অপহৰণ কৰা বুলি সন্দেহ ব্যক্ত কৰে যদিও আৰক্ষীয়ে এইক্ষেত্রত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ তদন্তৰ পিছত ঘটনাৰ প্রকৃত ৰহস্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে ৷

You might also like