নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমে পাব ১৮.৫১ এৰি দিব ১৮.২৯ বর্গকিঃমিঃ

মেঘালয়ৰে সীমা বিবাদক লৈ কইনাধৰাত সর্বদলীয় বৈঠক

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ এক দীঘলীয়া সময় ধৰি অসম আৰু মেঘালয়ৰ মাজত চলি থকা সীমা বিবাদ সমাধানৰ দিশে আগবাঢ়িছে৷ দুয়োখন ৰাজ্যৰ বিবদমান ১২টা স্থানক লৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ উদ্যোগত চলা আলোচনাই ঐকমত্যত উপনীত কৰাইছে দুয়োখন ৰাজ্যক৷ বিবদমান স্থানক লৈ দুয়োখন ৰাজ্যই এক সিদ্ধান্তলৈ অহাৰ সময়তে মঙলবাৰে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ল সর্বদলীয় বৈঠক৷ অসম বিধানসভাৰ প্রতিটো ৰাজনৈতিক দলৰ প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে ৰাজ্য চৰকাৰৰ পদক্ষেপক প্রতিটো দলে আদৰণি জনায়৷

উল্লেখ্য যে সীমা বিবাদক কেন্দ্র কৰি দুয়োখন ৰাজ্যই তিনিজনকৈ কেবিনেট মন্ত্রীৰ নেতৃত্বত গঠন কৰি দিছিল তিনিখন কমিটী৷ এই তিনিওখন কমিটীয়ে বিবদমান স্থানসমূহ পৰিদর্শন কৰি একোখনকৈ প্রতিবেদন দাখিল কৰিছিল৷ অসম চৰকাৰৰ হৈ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, অতুল বৰা আৰু পীয়ূষ হাজৰিকাই দাখিল কৰা এই প্রতিবেদন মেঘালয় চৰকাৰক ইতিমধ্যে প্রদান কৰা হৈছে৷ একেদৰে মেঘালয় চৰকাৰেও গঠন কৰা তিনিখন কমিটীৰ প্রতিবেদন অসম চৰকাৰক দাখিল কৰা হৈছিল৷ এই প্রতিবেদনৰ ভিত্তিতেই ১২টা স্থানৰ ৬টা বিবদমান স্থানৰ সীমা নির্ধাৰণ কৰাৰ লক্ষ্যৰে দুয়োখন ৰাজ্যই ঐকমত্যত উপনীত হৈছে৷ কার্যতঃ অসম চৰকাৰৰ এই পদক্ষেপ তথা সীমা বিবাদ সন্দর্ভত গ্রহণ কৰা সিদ্ধান্তসমূহ মঙলবাৰে সর্বদলীয় বৈঠকত বিস্তৃতভাৱে দাঙি ধৰা হয়৷ এই বৈঠকতে কার্যতঃ স্পষ্ট হয় যে অসমে মেঘালয়ৰ পৰা ১৮.৫১ বর্গকিলোমিটাৰ ভূমি লাভ কৰাৰ বিপৰীতে মেঘালয়ক অসমে এৰি দিব ১৮.২৯ বর্গকিলোমিটাৰ ভূমি৷ অৱশ্যে ইয়াৰ পিছতো প্রায় ৫৯ বর্গকিলোমিটাৰ ভূমিৰ বিবাদৰ ক্ষেত্রত মীমাংসাত উপনীত হ’বলৈ আছে দুয়োখন ৰাজ্য৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অধ্যক্ষতা কৰা বৈঠকখনৰ অন্তত মন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে দুয়োখন ৰাজ্যই সীমা সমস্যা সমাধানৰ বাবে নিৰলসভাৱে যোৱা সময়ছোৱাত প্রচেষ্টা চলাই আছে৷ ইতিমধ্যে দুয়োখন ৰাজ্যৰ মাজত ১২টা বিবদমান স্থান চিনাক্ত কৰাৰ পিছত ইয়াৰে ৬টা স্থানক লৈ দুয়োখন ৰাজ্যই এক মীমাংসাত উপনীত হৈছে৷ মুখ্যতঃ বকো সমষ্টিৰ হাহিম, গিজাং, দিছপুৰ সমষ্টিৰ পিলিংকাটা, পশ্চিম গুৱাহাটী সমষ্টিৰ বকলাপাৰা আৰু বৰাকৰ তাৰাবাৰী আৰু ৰাতাচেড়াক লৈ এক সমাধান সূত্র ওলোৱা হেতুকে  সর্বদলীয় বৈঠকত ৰাজ্য চৰকাৰৰ সিদ্ধান্ত আৰু পদক্ষেপসমূহ বিস্তৃতভাৱে আলোচনা কৰা হয়৷

মন্ত্রীগৰাকীয়ে কয়– ৰাজ্য চৰকাৰৰ সিদ্ধান্তক সকলো ৰাজনৈতিক দলে আদৰণি জনাইছে৷ যিহেতু ই এক ৰাজনৈতিক বিষয় হিচাপে সন্মুখলৈ আহিছে, সেয়েহে সীমাক লৈ যিবোৰ ঐতিহাসিক বিষয় আছে, সেই বিষয়বোৰক দুয়োখন চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাই৷ কেৱল যিবোৰ স্থানত ৰাজ্য দুখনৰ নিজা প্রশাসনিক সা–সুবিধা আছে তথা সীমান্তত থকা ৰাইজে ক’ত থাকিব বিচাৰে, সেই বিষয়টোকহে গুৰুত্ব দিয়া হৈছে৷ এক বুজাবুজিৰ মাজেৰে সীমা সমস্যা সমাধানৰ দিশে আগবাঢ়িছে দুয়োখন চৰকাৰ৷ কিন্তু এটা কথা ঠিক যে ইয়াৰ পৰা অসম সাংঘাতিকধৰণে উপকৃত হ’ব৷ মাটি এৰি দিয়া বা লাভ কৰা এই বিষয়বোৰে এতিয়া গুৰুত্ব লাভ কৰা নাই৷ ডাঃ ৰণোজ পেগুৱে ইয়াকো স্পষ্ট কৰে যে অসম চৰকাৰে সীমা সমস্যা সমাধানৰ বাবে যি পদক্ষেপ অথবা প্রস্তাৱ লৈছে, সেই প্রস্তাৱ কেন্দ্রীয় চৰকাৰলৈ প্রেৰণ কৰা হ’ব৷ একেদৰে মেঘালয় চৰকাৰেও সর্বদলীয় বৈঠক অনুষ্ঠিত কৰি চৰকাৰখনে গ্রহণ কৰা প্রস্তাৱ কেন্দ্রলৈ প্রেৰণ কৰিব৷ সেয়াই নহয়, দুয়োখন ৰাজ্যই বিধানসভাৰ মজিয়াত বিষয়টো উত্থাপন কৰি ইয়াৰ সকলো দিশ সামৰি আলোচনা কৰি প্রস্তাৱ গ্রহণ কৰিব৷ উল্লেখ্য যে দুয়োখন ৰাজ্যৰ সীমা বিবাদক লৈ ১৯৭২ চনৰ পৰা চলি থকা বিবাদ শেহতীয়াকৈ নিষ্পত্তিৰ বাবে সীমান্তবাসীৰো মতামত গ্রহণ কৰা হৈছে৷

ইফালে, সর্বদলীয় বৈঠকৰ পিছত অগপক প্রতিনিধিত্ব কৰা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে মেঘালয় আৰু অসমত সীমা বিবাদ সমাধানৰ দিশে আগবঢ়াটো এক সুখৰ বিষয়৷ অসমে কিছু অংশ মেঘালয়ক এৰি দিয়াৰ বিপৰীতে মেঘালয়েও অসমক কিছু ভূমি এৰি দিব৷ এই সমস্যা সমাধান হ’লে আগলৈ কেতিয়াও মেঘালয়ে অসমৰ ভূমি তেওঁলোকৰ বুলি দাবী কৰিব নোৱাৰে৷ ইফালে, কংগ্রেছ দলক প্রতিনিধিত্ব কৰা বিৰোধী দলপতি দেৱব্রত শইকীয়াই উল্লেখ কৰে যে মেঘালয় চৰকাৰে দাবী কৰা অনুসৰি বহু অঞ্চল অসমে ৰাজ্যখনক এৰি দিয়া বিষয়টো বিধানসভাত আলোচনা হোৱাৰ প্রয়োজন আছে৷ তাৰ পিছতহে চৰকাৰে সিদ্ধান্ত গ্রহণ কৰা উচিত হ’ব৷ যিহেতু অসম চৰকাৰ তথা অসম চৰকাৰৰ মন্ত্রীসভা সাংবিধানিকভাৱে ভাৰতীয় সংবিধানৰ ২৬৩নং ধাৰা অনুসৰি বিধানসভাৰ প্রতি দায়বদ্ধ, সেয়ে এনে গুৰুত্বপূর্ণ সীমা সমস্যা সমাধান কৰিবলৈ হ’লে বিধানসভাত আলোচনাৰ প্রয়োজন আছে৷ সর্বদলীয় বৈঠকত উপস্থিত থকা এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম (কনিষ্ঠ)–এ কয় যে সীমা সমস্যা সমাধানৰ বাবে কিছু এৰাধৰা হৈছে যদিও ইয়াৰ এক স্থায়ী সমাধান হোৱাটো আমি সকলোৱে বিচাৰোঁ৷ কিন্তু বিবদমান আন ৬টা স্থানৰ ক্ষেত্রত অসম চৰকাৰে সাৱধানে আগবঢ়া দৰকাৰ৷

আনহাতে বিপিএফৰ বিধায়ক দুর্গাদাস বড়োৱে এই সন্দর্ভত কয় যে অসম–মেঘালয় সীমা সমস্যা সন্দর্ভত চৰকাৰৰ প্রতি পূর্ণ সমর্থন আছে বিপিএফৰ৷ কিন্তু পৰৱর্তী সময়ত বিবদমান বাকী ৬টা স্থান সন্দর্ভত বিস্তৃত আলোচনা হোৱাৰ প্রয়োজন৷ আজিৰ সর্বদলীয় বৈঠকত চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, ইউপিপিএলৰ বিধায়ক লৰেঞ্চ ইছলাৰী আৰু জয়ন্ত বসুমতাৰী উপস্থিত থাকে৷ সর্বদলীয় বৈঠকৰ পিছতেই মুখ্যমন্ত্রীয়ে আজি সীমা বিবাদক লৈ সদৌ অসম ছাত্র সন্থা (আছু), সদৌ ৰাভা ছাত্র সন্থা, নিখিল বড়ো ছাত্র সন্থা, গাৰো ছাত্র সন্থা আৰু গোর্খা ছাত্র সন্থাৰ সৈতেও আন এক আলোচনাত বহে৷ এই আলোচনাতো ছাত্র সংগঠনকেইটাই ৰাজ্য চৰকাৰৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে সীমা সমস্যাৰ এক স্থায়ী সমাধানৰ বাবে তেওঁলোকৰ সমর্থন তথা সহযোগিতা চৰকাৰৰ সৈতে থাকিব বুলিও জানিবলৈ দিয়ে৷ এইক্ষেত্রত ছাত্র সংগঠনকেইটাই আছুৰ নেতৃত্বত সীমা সমস্যাৰ সমাধান উলিওৱা ৬টা স্থান পৰিদর্শন কৰিব বুলিও মুখ্যমন্ত্রীক অৱগত কৰে৷ মুখ্যমন্ত্রীয়ে এইক্ষেত্রত ছাত্র সংগঠনৰ প্রতিনিধিসকলক উক্ত স্থানলৈ নিয়াৰ ক্ষেত্রত সংশ্লিষ্ট বিষয়াসকলক সকলো ধৰণৰ সুবিধা কৰি দিবলৈ নির্দেশ দিয়ে৷

ইফালে, এই বৈঠকৰ পিছতেই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই বৈঠক সন্দর্ভত কয় যে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে সীমা বিবাদ সমাধানৰ বাবে অসম চৰকাৰে গ্রহণ কৰা পদক্ষেপসমূহৰ ওপৰত  বিস্তৃত আলোচনা হয়৷ আছু তথা ছাত্র সংগঠনসমূহে এইক্ষেত্রত স্পষ্ট কৰি দিয়ে যে ২০১১ চনৰ আগৰ পৰা সীমাৰ ওপৰত দুয়োখন ৰাজ্যই যি দাবী কৰিছিল, সেই দাবীৰ ওপৰতহে আলোচনা হোৱা উচিত৷ তদুপৰি বিবদমান স্থান ১২টাতকৈ অধিক হ’ব নালাগে৷ ইয়াৰে ৬টা স্থানৰ সমস্যা সৰল বুলি চৰকাৰে জানিবলৈ দিছে৷ এই স্থানকেইটাৰ স্থানীয় বাসিন্দাৰ মতামত ছাত্র সংগঠনসমূহে জনাৰ আৱশ্যক আছে৷ সেয়ে এই ৬টা স্থান পৰিভ্রমণ কৰি তথা সীমান্তবাসীৰ লগত আলোচনা কৰাৰ অন্ততহে ছাত্র সংগঠনকেইটাই চৰকাৰৰ ওচৰত মতামত তথা প্রস্তাৱ দাঙি ধৰিব৷ অৱশ্যে সীমা সমস্যাৰ ক্ষেত্রত চৰকাৰে গ্রহণ কৰা এই পদক্ষেপক সকলো ছাত্র সংগঠনে আদৰণি জনাইছে৷ সমুজ্জ্বল ভট্টাচার্যই ইয়াকো উল্লেখ কৰে যে নেছ’ই উত্তৰ–পূবৰ প্রতিখন ৰাজ্যৰ লগত সীমা সমস্যা সমাধানৰ বাবে দীর্ঘদিনৰ পৰা দাবী উত্থাপন কৰি আহিছে৷ মেঘালয়ৰ সৈতে অসম মীমাংসাত উপনীত হোৱা বিষয়টো এইক্ষেত্রত এক ইতিবাচক দিশ৷

You might also like