নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একেদিনাই ৮৩ জ্যেষ্ঠ প্রশাসনিক সহায়কক বদলি

প্রজেক্ট সদ্ভাৱনা আৰম্ভৰ পূর্বে সচিবালয় প্রশাসনত ব্যাপক ৰদ–বদল

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ অসম সচিবালয়ৰ বিভিন্ন বিভাগত বছৰৰ পিছত বছৰ ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি থকা ফাইলসমূহ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ তৎপৰতাত অহা ১ ফেব্রুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ’ব প্রজেক্ট সদ্ভাৱনা৷ চৰকাৰী ৰঙা ফিতাৰ মেৰপেঁচকে ধৰি বিভিন্ন কাৰণত ফাইলসমূহ ৰৈ থকাৰ বাবেই জনতা ভৱনত দৈনিক ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ পৰা ব্যাপক জনসমাগম হোৱাৰ লগতে দালালৰো এখন মুকলি বজাৰ চলি আহিছে৷ সচিবালয়ত চলি অহা এনে দালালৰাজ ৰোধৰ লগতে জনসাধাৰণৰ হাৰাশাস্তি বন্ধৰ বাবে চৰকাৰে প্রজেক্ট সদ্ভাৱনা প’র্টেলৰ জৰিয়তে ঘৰতে বহি জনসাধাৰণক অমীমাংসিত হৈ থকা ফাইলসমূহ নিষ্পত্তি কৰাৰ সুযোগ দিছে৷ কালি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই জনতা ভৱনৰ বিষয়া–কর্মচাৰীসক সৈতে মত বিনিময় কৰি কিদৰে জনসাধাৰণক সেই সেৱা আগবঢ়াব, সেই বিষয়ে বিস্তৃতভাৱে অৱগত কৰে৷ আনকি প্রজেক্ট সদ্ভাৱনা আৰম্ভ কৰাৰ পূর্বেই ৰাজ্য চৰকাৰে সচিবালয় প্রশাসনত বিভিন্ন বিভাগত ১০–১২ বছৰ ধৰি একেই স্থানত থকা ৮৩গৰাকী জ্যেষ্ঠ প্রশাসনিক সহায়ককো বিভিন্ন বিভাগলৈ একেদিনাই বদলি কৰে৷

মন কৰিবলগীয়া এয়ে যে সচিবালয়ত বিভিন্ন ফাইল নিষ্পত্তিৰ ক্ষেত্রত সততে বহু জ্যেষ্ঠ প্রশাসনিক সহায়কে ৰঙা ফিতাৰ মেৰপেঁচৰ সৃষ্টি কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাজ্য চৰকাৰৰ এক সূত্রই জানিবলৈ দিয়া মতে, বিভাগসমূহত ফাইলৰ গতিৰ ক্ষেত্রত ৰঙা ফিতাৰ মেৰপেঁচ খোলাৰ স্বার্থতে চৰকাৰে এই বদলিৰ ব্যৱস্থা কৰিছে৷ জনসাধাৰণক ন্যায় প্রদানৰ লগতে প্রশাসন ব্যৱস্থাক স্বচ্ছ আৰু গতিশীল কৰাৰ ক্ষেত্রত যাতে বাধা আহি নপৰে, সেই দিশৰ প্রতি লক্ষ্য ৰাখিয়েই চৰকাৰে বিভিন্ন বিভাগৰ জ্যেষ্ঠ প্রশাসনিক সহায়কসকলৰ তাৎক্ষণিকভাৱে চকী সলনি কৰে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে ৰাজ্যখনত মাটি–বাৰী সম্পর্কীয় সমস্যা সমাধানৰ ক্ষেত্রত পূর্বতে মাটিৰ দালালসকলে সমস্যাৰ সৃষ্টি কৰি আহিছিল৷ যোৱা বছৰ ২ অক্টোবৰত চৰকাৰে মিছন বসুন্ধৰা আৰম্ভ কৰাৰ পূর্বেই একেনিশাই ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ অভিযান চলায়৷ চৰকাৰৰ সেই কঠোৰ পদক্ষেপৰ ফলশ্রুতিতেই মিছন বসুন্ধৰাৰ কাম বর্তমানলৈকে সুচাৰুৰূপে চলি আহিছে আৰু জনসাধাৰণেও দালালৰ কবলৰ পৰা মুক্তি লাভ কৰিছে৷ অনুৰূপ ধৰণে প্রজেক্ট সদ্ভাৱনাও সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবেই চৰকাৰে সচিবালয়ত থকা প্রতিটো বিভাগৰে জ্যেষ্ঠ প্রশাসনিক সহায়কসকলক আগতীয়াকৈ বদলিৰ ব্যৱস্থা কৰে৷

সেই অনুসৰি যোৱা ১৩ জানুৱাৰীত সাধাৰণ প্রশাসন (সচিবালয় এষ্টাব্লিষ্টমেণ্ট) বিভাগে এক নির্দেশযোগে প্রশাসনীয় সংস্কাৰ আৰু প্রশিক্ষণ, পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ শুভজিৎ পালক পৰিৱেশ আৰু বন বিভাগলৈ পৰিৱেশ আৰু বন বিভাগৰ ৰাজু কুমাৰ বসুমতাৰীক কৃষি বিভাগলৈ কৃষি বিভাগৰ কছৰুল ইছলাম লস্কৰক ৰাজনৈতিক (ক) বিভাগলৈ ৰাজনৈতিক (ক) বিভাগৰ অলক সেনক বিত্ত (এষ্টাব্লিষ্টমেণ্ট ক) বিভাগলৈ বিত্ত (এষ্টাব্লিষ্টমেণ্ট ক) বিভাগৰ ৰুলী দাসক মীন বিভাগলৈ মীন বিভাগৰ তাপ্তি মেধিক লোকনির্মাণ বিভাগলৈ লোকনির্মাণ বিভাগৰ লুনা সোণোৱালক বিত্ত (এষ্টাব্লিষ্টমেণ্ট খ) বিভাগলৈ বিত্ত (এষ্টাব্লিষ্টমেণ্ট খ) বিভাগৰ স্বপ্ণালীমা বৰাক উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগলৈ উদ্যোগ–বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ সুস্মিতা ধৰক জলসিঞ্চন বিভাগলৈ জলসিঞ্চন বিভাগৰ ধীৰেন্দ্র কুমাৰ দেৱক বিত্ত (ইচি–৩) বিভাগলৈ বিত্ত (ইচি–৩) বিভাগৰ নীলোৎপল দাসক ৰাজনৈতিক (ক) বিভাগলৈ ৰাজনৈতিক (ক) বিভাগৰ অভিজিৎ সাহাক ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা (ভূমিলেখ্য) বিভাগলৈ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা (ভূমিলেখ্য) বিভাগৰ মৌচম ৰাইক সাধাৰণ প্রশাসন (সচিবালয়–নজৰত) বিভাগলৈ সাধাৰণ প্রশাসন (সচিবালয়–নজৰত) বিভাগৰ ৰমেন শর্মাক লোকনির্মাণ বিভাগলৈ লোকনির্মাণ বিভাগৰ মালবিকা ফুকন চেতিয়াক ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা (সাধাৰণ) বিভাগলৈ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা (সাধাৰণ) বিভাগৰ প্রফুল্ল মৰাঙক বিত্ত (বাজেট) বিভাগলৈ বিত্ত (বাজেট) বিভাগৰ কোকিল কৃষ্ণ মহন্তক পঞ্চায়ত আৰু গ্রামোন্নয়ন (ক) বিভাগলৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন (ক) বিভাগৰ দ্বিজেন্দ্রনাথ শর্মাক পৰিবহণ বিভাগলৈ পৰিবহণ বিভাগৰ দিগন্ত বৈশ্যক লোকনির্মাণ বিভাগলৈ লোকনির্মাণ বিভাগৰ স্বপন মণ্ডলক ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা (ভূমিলেখ্য) বিভাগলৈ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা (ভূমিলেখ্য) বিভাগৰ কস্তুৰী নেওগক ৰূপান্তৰ আৰু উন্নয়ন বিভাগলৈ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মনীষা কুটুমক পৰিবহণ বিভাগলৈ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা (বন্দৱস্তি) বিভাগৰ লেটখোছেইম ডুংগেলক ন্যায়িক বিভাগলৈ ন্যায়িক বিভাগৰ ৰঞ্জিত কুমাৰ তালুকদাৰক ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা (বন্দৱস্তি) বিভাগলৈ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা (বন্দৱস্তি) বিভাগৰ মানস শইকীয়াক বিত্ত (বাজেট) বিভাগলৈ বিত্ত (বাজেট) বিভাগৰ মোহন চন্দ্র নাথক ন্যায়িক বিভাগলৈ ন্যায়িক বিভাগৰ মানসজ্যোতি নাথক সাধাৰণ প্রশাসন (সচিবালয় একাউণ্টছ) বিভাগলৈ সাধাৰণ প্রশাসন (সচিবালয় একাউণ্টছ) বিভাগৰ জৱাহৰলাল নার্জাৰীক লোকনির্মাণ বিভাগলৈ লোকনির্মাণ বিভাগৰ লালৰেমথাং খাৱাজাৱলক ৰাজনৈতিক (ক) বিভাগলৈ ৰাজনৈতিক (ক) বিভাগৰ বিৰাজ কুমাৰ দাসক সংখ্যালঘু কল্যাণ বিভাগলৈ সংখ্যালঘু কল্যাণ বিভাগৰ ফাইজুল হকক লোকনির্মাণ বিভাগলৈ লোকনির্মাণ বিভাগৰ বেনাজিৰ চুলতানা মজুমদাৰক সাধাৰণ প্রশাসন (সচিবালয় একাউণ্টছ) বিভাগলৈ সাধাৰণ প্রশাসন (সচিবালয় একাউণ্টছ) বিভাগৰ স্বর্ণালী হ’ৰক লোকনির্মাণ বিভাগলৈ লোকনির্মাণ বিভাগৰ হেমপ্রভা বৰবৰা গগৈক সাধাৰণ প্রশাসন (সচিবালয় ৰেকর্ডছ এণ্ড লাইব্রেৰী) বিভাগলৈ সাধাৰণ প্রশাসন (সচিবালয় ৰেকর্ডছ এণ্ড লাইব্রেৰী) বিভাগৰ সূর্যলতা কলিতাক পঞ্চায়ত আৰু গ্রামোন্নয়ন (গ) বিভাগলৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন (গ) বিভাগৰ জুৰি পাঠকক মাধ্যমিক শিক্ষা বিভাগলৈ মাধ্যমিক শিক্ষা বিভাগৰ দেৱেশ্বৰ ইংতিক জলসম্পদ বিভাগলৈ জলসম্পক বিভাগৰ হিমাংশু শর্মাক অসম চুক্তি ৰূপায়ণ বিভাগলৈ গৃহ (ক) বিভাগৰ দাদুল চুতীয়াক সাধাৰণ প্রশাসন বিভাগলৈ সাধাৰণ প্রশাসন বিভাগৰ চাইমিনলাল ছাংচনক সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগলৈ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ দীপক দৈমাৰীক পার্বত্য অঞ্চল বিভাগলৈ পার্বত্য অঞ্চল বিভাগৰ এলেন কুকীক মুখ্যমন্ত্রী সচিবালয়লৈ মুখ্যমন্ত্রী সচিবালয়ৰ গিৰীন্দ্র কুমাৰ শর্মাক ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা (বন্দৱস্তি) বিভাগলৈ পৰিবহণ বিভাগৰ ৰীমাজ্যোতি ডেকাক শ্রমিক কল্যাণ বিভাগলৈ শ্রমিক কল্যাণ বিভাগৰ পল্লৱী টেৰণক ৰাজহ বিভাগলৈ ৰাজহ বিভাগৰ ইউনিচি এ নামপুইক ৰূপান্তৰ আৰু উন্নয়ন বিভাগলৈ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সুজানা থাওচেনক জলসম্পদ বিভাগলৈ জলসম্পদ বিভাগৰ দেবৰী লালমিনচাঙক গৃহ আৰু নগৰ পৰিক্রমা (টি এণ্ড চিপি কোষ) বিভাগৰ কনভেনচন নেইনগাটেক জলসিঞ্চন বিভাগলৈ জলসিঞ্চন বিভাগৰ কুশল চুতীয়াক বিত্ত (ইচি–১) বিভাগলৈ বিত্ত (ইচি–১) বিভাগৰ সুদেষ্ণা চক্রৱর্তীক উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগলৈ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ হোইনেইচং চিংচনক বিত্ত (কৰাৰোপণ) বিভাগলৈ বিত্ত (কৰাৰোপণ) বিভাগৰ শীলা সিনহাক উচ্চ শিক্ষা (কাৰিকৰী) বিভাগলৈ, উচ্চ শিক্ষা (কাৰিকৰী) বিভাগৰ ভাস্কৰ বৰপাত্রক জলসিঞ্চন বিভাগলৈ জলসিঞ্চন বিভাগৰ লক্ষ্যধৰ টায়েক সাধাৰণ প্রশাসন (সচিবালয়–গেজেটেড চেল) বিভাগলৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন (চি) বিভাগৰ সংগীতা বৰুৱাক শক্তি বিভাগলৈ শক্তি বিভাগৰ শশীপ্রভা কাকতিক পার্ছনেল (ক) বিভাগলৈ পার্ছনেল (ক) বিভাগৰ ৰাতুল তালুকদাৰক গৃহ আৰু নগৰ পৰিক্রমা (এম এ উইং) বিভাগলৈ গৃহ আৰু নগৰ পৰিক্রমা (এম এ উইং) বিভাগৰ পৱিত্র বৰুৱাক ন্যায়িক বিভাগলৈ ন্যায়িক বিভাগৰ মুনীন্দ্র লস্কৰক মুখ্যমন্ত্রীৰ সচিবালয়লৈ মুখ্যমন্ত্রী সচিবালয়ৰ প্রবালজ্যোতি মেধিক বিত্ত (বাজেট) বিভাগলৈ বিত্ত (বাজেট) বিভাগৰ জিনি চৌধুৰীক পৰিবহণ বিভাগলৈ পৰিবহণ বিভাগৰ অনিতা টায়ে পেগুক গৃহ (গ) বিভাগলৈ গৃহ (গ) বিভাগৰ ঠগীন্দ্র টায়েক উদ্যোগ–বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগলৈ উদ্যোগ–বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ পদ্মিনী বড়োক গৃহ আৰু নগৰ পৰিক্রমা (এম এ উইং) বিভাগলৈ গৃহ আৰু নগৰ পৰিক্রমা (এম এ উইং) বিভাগৰ হৰিভগৱান সিংহক বিত্ত (ইচি–১) বিভাগলৈ বিত্ত (ইচি–১) বিভাগৰ মার্ছিলাউছ নার্জাৰীক মুখ্যমন্ত্রী সচিবালয়লৈ মুখ্যমন্ত্রী সচিবালয়ৰ ব্রজেন ভৰালীক বিত্ত (বাজেট) বিভাগলৈ বিত্ত (বাজেট) বিভাগৰ গোবিন্দ চন্দ্র ৰাভাক গৃহ (খ) বিভাগলৈ গৃহ (খ) বিভাগৰ দিগন্ত দাসক সমবায় বিভাগলৈ সমবায় বিভাগৰ ভৱানী টেৰণক বিত্ত (ইচি–২) বিভাগলৈ বিত্ত (ইচি–২) বিভাগৰ ধ্রুৱজ্যোতি ডেকাক ৰাজনৈতিক (খ) বিভাগলৈ ৰাজনৈতিক (খ) বিভাগৰ অনিল ৰামচিয়াৰীক বিত্ত (বাজেট) বিভাগলৈ বিত্ত (বাজেট) বিভাগৰ ছাজেনলো ছেব ৰেংমাক গৃহ (খ) বিভাগলৈ গৃহ (খ) বিভাগৰ লেনটিনমাং লুহোজেমক জলসিঞ্চন বিভাগলৈ জলসিঞ্চন বিভাগৰ বিনীতা বৰগোহাঁইক বিত্ত (ইচি–৩) বিভাগলৈ (ইচি–৩) বিভাগৰ ছেৰিন ৰহমানক মাধ্যমিক শিক্ষা বিভাগলৈ মাধ্যমিক শিক্ষা বিভাগৰ উৎপল শর্মাক বিত্ত (কৰাৰোপণ) বিভাগলৈ বিত্ত (কৰাৰোপণ) বিভাগৰ অভিকেশ দত্তক পঞ্চায়ত আৰু গ্রামোন্নয়ন (চি) বিভাগলৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন (চি) বিভাগৰ লালেংজাউৱা চাহাকচুৱাকক ৰাজনৈতিক (খ) বিভাগলৈ ৰাজনৈতিক (খ) বিভাগৰ ভদ্র চেতিয়াক বিত্ত (ইচি–১) বিভাগলৈ বিত্ত (ইচি–১) বিভাগৰ কমল কুমাৰ চৌধুৰীক স্বাস্থ্য (খ) বিভাগলৈ আৰু স্বাস্থ্য (খ) বিভাগৰ ৰূপালী আৰডাওক প্রশাসনীয় সংস্কাৰ, প্রশিক্ষণ, পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগলৈ বদলি কৰা হৈছে৷

You might also like