নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কনিষ্টবল–এছ আই নিযুক্তিৰ লিখিত পৰীক্ষাৰ সূচী ঘোষণা

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) আৰু কনিষ্টবল পদৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰা হৈছে৷ অহা ২০ ফেব্রুৱাৰীত বিভিন্ন শাখাৰ কনিষ্টবলৰ পৰীক্ষাসমূহ দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হ’ব৷ সেইদৰে অহা ২৭ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব অসম ঔদ্যোগিক সুৰক্ষা বাহিনী বেটেলিয়নৰ কনিষ্টবলৰ বিশেষ পৰীক্ষা৷ এই পৰীক্ষা কেৱল এছপি’সকলৰ বাবেহে অনুষ্ঠিত হ’ব৷ এই বিশেষ পৰীক্ষা কেৱল গুৱাহাটীত অনুষ্ঠিত হ’ব৷ আনহাতে উপ–পৰিদর্শক আৰু আন একাংশ কনিষ্টবল পদৰ বাবে অহা ২৪ এপ্রিলত অনুষ্ঠিত হ’ব পৰীক্ষা৷

ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদে প্রকাশ কৰা জাননী অনুসৰি, ২০ ফেব্রুৱাৰীত ২,৩৯১টা ইউ বি কনিষ্টবল আৰু ৪,২৭১টা এ বি কনিষ্টবল পদৰ বাবে ২০ ফেব্রুৱাৰীত পৰীক্ষা অনুষ্ঠিত হ’ব৷ এই একেটা দিনতে এপিআৰৰ ৮১৩টা কনিষ্টবল পদ আৰু জৰুৰীকালীন সেৱাৰ ৭৮৮টা পদৰ উপৰি গৃহৰক্ষী বাহিনীৰ অধীনত ৭৫৪টা কনিষ্টবল পদৰ বাবেও লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ আনহাতে ২৪ এপ্রিলৰ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ ইউ বি শাখাৰ ৩০৬টা উপ–পৰিদর্শক, এ বি শাখাৰ ৩২০টা উপ–পৰিদর্শক পদৰ উপৰি ১০টা সহকাৰী উপ–নিয়ন্ত্রক (জুনিয়ৰ) পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷

সেইদিনাই দিনৰ ২ বজাৰ পৰা ৪ বজালৈ ৭০৫টা ইউ বি শাখাৰ কনিষ্টবল পদ আৰু ১,৪২৯টা এ বি শাখাৰ কনিষ্টবল পদৰ বাবেও লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ এই পদসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া সংযুক্ত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই৷ ন’ডেল এজেঞ্চী হিচাপে ছেবাক দায়িত্ব অর্পণ কৰিলেও জিলা পর্যায়ত সুচলভাৱে পৰীক্ষাসমূহ পৰিচালনা কৰাৰ বাবে গঠন কৰা হ’ব নিৰীক্ষণ কমিটী৷ এ আই এছ এফ বেটেলিয়নৰ বাহিৰে আন পদসমূহৰ বাবে লিখিত পৰীক্ষাসমূহ ৰাজ্যৰ ১০টা স্থানত অনুষ্ঠিত কৰা হ’ব৷ এই স্থানসমূহ হৈছে– তিনিচুকীয়া, ডিফু, যোৰহাট, শিলচৰ, গুৱাহাটী, বঙাইগাঁও, কোকৰাঝাৰ, তেজপুৰ, নগাঁও আৰু হাফলং৷

You might also like