নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীৰ ৩ নং দক্ষিণ মাক্ৰাত আৰক্ষীৰ অভিযানত অবৈধ আধাৰ কেন্দ্ৰ উৎখাত

আধাৰ কাৰ্ডৰ যাৱতীয় বিভিন্ন সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা   ১৯ জানুৱাৰী: আধাৰৰ নামত অবৈধ বেহা এচাম দুষ্ট চক্ৰৰ। সম্প্ৰতি বিভাগীয়ভাবে আধাৰ কাৰ্ড বনোৱা বন্ধ যদিও চিৰাং জিলাৰ বিজনীৰ ৩ নং দক্ষিণ মাক্ৰাত এচাম দুষ্ট চক্ৰই চলাই গৈছিল আধাৰ কাৰ্ডৰ অবৈধ ব্যৱসায়। বৰপেটাৰ ID ব্যৱহাৰ কৰি অনধিকাৰ আধাৰ কেন্দ্ৰ স্থাপন কৰি স্থানীয় এগৰাকী মহিলাৰ সহযোগত বৰপেটাৰ হাউলিৰ হাজিপাৰা নিবাসী আবুল কালাম আজাদে চলাই গৈছিল আধাৰৰ এই অবৈধ বেহা। গ্ৰাহকৰ পৰা ডেৰ-দুইহাজাৰ পৰ্যন্ত ধন লোৱা বুলি অভিযোগ আছিল দুষ্ট চক্ৰটোৰ বিৰুদ্ধে। এই খবৰ লাভ কৰি বল্লমগুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সিদ্ধেশ্বৰ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ৩ নং দক্ষিণ মাক্ৰাস্থিত অবৈধ আধাৰ কেন্দ্ৰটোত অভিযান চালাই আধাৰ কাৰ্ড বনোৱাত ব্যৱহৃত প্ৰিণ্টাৰ মেছিন, স্কেনাৰ, ফিংগাৰ প্ৰিণ্ট থাম্প, আই ৰিছ, আধাৰ কাৰ্ডৰ যাৱতীয় নথিপত্ৰসহ AS 15N 6136 নম্বৰৰ এখন বাজাজ CT100 বাইক জব্দ কৰিবলৈ সক্ষম হয় যদিও অবৈধ চক্ৰটো পলাই সাৰিবলৈ সক্ষম হয়। পাছত নিশাৰ ভাগতেই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত বৰপেটাৰ হাউলিৰ হাজিপাৰাৰ নিজ গৃহৰ পৰা এটা লেপটপসহ শোৱা পাটিৰ পৰাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত আবুল কালাম আজাদক। আনহাতে আন গৰাকী মহিলা অভিযুক্ত গৰাকী সম্প্ৰতি পলাতক অৱস্থাত আছে।

You might also like