নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী: ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰচনে ভাৰতত গঁড়ৰ চোৰাং চিকাৰ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাক প্ৰশংসা কৰিছে। কেভিন পিটাৰচনে ছ’চিয়েল মিডিয়াত লিখিছে যে-“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাম কৰা সকলোকে মোৰ শুভেচ্ছা। মই তেওঁলোকৰ বহুতক লগ পাইছোঁ আৰু তেওঁলোক সকলোকে সন্মান কৰিছোঁ।”
উল্লেখ কৰিবলাগিব যে অসমত কংগ্ৰেছৰ শাসনকালত ১৬৭ টা গঁড় চিকাৰ হৈছিল। আনহাতে ২০২১ চনত মাত্ৰ ১টা গঁড় চিকাৰ হৈছিল। এই অৰ্থত, অসমত গঁড়ৰ চোৰাং চিকাৰ ২০২১ চনত যোৱা ২১বছৰতে সৰ্বনিম্ন।
মন কৰিবলগীয়া যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ চোৰাং চিকাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ২০২১ চনৰ জুন মাহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত গঁড়ৰ চোৰাং চিকাৰ প্ৰতিহত কৰিবলৈ এটা টাস্ক ফ’ৰ্চ গঠন কৰা হৈছিল।
Bravo, @narendramodi and bravo to all the men and women who sacrifice their lives in protecting the animals in India too. I’ve met lots of them and I respect you immensely! ?? https://t.co/x4P0fZs5co
— Kevin Pietersen? (@KP24) January 19, 2022