কংগ্রেছ–ইউডিএফ–বিজেপিক কিমানে বিজেপিক ভোট দিব এবছৰ আগতে পৰিকল্পনা হৈ আছে
ৰাজ্যসভাৰ নির্বাচনক লৈ মুখ্যমন্ত্রীৰ তাৎপর্যপূর্ণ মন্তব্য
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ অসমৰ পৰা অহা এপ্রিল মাহত খালী হ’বলগীয়া ৰাজ্যসভাৰ দুখন আসনৰ বাবে অনুষ্ঠিতব্য উপ–নির্বাচন সন্দর্ভত তাৎপর্যপূর্ণ মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শুকুৰবাৰে শিলচৰত কংগ্রেছ–এআইইউডিএফ– কিমানজনে বিজেপিক ভোট দিব, তাৰ পৰিকল্পনা এবছৰ আগতেই হৈ আছে বুলি মুখ্যমন্ত্রী ড০ শর্মাই দাবী কৰে৷ ৰাজ্যসভাৰ নির্বাচনত বিধায়কৰ সংখ্যাৰ দিশৰ পৰা পৰাজিত হোৱাটো স্পষ্ট হৈ থকা কংগ্রেছে এআইইউডিএফৰ সহায় বিচৰাৰ প্রসংগ উনুকিয়াই দি সাংবাদিকে প্রতিক্রিয়া জানিব বিচৰাত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কংগ্রেছ–এআইইউডিএফ সকলোৱে ক’ৰ পৰা কিমান ভোট দিব, সেইটোৰ সিদ্ধান্ত হৈয়েই আছে৷ সহায় খুজিলে কি লাভ হ’ব? এআইইউডিএফৰ কিমানে বিজেপিক ভোট দিব, কংগ্রেছৰ কিমানে বিজেপিক ভোট দিব আৰু বিপিএফৰ কিমানে বিজেপিক ভোট দিব, সেইবিলাকৰ পৰিকল্পনা আমাৰ এবছৰ আগতেই হৈ আছে৷ এতিয়া সহায় খুজিলে কি হ’ব? আমি কেৱল এআইইউডিএফৰ ভোট নলওঁ৷ সেইটো বেলেগ কথা৷ বাকী সকলো সাজু হৈ আছে৷ বৰাক উপত্যকাৰ কোনো বিৰোধী বিধায়কে বিজেপিত যোগদান কৰিব নেকি বুলি সোধাত তেওঁ বিষয়টো কার্যতঃ নাকচ কৰে৷ বৰাক উপত্যকাত এইটোৰ সুযোগ নাই৷ কাৰণ জনগাঁথনিয়ে আমাক সমর্থন নকৰে৷ বন্ধু থাকিব৷ কিন্তু ইয়াত উপ–নির্বাচন অনুষ্ঠিত কৰি লাভ নহ’ব৷