নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ

আজি অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহঃ

 আর্থিক ঘোষণাৰ ক্ষেত্ৰত নির্দেশনা • চৰকাৰী ভ্ৰমণ আৰু ৰাজহুৱা কাৰ্যসূচীৰ সময়ত মন্ত্রীসকলে কেৱল ইতিমধ্যে বাজেটৰ অংশ হোৱা আঁচনি বা আন যিকোনো চৰকাৰী ঘোষণাৰ বিষয়েহে তথ্য প্রদান কৰিব
• বিত্তীয় শৃংখলতা বজাই ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্রীকে ধৰি মন্ত্ৰীসকলে পর্যাপ্ত বিত্তীয় সম্পদৰ উপলব্ধতাৰ কথা বিবেচনা নকৰাকৈ কোনো নতুন ঘোষণা কৰিব নোৱাৰিব। অৱশ্যে বিভাগীয় আলোচনা মর্মে সভাত আঁচনিৰ কথা উল্লেখ কৰিব পৰা যাব
পৌৰ নিগমৰ নির্বাচনঃ• ৰাজ্যিক নির্বাচন আয়োগে ১০ মার্চ ২০২২-ৰ আগতে পৌৰ নির্বাচন অনুষ্ঠিত কৰিব
বিধানসভাৰ বাজেট অধিৱেশন • অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২২ ১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব

 সীমিত বাহনেৰে মুখ্যমন্ত্ৰীৰ কনভয় • জনসাধাৰণৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি এছক’ৰ্ট আৰু পাইলট গাড়ীসমূহক বাদ দি মুখ্যমন্ত্ৰীৰ কনভয়ত গাড়ীৰ সংখ্যা গুৱাহাটী মেট্রপলিটান এলেকাৰ ভিতৰত ৬খন আৰু অন্যান্য এলেকা / জিলাত ১২খনত
সীমাবদ্ধ থাকিব  মুখ্যমন্ত্ৰীৰ যাত্ৰাৰ সময়ত নাগৰিকৰ চলাচলত ব্যাঘাত জন্মােৱা নহ’ব। সুৰক্ষাজনিত অত্যন্ত প্রয়ােজনত।
২ মিনিট বা তাতকৈ কম সময়ৰ বাবেহেবাহন চলাচল স্থগিত ৰখা হ’ব ।

এম্বুলেঞ্চ চলাচলৰ ক্ষেত্ৰত কোনাে ধৰণৰ বাধা নাথাকিব
সম্বর্ধনাৰ ক্ষেত্ৰত নির্দেশনা • ৰাজহুৱা কামত অধিক সময় ব্যয়ত প্রাধান্য প্রদানেৰে মুখ্যমন্ত্রী, মন্ত্রী তথা জ্যেষ্ঠ বিষয়াসকলক সম্বর্ধনা/উপহাৰ প্ৰদানৰ প্রথা বন্ধ। অৱশ্যে, অতিথিসকলৰ প্রতি উপযুক্ত সৌজন্যতা প্রদর্শন কৰা হ’ব
জিলা দিৱস পালন • জিলা গঠনৰ তাৰিখত অসমৰ সকলাে জিলাত স্থানীয় লােকৰ সক্রিয় সহযােগিতাৰে জিলা দিৱস উদযাপন।

যিবােৰ জিলাত কোনাে অধিসূচনা উপলব্ধ নহয় সেই জিলাত জিলাখনৰ প্ৰথমগৰাকী উপায়ুক্তৰ
যােগদানৰ তাৰিখটো জিলা দিৱস হিচাপে পালন কৰা হ’ব।

You might also like