ড০ জিতেন হাজৰিকাক ডিব্রুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য নিযুক্তি
নিয়মীয়া বাৰ্তা ,৩০ জানুৱাৰীঃ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য হিচাপে বর্তমান পঞ্জীয়ক পদত কর্মৰত ড০ জিতেন হাজৰিকাক আজি আচার্য তথা ৰাজ্যপাল, অধ্যাপক জগদীশ মুখীয়ে নিযুক্তি প্রদান কৰিছে৷ অহা ৩১ জানুৱাৰীত ড০ জিতেন হাজৰিকাহ উপাচার্য হিচাপে দায়িত্ব গ্রহণ কৰাৰ কথা৷
উল্লেখ্য যে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰঞ্জিত তামুলীক অপসাৰণৰ পাছত ড০ লীলাকান্ত নাথক উপাচার্য হিচাপে দায়িত্ব দিছিল৷ অহা ৩১ জানুৱাৰীত তেওঁ অৱসৰ গ্রহণ কৰিব৷ সেয়ে আজি ৰাজভৱনৰ তৰফৰ পৰা এখন পত্রৰ জৰিয়তে পৰৱর্তী উপাচার্য হিচাপে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ জিতেন হাজৰিকাক এহ গুৰুদায়িত্ব অর্পণ কৰিছে৷ উজনি অসমৰ বৌদ্ধিক পীঠস্থান ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে দায়িত্ব দিয়াৰ পাছত ড০ হাজৰিকাই ‘নিয়মীয়া বার্তা’ক কয় যে ৰাষ্ট্রীয় শিক্ষা নীতি যথাযথভাৱে প্রয়োগ কৰাটোৱেহ হ’ব আমাৰ বাবে প্রত্যাহ্বান৷তদুপৰি বিশ্ববিদ্যালয়খনৰ সর্বতোপ্রকাৰৰ উন্নতিয়েহ হ’ব মোৰ প্রথম আৰু প্রধান লক্ষ্য৷ মোক এনে এখন আসন দিয়া বাবে মহ নিজে হতবাক৷ কিন্তু দায়িত্ব নিষ্ঠাৰে পালন কৰাত কোনো কৃপণালি নকৰোঁ৷
উল্লেখ্য যে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচার্য ড০ ৰঞ্জিত তামুলীৰ সীমাহীন দুর্নীতিৰ বিষয়ে বাতৰি প্রকাশ হোৱাৰ পাছতে সেহ বাতৰি সত্য প্রমাণিত হৈছিল আৰু তেওঁক অনিয়মৰ অভিযোগত উপাচার্য পদৰ পৰা অপসাৰণ হৈছিল৷