নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰএছএছৰ মুৰব্বী মোহন ভাগৱতৰে মুখ্যমন্ত্রীৰ বৈঠক

শিলচৰত ড০ শর্মা

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে  শিলচৰত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতক সাক্ষাৎ কৰে৷ দেওবাৰে দুপৰীয়া শিলচৰত উপস্থিত হৈয়েই মুখ্যমন্ত্রী ড০ শর্মাই শিলচৰ চহৰৰ অম্বিকাপট্টিত থকা ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কার্যালয়ত উপস্থিত হৈ সংঘৰ মুৰব্বী মোহন ভাগৱতক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয়৷ ইয়াৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই কাছাৰ জিলাৰ লক্ষীপুৰত শিৱপুৰ–লক্ষীপুৰ পথৰ চিৰি নৈৰ ওপৰত শ্বহীদ নন্দলাল পকী দলঙৰ ভাৰসাম্যৰ কামৰ উদ্বোধনী অনুষ্ঠানত অংশগ্রহণ কৰে আৰু বাকী থকা কামৰ নির্মাণকার্যৰ আধাৰশিলা স্থাপন কৰে৷ এই মুখ্য দলংখনৰ বাকী থকা কামৰ লগতে সংযোগী পথ আৰু সুৰক্ষাৰ কামো নাবার্ডৰ আৰআইডিএফ–XXVIIৰ অধীনত ৰূপায়ণ কৰা হ’ব৷ উল্লেখ্য যে নাবার্ডৰ আৰআইডিএফ–XXVIIৰ অধীনত এই দলংখন নির্মাণৰ বাবে অনুমোদন জনোৱা হৈছিল আৰু ২০০৫ চনত এই কামৰ বাবে আবণ্টন দিয়া হৈছিল৷ এই মূল দলংখনৰ দায়িত্বত থকা ঠিকাদাৰজনৰ ২০১০ চনত আকস্মিক বিয়োগ ঘটাত তেতিয়াৰ পৰা ছুপাৰ ষ্ট্রাকচাৰ, সুৰক্ষাৰ কাম আৰু দলংখনৰ সংযোগী পথৰ কাম ২০২১ চনৰ আগষ্ট মাহলৈকে পৰিত্যক্ত অৱস্থাত আছিল৷

লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়ে দলংখনৰ বাকী থকা কাম সম্পূর্ণ কৰাৰ বাবে প্রয়াস চলায়৷ বিধায়কগৰাকীৰ প্রস্তাৱ অনুসৰি নাবার্ডৰ আৰআইডিএফ–XXVIIৰ অধীনত ৬২৩.৪৮৪ লাখ টকা ব্যয় সাপেক্ষে এই বাকী থকা কাম সম্পূর্ণ কৰাৰ বাবে লক্ষীপুৰ চিভিল ছাব–ডিভিজন টেৰিট’ৰিয়েক ৰোড ডিভিজনে ৰাজ্য চৰকাৰলৈ প্রয়োজনীয় প্রস্তাৱ প্রেৰণ কৰে আৰু ৰাজ্য চৰকাৰে ইয়াত অনুমোদন জনায়৷ এই উপলক্ষে আয়োজিত সভাত ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সকলো শ্রেণীৰ জনসাধাৰণ উপকৃত হ’ব পৰাকৈ দলংখনৰ বাকী থকা কামখিনি নির্ধাৰিত সময়ৰ ভিতৰত সম্পূর্ণ কৰা হ’ব৷ লক্ষীপুৰ সমষ্টিৰ বিধায়ক কৌশিক ৰায়ে দলংখনৰ নির্মাণ পুনৰ আৰম্ভ কৰাৰ বাবে লোৱা প্রয়াসক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই দলংখন সম্পূর্ণ হৈ উঠিলে শিলচৰ আৰু লক্ষীপুৰৰ মাজৰ দূৰত্ব হ্রাস পোৱাৰ লগতে যাত্রীৰ ভ্রমণৰ সময়সীমাও হ্রাস পাব৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেন্দ্র আৰু ৰাজ্য চৰকাৰে বৰাক উপত্যকাত পথ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে কাম কৰি আহিছে৷ দলংখনৰ যিখিনি কাম আধৰুৱা হৈ ৰৈছিল, সেই কাম অগ্রাধিকাৰৰ ভিত্তিত সম্পূর্ণ কৰি জনসাধাৰণৰ সেৱাৰ বাবে উৎসর্গিত কৰা হ’ব৷ ৰাইজৰ সুবিধার্থে নৱেম্বৰৰ ভিতৰত নির্ধাৰিত সময়ত সেই কাম সম্পূর্ণ কৰাৰ লগতে দলংখনৰ ওচৰত শ্বহীদ নন্দলালৰ এটা মূর্তি স্থাপন কৰাৰ কথাও মুখ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰে৷ সেইদৰে লক্ষীপুৰ সংহত মহকুমাধিপতিৰ কার্যালয় নির্মাণৰ ২৫ কোটি টকা প্রদানৰ ঘোষণা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চলিত বছৰৰ মে’–জুন মাহৰ পৰা এই কাম আৰম্ভ হ’ব৷ একেদৰে লক্ষীপুৰত এখন ষ্টেডিয়াম নির্মাণৰ বাবে ১২ কোটি টকা ঘোষণা কৰাৰ উপৰি লক্ষীপুৰত জি এন এম নার্ছিং প্রতিষ্ঠান এখনো স্থাপন কৰা হ’ব বুলি কয়৷ লক্ষীপুৰৰ নেহৰু মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ কাম আগন্তুক শৈক্ষিক বর্ষৰ পৰা আৰম্ভ কৰাৰ লগতে লক্ষীপুৰত থকা চৰকাৰী হাস্পতালখন ১০০খন বিছনাযুক্ত অসামৰিক হাস্পতাললৈ উন্নীত কৰা হ’ব বুলি উল্লেখ কৰে৷ আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বনমন্ত্রী পৰিমল শুক্লবৈদ্য, সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়ক কৌশিক ৰায়, তৰংগ গগৈ, দীপায়ন চক্রৱর্তী, মিহিৰকান্তি সোম উপস্থিত থাকে৷
অসমত গঁড় হত্যাৰ চক্র এটা এতিয়াও তৎপৰ হৈ আছে
অসমত গঁড়ৰ খড়গ আৰু গঁড় হত্যাৰ বাবে এটা চক্র এতিয়াও তৎপৰ হৈ আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই সেই মন্তব্য কৰি কয় যে গঁড় হত্যা ৰোধৰ বাবে সকলো সজাগ থাকিব লাগিব৷ যাতে কোনো চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰিব নোৱাৰে৷

You might also like