বিশেষ বাৰ্তা, ৩১ জানুৱাৰীঃ এজনী, দুজনী নহয়, শুনিবলৈ অবিশ্বাস্য হলেও সঁচা যে থাইলেণ্ডৰ এজন লোকে আঠগৰাকী পত্নীৰে সুখৰ জীৱন কটাইছে। এখন ছাদৰ তলতে সংসাৰ তেওঁলোকৰ। বর্তমান যুগত এজনী পত্নীৰে য’ত সংসাৰ চলোৱাত সমস্যা, যি সময়ত বিবাহ বিচ্ছেদৰ দৰে ঘটনা ক্ৰমাৎ বাঢ়িছে, তেনে সময়ত এই ঘটনাই চকু কঁপালত তুলিছে সকলোৰে।
নাম অং ডাম ছোৰট। যোৱা কিছু দিনৰ পৰা তেওঁ বিপুল চর্চাত। ছোৰট পেচাত এজন টেটু শিল্পী। ছোৰটে কয় যে, আঠ পত্নীৰ সৈতে খুব সুখত সংসাৰ কৰিছে তেওঁ। আনকি ঘৈণিয়েকবোৰৰ মাজতো বৰ মিল, কোনো হাই-উৰুমি-অশান্তিও নাই। আটাইগৰাকী পত্নীকে তেওঁ খুব ভাল পায়, সকলোৰে যত্ন লয়। প্রতিগৰাকীৰ সৈতে প্রথম দেখাতে প্রেম হৈছিল। আৰু তেনেকৈয়ে বিয়াও পাতে। বহু সম্পত্তিৰ গৰাকী ছোৰটৰ আটাইকেইগৰাকী পত্নীয়ে একেটা ঘৰৰ বেলেগ বেলেগ কোঠাত শোৱে আৰু গিৰিয়েকৰ সৈতে নিবিড় সময় কটাবলৈ নিজৰ পাল অহালৈ অপেক্ষা কৰে।