নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউ পিৰ নিৰ্বাচন, কিয় নাম সলনি হ’ল খাদ্যৰ দোকানৰ

মথুৰাৰ এটি ধর্মীয় এলেকা, য’ত ওচৰা-ওচৰিকৈ আছে এটা মন্দিৰ আৰু মছজিদ এটা। তাৰে আশে-পাশে ৰাস্তাত থকা মুছলিম ৰেস্তোৰাৰ বেছিভাগেই এতিয়া খালী বা বন্ধ। বিগত বৰ্ষত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীয়ে ধর্মীয় অনুভূতিৰ দোহাই দি মাংসত নিষেধাজ্ঞা জাৰি কৰাৰ নিৰ্দেশ দিয়াৰ পাছতে তেওঁলোকৰ ব্যৱসায় ধ্বংসৰ গৰাহলৈ যায়।

এতিয়া আগন্তুক মাহৰ নির্বাচনৰ পূৰ্বে যোগী আদিত্যনাথে মন্দিৰৰ দিশে দৃষ্টি আকর্ষণ কৰি কৈছে যে তেওঁ এই ঠাইদোখৰৰ আধিপত্য লৈ মুছলমানৰ সৈতে দীর্ঘকাল ধৰি চলি থকা বিৰোধত হিন্দুকে চেম্পিয়ন কৰিব। তাকে লৈ চলিছে প্ৰচাৰ। মথুৰাৰ মন্দিৰৰ বিবাদৰ কথাৰে নিৰ্বাচনী সভা আৰু ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলোৱা কাৰ্যত উদ্বিগ্ন হৈছে অঞ্চলটোৰ মুছলমান লোকসকল। অ’পিনিয়ন পলতো বিজেপিয়ে সংখ্যা গৰিষ্ঠতা লাভ কৰিব বুলি প্ৰকাশ হৈছে। সেয়ে সময়ৰ সৈতে খোজ মিলাই ইয়াৰে খাদ্যৰ দোকান চলোৱা সাধাৰণ যুৱক এজন এতিয়া চৰ্চালৈ আহিছে।

আভেদ খান,৩০ বছৰীয়া মুচলিম যুৱকজনে মথুৰাত এখন ঠেলা গাড়ীৰে খাদ্যৰ দোকান চলাই আহিছে। তেওঁ শেহতীয়াকৈ নিজৰ দোকানখনৰ নাম সলনি কৰিছে। ‘শ্রীনাথ দোছা’ নামেৰে তেওঁ ব্যৱসায় চলাই আহিছিল। এদিন এদল মানুহ আহি তেওঁৰ দোকানৰ ছাইনবোৰ্ড ভাঙি পেলাই হিন্দু নামৰ ব্যৱহাৰ বন্ধ কৰিবলৈ ভাবুকি দিয়ে। তাৰ পাছতে ব্যৱসায়ৰ নাম সলনি কৰি ‘আমেৰিকান ডোছা কৰ্ণাৰ’ কৰে আভেদে। কিন্তু তেওঁলোকৰ অপেক্ষা নিৰ্বাচনলৈ। যদিহে ভোটত আকৌ বিজেপি জয়ী হয়, তেন্তে ব্যৱসায় বন্ধ কৰি আন কথা চিন্তা কৰিব লাগিব আভেদৰ দৰে দোকানীয়ে। কিয়নো মুছলমান এলেকাত মাংস নোহোৱা খাদ্যৰ চাহিদা নাই।

You might also like