সৰস্বতী পূজাৰ আগতে ওজন হ্রাস কৰিব বিচাৰে নেকি?
আপুনি এনে কিছু খাদ্য খাব লাগিব যিয়ে আপোনাৰ ওজন নিয়ন্ত্রণত সহায় কৰিব আৰু স্বাস্থ্য ভালে ৰাখিব৷ বহু লোকে ভাবে কম খালেহে ওজন হ্রাস হয়৷ কিন্তু পুষ্টিবিদসকলে কৈছে যদি ওজন হ্রাস কৰোঁতে শৰীৰত পর্যাপ্ত পুষ্টিৰ অভাৱ হয়, ই স্বাস্থ্যক ক্ষতি কৰিব৷ সেয়ে আপুনি খাদ্য খাব লাগিব, কিন্তু কেনেধৰণৰ খাদ্য খাব তলত উল্লেখ কৰা হ’ল–
- অ’মেগা–৩সমৃদ্ধ খাদ্য খাব লাগিব৷ অ’মেগা–৩সমৃদ্ধ খাদ্যই চর্বি হ্রাস কৰাত সহায় কৰে৷ সামুদ্রিক মাছত যথেষ্ট অ’মেগা–৩ থাকে৷ ইয়াৰ উপৰি চয়াবিনতো অ’মেগা–৩ যথেষ্ট পৰিমাণে থাকে৷
- প্র’টিনসমৃদ্ধ খাদ্য পাব৷ প্র’টিনে শৰীৰৰ পেশী শক্তিশালী কৰে৷ অতিৰিক্ত চর্বি হ্রাস কৰাত প্র’টিনেও যথেষ্ট সহায় কৰে৷ দুগ্ধজাত সামগ্রী, কণী আৰু সেউজীয়া পাচলিত প্র’টিন থাকে৷
- পটাছিয়ামসমৃদ্ধ খাদ্য খাব৷ এক অধ্যয়নত কোৱা হৈছে যে পটাছিয়ামে ওজন নিয়ন্ত্রণত ৰাখি শৰীৰক স্বাস্থ্যৱান কৰি ৰাখে৷ ইয়াৰ উপৰি পটাছিয়ামে শৰীৰৰ কোষবোৰত উপকাৰী উপাদান প্রদান কৰে৷ পটাছিয়াম দাইল, পালেং শাক, ব্রকলিত প্রচুৰ পৰিমাণে থাকে৷
- ভিটামিন ‘চি’সমৃদ্ধ খাদ্য খাব৷ ভিটামিন ‘চি’য়ে শৰীৰৰ পৰা সকলো দূষিত পদার্থ আঁতৰাই শৰীৰ সতেজ কৰি ৰাখে৷ টেঙা, সেউজীয়া পাচলি, ষ্ট্র’বেৰীত ভিটামিন ‘চি’ পোৱা যায়৷
- আঁহসমৃদ্ধ খাদ্য খাব৷ আঁহজাতীয় খাদ্যই হজম বৃদ্ধি, ওজন হ্রাস, কলেষ্টৰেল হ্রাস, উচ্চ ৰক্তচাপ হ্রাস কৰাত সহায় কৰে৷ বিভিন্ন শস্য, বাদাম আদিত পর্যাপ্ত পৰিমাণৰ আঁহ থাকে৷