নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্রণ কৰিব

-ডাঃ দীপজ্যোতি শর্মা (পি.টি.)

উচ্চ ৰক্তচাপ বা হাইপ্রেছাৰ অথবা হাইপাৰটেনচন সাম্প্রতিক সময়ত দ্রুতগতিত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা অন্যতম সমস্যা৷ আজিকালি তুলনামূলকভাৱে অতি কম বয়সীয়া লোকৰ মাজতো এই ৰোগে গা কৰি উঠিছে৷ এই উচ্চ ৰক্তচাপৰ ফলত হূদৰোগত আক্রান্ত হোৱাৰ লগতে ব্রেইন ষ্ট্র’ক, চকুৰ ৰেটিনাৰ ক্ষতি হোৱা আনকি মৃত্যু পর্যন্ত হোৱা দেখা যায়৷ আচলতে শৰীৰৰ যেতিয়া ধমনীবোৰত ৰক্তচাপ বৃদ্ধি কৰে, তেতিয়া হূদযন্ত্রই স্বাভাৱিকতকৈ অধিক কাম পূর্ণগতিত কৰিব লগা হয় আৰু এই কার্যকে সহজ ভাষাত উচ্চ ৰক্তচাপ বুলি কোৱা হয়৷ সাধাৰণতে ৰক্তচাপৰ স্বাভাৱিক স্তৰ ১১০/৮০ mm og Hg)ৰ ভিতৰত থাকিব লাগে, কিন্তু যেতিয়া ৰক্তচাপৰ স্তৰ ইয়াতকৈ অধিক হয়, তেতিয়া সেই স্থিতিক উচ্চ ৰক্তচাপত আক্রান্ত হোৱা বুলি ক’ব পৰা যায়৷
উচ্চ ৰক্তচাপৰ কাৰণসমূহ ঃ

  • কোনো ধৰণৰ শাৰীৰিক পৰিশ্রম নকৰা ব্যক্তি৷
  • ঘিউ, মাখন, বনস্পতি ঘি, মাংস, কণী, নাৰিকলৰ তেল, কডলিভাৰ অইল আদি সম্পৃক্ত চর্বি আৰু প্র’টিন বিশিষ্ট আহাৰ বেছিকৈ খোৱা ব্যক্তি৷
  • নিমখ বেছিকৈ খোৱা৷ এদিনত মাত্র পাঁচ গ্রামতকৈ বেছি নিমখ খাব নালাগে৷
  • মদ্যপানৰ ফলত তেজত এলকহলৰ পৰিমাণ বেছি হ’লে ৰক্তচাপ বাঢ়ে৷
  • হূদৰোগত আক্রান্ত ব্যক্তিৰ ৰক্তচাপ বঢ়াৰ আশংকা থাকে৷

ৰক্তচাপ বর্ধিত লক্ষণসমূহ ঃ

  • মূৰৰ ঘূৰণি
  • কান্ধৰ বিষ
  • বমি বা ওকালি অহা
  • শ্বাস–প্রশ্বাসত কষ্ট পোৱা
  • বকুৰ ধপধপনি বৃদ্ধি বা বিষ অনুভৱ কৰা
  • মুখ–কাণ ৰঙা পৰা
  • মানসিক অশান্তি ইত্যাদি

প্রতিৰোধী ব্যৱস্থাসমূহ ঃ

  • দৰাচলতে দেহৰ ওজন নিয়ন্ত্রণ কৰি ৰাখিব লাগে৷ এজন প্রাপ্তবয়স্ক লোকে দেহৰBMI 20/25 Kg/Sq metreৰ ভিতৰত ৰাখিব পাৰিলে উচ্চ ৰক্তচাপৰ আশংকা নাইকিয়া হৈ যায়৷ ইয়াৰ বাহিৰেও চেনি বা চেনি মিহলাই প্রস্তুত কৰা খাদ্য সম্ভাৰ কিছু পৰিমাণে বন্ধ কৰিব লাগিব৷
  • দৈনিক নিমখ সেৱন ৬ গ্রামৰ তলত হ’ব লাগে৷ এই পৰিমাণত নিমখ খালে দেহত দৈনিক ২.৪ গ্রামতকৈ কম নিমখ সোমাব আৰু এইখিনি নিমখে ৰক্তচাপ বঢ়াব নোৱাৰে৷
  • খাদ্যত বেছিকৈ ফলমূল আৰু সেউজীয়া শাক–পাচলিৰ মাত্রা বেছি হ’ল উচ্চ ৰক্তচাপ নিয়ন্ত্রণত থাকে৷ তাৰ উপৰি পটাছিয়ামসমৃদ্ধ ফল যেনে– কল, মধুৰিয়াম, ডালিম আদি ৰক্তচাপ নিয়ন্ত্রণত যথেষ্ট সহায়ক৷
  • মাহজাতীয় শস্য নিজৰ আহাৰত অন্তর্ভুক্ত কৰিও উচ্চ ৰক্তচাপৰ পৰা পৰিত্রাণ পাব পাৰি৷
  • অত্যধিক মদ্যপানৰ পৰা বিৰত থকাৰ লগতে দৈনিক ৭/৮ ঘণ্টাৰ টোপনিৰ অভ্যাসে উচ্চ ৰক্তচাপৰ পৰা বচাই ৰাখে৷
    মুঠৰ ওপৰত এজন ব্যক্তিয়ে এই নিয়মসমূহ সুচাৰুৰূপে পালন কৰাৰ লগতে জীৱন ধাৰণৰ মান উন্নত কৰি অন্যান্য ৰোগৰ পৰা হাত সাৰি সুস্থ জীৱন এটা অনায়াসে লাভ কৰিব পাৰি৷
You might also like