আজি মুখ্যমন্ত্রীৰ ৫৩সংখ্যক জন্মদিন
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৫৩সংখ্যক জন্মদিন৷ প্রিয় নেতাৰ জন্মদিন উপলক্ষে উছাহৰ অন্ত নাই মুখ্যমন্ত্রী ড০ শর্মাই অসম বিধানসভাত প্রতিনিধিত্ব কৰা জালুকবাৰী সমষ্টিৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ গুণমুগ্ধ–নুৰাগীসক্৷ ৰাজ্য–জালুকবাৰী সমষ্টিৰ প্রান্তে প্রান্তে সামূহিকভাৱে গ্রহণ কৰা হৈছে মুখ্যমন্ত্রী ড০ শর্মাৰ জন্মদিনৰ আড়ম্বৰপূর্ণ বিস্তৃত কার্যসূচী৷ জালুকবাৰী সমষ্টিৰ অন্তর্গত মালিগাঁও, পাণ্ডু অঞ্চলত ৰাইজে আজিৰে পৰা তিনিদিনীয়াকৈ মুখ্যমন্ত্রী ড০ শর্মাৰ জন্মদিনৰ কার্যসূচী উদ্যাপন কৰিছে৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সীমিত পৰিসৰত আয়োজিত জন্মদিনৰ কার্যসূচীৰ লগত সংগতি ৰাখি পাণ্ডু, মালিগাঁও আৰু আদাবাৰী অঞ্চলত আজি স্বেচ্ছামূলক ৰক্তদান শিবিৰ, ছাত্র–ছাত্রীৰ মাজত চিত্রাংকন প্রতিযোগিতা আৰু বৃক্ষৰোপণ সম্পন্ন কৰা হ’ব৷ তদুপৰি স্বচ্ছতা–আলোকসজ্জাৰ্ আজি জিলিকি উঠে মালিগাঁও৷ পুৱাৰ ভাগত চাফাই অভিযানৰ বাবে হাতে হাতে ঝাড়ু লৈ ওলাই আহে বিভিন্নজন৷ সেইদৰে বিভিন্ন আলোকসজ্জাৰে উদ্ভাসিত হৈ পৰে সন্ধিয়াৰ মালিগাঁও৷
সমান্তৰালভাৱে সজাই তোলা হৈছে মুখ্যমন্ত্রী ড০ শর্মাৰ প্রতিচ্ছবি৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মংগল, সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনাৰে পহিলা ফেব্রুৱাৰীত হোম–যজ্ঞ অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তা দ্বিজেন লহকৰে জানিবলৈ দিছে৷ ইফালে, ২০০৩ চনৰ পৰা স্থানীয় বিধায়ক ড০ শর্মাৰ জন্মদিন পালন কৰি অহা ঐতিহাসিক পাণ্ডুনাথ দেৱালয়ত এইবেলিও পহিলা ফেব্রুৱাৰীৰ সন্ধিয়া ৫ বজাত ড০ শর্মাৰ মংগল কামনা কৰি সমূহীয়াভাৱে বন্তি প্রজ্বলন কৰা হ’ব বুলি উদ্যাপন কমিটীৰ সাধাৰণ সম্পাদক নিমাই চন্দ্র দাসে জানিবলৈ দিছে৷ কালি জন্মদিন উপলক্ষে দেৱালয় প্রাংগণত অঞ্চলটোৰ ছাত্র–ছাত্রীৰ মাজত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হৈ যায়৷ প্রতিযোগিতাৰ বিজয়ীসকলক পহিলা ফেব্রুৱাৰীৰ বিয়লি ৩ বজাত বঁটা প্রদান কৰা হ’ব৷
উল্লেখ্য যে জন্মদিনৰ কার্যসূচী সুচাৰুৰূপে উদ্যাপন কৰিবলৈ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষা তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাক সভানেত্রী, ভূপতি শর্মাক কার্যকৰী সভাপতি আৰু ৰাজু বিশ্বাসক কোষাধ্যক্ষ, নিমাই চন্দ্র দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন কার্যকৰী কমিটী গঠন কৰা হৈছে৷ ইফালে, মুখ্যমন্ত্রী ড০ শর্মাৰ আমন্ত্রণক্রমে জন্মদিনৰ দিনা কাইলৈ গুৱাহাটীত উপস্থিত হ’ব মাজুলীৰ আউনীআটী আৰু শ্রীশ্রীদক্ষিণপাট সত্রৰ মুঠ ৪৭জন কিশোৰ ভকত–বৈষ্ণৱ ভাগিন৷ প্রিয় মামাক জন্মদিনৰ উপহাৰ দিয়া, একেলগে নৈশ আহাৰ গ্রহণ কৰা আদি উদ্দেশ্যৰে ভাগিনৰ দলটো গুৱাহাটীলৈ আহিব৷ স্মর্তব্য যে মুখ্যমন্ত্রী ড০ শর্মাই কাইলৈ পুৱা ৯.৩০ বজাত উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত সেৱা ল’ব৷ ইয়াৰ পাছত দিনৰ ১১.৩০ বজাত জু–ৰোডত নির্মাণ কৰিবলগীয়া উৰণ সেতুৰ তেওঁ আধাৰশিলা স্থাপন কৰিব৷ দিনৰ ১২.২০ বজাত তেওঁ গান্ধীবস্তি প্রাথমিক বিদ্যালয় পৰিদর্শন কৰিব৷ বিয়লি ৩.৩০ বজাত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিতব্য অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই শুভাৰম্ভ কৰিব ‘মিছন সদ্ভাৱনা’ৰ৷ সন্ধিয়া ৬ বজাত জনতা ভৱনত অনুষ্ঠিত হ’বলগীয়া অইলৰ এক গ্রন্থ উন্মোচনী অনুষ্ঠানত অংশগ্রহণ কৰিব মুখ্যমন্ত্রী ড০ শর্মাই৷
শুৱালকুছিত মুখ্যমন্ত্রীৰ জন্মদিন উদ্যাপনৰ প্রস্তুতি
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৫৩সংখ্যক জন্মদিন আজি বস্ত্রনগৰী শুৱালকুছিত দিনজোৰা কার্যসূচীৰে উদ্যাপন কৰা হ’ব৷ এই উপলক্ষে শুৱালকুছি মণ্ডল বিজেপি আৰু যুৱ মর্চাই আজি পুৱা ১০ বজাত বিজেপি মণ্ডল কার্যালয়ত জন্মদিনৰ কেক কটাৰ লগতে ঈশ্বৰ শ্রীশ্রীহাটীসত্রত মুখ্যমন্ত্রীগৰাকীৰ কুশল–মংগলৰ বাবে নাম–প্রসংগৰ আয়োজন কৰিছে৷ য’ত স্থানীয় ভক্তপ্রাণ ৰাইজ আৰু বিজেপিৰ কর্মকর্তাসকলে অংশ ল’ব৷ সন্ধিয়া ৫৩গছি বন্তি প্রজ্বলন কৰিব৷ ইফালে, বিজেপি মহিলা মর্চাই ঐতিহাসিক শ্রীশ্রীসিদ্ধেশ্বৰ দেৱালয়ত পূজা–র্চনাৰ আয়োজন কৰাৰ লগতে উপস্থিতসকলৰ বাবে ভোগৰ ব্যৱস্থা কৰিছে৷ আনহাতে, বিজেপি এছ চি মর্চাই পূব শুৱালকুছিৰ কৃষ্ণ মন্দিৰত নাম–প্রসংগৰ লগতে বিভিন্ন কার্যসূচী আৰু কৃষক মর্চাই দলিবাৰী শিৱ মন্দিৰত বিভিন্ন কার্যসূচীৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উদ্যাপনৰ প্রস্তুতি চলাইছে৷
বিজেপিৰ বেজেৰা মণ্ডলত মুখ্যমন্ত্রীৰ জন্মদিনৰ কার্যসূচী
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন বিজেপি বেজেৰা মণ্ডলৰ পঞ্চায়তে পঞ্চায়তে উলহ–মালহেৰে উদ্যাপন কৰা হ’ব৷ মুখ্যমন্ত্রীৰ ৫৩সংখ্যক জন্মদিন উপলক্ষে বেজেৰা মণ্ডলৰ দলীয় কার্যকর্তাৰ লগতে সমাজৰ সকলো স্তৰৰ ৰাইজে প্রতিটো ধর্মীয় অনুষ্ঠানতে সন্ধিয়া বন্তি, মম প্রজ্বলন কৰাৰ লগতে আয়তীসকলৰ দ্বাৰা নাম–প্রসংগৰ আয়োজন কৰিছে৷ ভাৰতীয় জনতা পার্টীৰ স্থানীয় বিজেপি নেতা মাধৱ বৰাই জনোৱা অনুসৰি জালুকবাৰী ৰাইজৰ হিয়াৰ আমঠু ড০ হিমন্ত বিশ্ব শর্মাৰ ৫৩সংখ্যক জন্মদিন উপলক্ষে আজি ৫৩ জোপা গছপুলি ৰোপণ কৰাৰ লগতে কাইলৈ ৰুদ্রেশ্বৰ দেৱালয়ত বন্তি প্রজ্বলন, কণ কণ ছাত্র–ছাত্রীসকলৰ মাজত চিত্রাংকন প্রতিযোগিতা আৰু ৰুদ্রেশ্বৰ ৰাস মহোৎসৱস্থলীত আয়তীসকলৰ দ্বাৰা নাম–প্রসংগ কৰা হ’ব৷ শালমাৰাৰ কামৰূপা বহুমুখী পামৰ উদ্যোগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উপলক্ষে কামৰূপা বহুমুখী পামৰ প্রাংগণত গছপুলি ৰোপণ আৰু সম্বর্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ আনহাতে বেজেৰাৰ সামাজিক অনুষ্ঠান ৰামধেনুৰ উদ্যোগত বেজেৰা সামূহিক স্বাস্থকেন্দ্রত গছপুলি ৰোপণ কৰাৰ লগতে চিকিৎসকক সম্বর্ধনা জনোৱা আৰু শৰাইঘাট মইনা পাৰিজাতৰ কণ কণ ছাত্র–ছাত্রীৰ দ্বাৰা ৫৩সংখ্যক জন্মদিনৰ কেক কটাৰ লগতে সাহিত্য অনুষ্ঠান আয়োজন কৰা হৈছে৷ সেইদৰে আগডলা পঞ্চায়ত, মান্দাকাটা পঞ্চায়ততো চাফাই অভিযান, বন্তি প্রজ্বলন, গছপুলি ৰোপণ, আয়তীসকলৰ দ্বাৰা নাম–প্রসংগ অনুষ্ঠিত কৰা হ’ব৷
মাজুলীৰ শ্রীশ্রীদক্ষিণপাট আৰু আউনীআটী সত্রৰ কিশোৰ বৈষ্ণৱ ভাগিন উপস্থিত থাকিব মুখ্যমন্ত্রীৰ জন্মদিনত
মাজুলীৰ আউনীআটী সত্রৰ ৩০ আৰু শ্রীশ্রীদক্ষিণপাট সত্রৰ ১৭ মুঠ ৪৭জন কিশোৰ বৈষ্ণৱ ভাগিনৰ সৈতে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজৰ জন্মদিনটো উদ্যাপন কৰিব৷ পুৱা মাজুলীৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’ব এই ভাগিনসকল৷ গুৱাহাটীত উপস্থিত হোৱাৰ পাছত আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত সন্ধিয়া ৮ বজাত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত বৈষ্ণৱ ভাগিনসকলে সত্রীয়া সংস্কৃতিৰ সমাহাৰেৰে মাটিৰ আখৰা, সত্রীয়া নৃত্য, ভটিমা, গুৰুজনাৰ অমৰ সৃষ্টি বৰগীত ইত্যাদি পৰিৱেশন তথা প্রদর্শন কৰিব বুলি জানিব পৰা গৈছে৷ এই গাম্ভীর্যপূর্ণ অনুষ্ঠানত অংশগ্রহণৰ পাছত ২ ফেব্রুৱাৰীত বৈষ্ণৱ ভাগিনৰ দলটোক গুৱাহাটীৰ বিভিন্ন স্থান পৰিদর্শন কৰাৰ ব্যৱস্থা কৰিছে শিশুপ্রেমী মুখ্যমন্ত্রী ড০ শর্মাই৷ আউনীআটী সত্রৰ বৈষ্ণৱ প্রসন্ন ভূঞা বায়ন আৰু মনোজ শইকীয়া, দক্ষিণপাট সত্রৰ ব্রজেন শইকীয়াৰ নেতৃত্বত যাবলগীয়া শিশু বৈষ্ণৱসকলৰ দলটোৱে এসপ্তাহ ধৰি আখৰা কৰাৰ লগতে আজি চূড়ান্ত আখৰা সম্পন্ন কৰাৰ পাছত সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামী, শ্রীশ্রীদক্ষিণপাট সত্রৰ সত্রাধিকাৰ শ্রীশ্রীননীগোপাল দেৱগোস্বামীৰ পৰা আশীর্বাদ লয়৷ মাজুলীৰ ভাগিনহঁতে মোমায়েক ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিনৰ উপহাৰস্বৰূপে লগত নিব পকা মিঠৈ, শৰাই, গামোচা আৰু চেলেং চাদৰ৷ উল্লেখ্য যে মাজুলী ভ্রমণৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই বৈষ্ণৱ ভাগিনকেইজনক গুৱাহাটীলৈ নিয়াৰ প্রতিশ্রুতি দিছিল৷