১৫ ফেব্রুৱাৰীৰ পৰা ৰাজ্যত সম্পূর্ণৰূপে খুলিব শিক্ষানুষ্ঠান
শিক্ষার্থীলৈ সুখবৰ কঢ়িয়াই মুখ্যমন্ত্রীৰ বার্তা
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ শিক্ষার্থী আৰু অভিভাৱকসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ক’ভিডৰ তৃতীয় ঢ়ৌ আৰম্ভ হোৱাৰ পৰিপ্রেক্ষিতত এই মাহৰ প্রথমভাগৰ পৰা ৰাজ্যত অষ্টম শ্রেণীলৈ শিক্ষানুষ্ঠানসমূহত পাঠদান বন্ধ হৈ পৰে৷ ফলত ছাত্র–ছাত্রীৰ লগতে অভিভাৱকসকল সন্তানৰ শৈক্ষিক ভৱিষ্যতক লৈ যথেষ্ট চিন্তান্বিত হৈ পৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই সেই সকলো চিন্তা–দুশ্চিন্তাৰ অৱসান ঘটাই সোমবাৰে ধেমাজিত সংবাদ মাধ্যমৰ আগত অহা ১৫ ফেব্রুৱাৰীৰ পৰা ৰাজ্যখনত শিক্ষানুষ্ঠানসমূহৰ সকলো শ্রেণী খোলাৰ বিষয়ে প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই ভাষ্যৰ পাছতেই শিক্ষার্থীসকলৰ লগতে অভিভাৱকসকলৰ মনত যথেষ্ট আশাৰ সঞ্চাৰ হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিক্ষানুষ্ঠানসমূহৰ সকলো শ্রেণী অহা ১৫ ফেব্রুৱাৰীৰ পৰা খুলিব পৰা যাব বুলি আশা কৰা হৈছে৷ ৰাজ্যত ক্রমাৎ ক’ভিডৰ সংক্রমণ হ্রাস পাবলৈ আৰম্ভ কৰাৰ পৰিপ্রেক্ষিততে এই আশা কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷
মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে বর্তমান ৰাজ্যখনত দৈনিক ক’ভিডৰ সংক্রমণ দুহেজাৰৰ ওচৰা–উচৰি আছে৷ বর্তমান চৰকাৰে সেই সংক্রমণ এহেজাৰৰ সংখ্যালৈ নামি অহাৰ অপেক্ষা কৰিছে৷ সংক্রমণ দৈনিক এহেজাৰলৈ নিম্নগামী হ’লেই বর্তমান নিশা ১০ বজাৰ পৰা আৰম্ভ হোৱা সান্ধ্য আইন এঘণ্টা পিছুৱাই নিশা ১১ বজাৰ পৰা বলৱৎ কৰিব৷ ইয়াৰ বাবে আৰু দুই–তিনি দিন অপেক্ষা কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷ সেইদৰে ৰাজ্যখনৰ ১৫ৰ পৰা ১৮ বছৰৰ ৯ লাখ ছাত্র–ছাত্রীক ইতিমধ্যে ক’ভিড ভেকচিন দিয়াৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে শিক্ষানুষ্ঠান খোলা থাকিলে ভেকচিন দিয়াত কিছু সুবিধা হয়৷ অহা ২৮ ফেব্রুৱাৰীৰ পূর্বে এই ৯ লাখ ছাত্র–ছাত্রীক প্রথম আৰু দ্বিতীয় ড’জ ক’ভিড ভেকচিন দিয়াৰ লক্ষ্য স্থিৰ কৰিছে৷ মন কৰিবলগীয়া এয়ে যে ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত শিক্ষানুষ্ঠানসমূহত যোৱা দুটা বছৰত নিয়মিত ৰূপত পাঠদান নোহোৱাৰ ফলত ছাত্র–ছাত্রীসকলৰ বিস্তৰ ক্ষতি হৈছে৷ বিকল্প ব্যৱস্থা হিচাপে শিক্ষা বিভাগে অনলাইন মাধ্যমেৰে পাঠদান কৰি আহিছে যদিও বিশেষকৈ প্রাথমিক শ্রেণীৰ ছাত্র–ছাত্রীসকলে অনলাইন মাধ্যমেৰে শিক্ষা গ্রহণত সহজে অভ্যস্ত নোহোৱা বাবেই শৈক্ষিক দিশত বহু পিছপৰি গৈছে৷ এতিয়া অহা ১৫ ফেব্রুৱাৰীৰ পৰা শিক্ষানুষ্ঠানৰ সকলো শ্রেণীত পাঠদান হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই কৰা ঘোষণাক শিক্ষক সমাজৰ লগতে অভিভাৱকসকলেও আদৰণি জনাইছে৷