নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তাৰাবাৰীৰ অ’চি–আইচিসহ ১০ আৰক্ষীক ক্রাইম ব্রাঞ্চলৈ তলব

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ ৰাজ্যত চলি থকা বার্মিজ চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে এইবাৰ কঠোৰ স্থিতি লৈছে অসম আৰক্ষীয়ে৷ বিশেষকৈ বৰাকত যোৱা সময়ছোৱাত অবাধ হাৰত চলি থকা এই চুপাৰি ব্যৱসায়ে ব্যাপক প্রসাৰ লাভ কৰাৰ লগতে এই ব্যৱসায়ক লৈ আৰম্ভ হৈছিল বৃহৎ ছিণ্ডিকেট৷ শেহতীয়াকৈ কয়লা আৰু বার্মিজ চুপাৰিৰ ব্যৱসায়ৰ বাবে ৰাজ্য চৰকাৰে নতুন এছ অ’ পি অনাৰ প্রস্তুতি চলোৱাৰ সময়তে এই ছিণ্ডিকেট চক্র অধিক সক্রিয় হৈ পৰা পৰিলক্ষিত হৈছে৷ এনে অৱস্থাতে সোমবাৰে মহানগৰ আৰক্ষীয়ে অভিযান চলাই বার্মিজ চুপাৰি ছিণ্ডিকেটৰ মূল মাষ্টাৰ মাইণ্ড বিদ্যুৎ সিন্হাক মহানগৰীৰ গোটানগৰৰ পৰা গ্রেপ্তাৰ কৰিছে৷ এই সন্দর্ভত মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে আজি এখন সংবাদ মেলযোগে প্রকাশ কৰা মতে, বৰাকত পুনৰ বার্মিজ চুপাৰি ছিণ্ডিকেট আৰম্ভ কৰাৰ ক্ষেত্রত আগভাগ লৈছিল এইজন বিদ্যুৎ সিন্হাই৷ সেয়াই নহয়, এইজন ছিণ্ডিকেট কাণ্ডাৰীক আঁৰৰ পৰা সহায়–সহযোগ আগবঢ়াই আহিছে অসম আৰক্ষীয়ে৷ যাৰ বাবে কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ ধলাই, ৰংগিৰশাৰী, তাৰাপুৰ আৰক্ষী চকীৰ পৰা অ’চি, আইচিসহ ১০জনকৈ আৰক্ষীক তলব কৰিছে ক্রাইম ব্রাঞ্চে৷ মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে প্রকাশ কৰা মতে, এই ছিণ্ডিকেটৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে অসম আৰক্ষীয়ে লাভ কৰা বিভিন্ন তথ্যৰ ভিত্তিত ক্রাইম ব্রাঞ্চে যোৱা ২৫ জানুৱাৰীত ১/২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰিছিল৷

ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), ২৭৯, ৪১১, ৪৬৫, ৪৬৮ আৰু ৪৭১নং ধাৰা সন্নিৱিষ্ট কৰি ৰুজু কৰা এই গোচৰত ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে বিদ্যুৎ সিন্হাক৷ এইজন চুপাৰি ছিণ্ডিকেটকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিতে কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ কেইবাখনো আৰক্ষী চকীত কর্মৰত আৰক্ষীয়ে তেওঁক চুপাৰি সৰবৰাহৰ ক্ষেত্রত সহায় কৰাৰ তথ্য লাভ কৰা হৈছে৷ মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে এই ছিণ্ডিকেটৰ সৈতে এইসকল আৰক্ষী বিষয়া–জোৱান জড়িত থকাৰ সম্ভাৱনা প্রবল৷ ইতিমধ্যে গুৱাহাটীলৈ তলব কৰি অনা আৰক্ষী লোককেইজনক অচিৰেই জেৰা কৰিব মহানগৰ আৰক্ষীয়ে৷ মুখ্যতঃ এই ছিণ্ডিকেটৰ লগত কোন কোন জড়িত, কেনেধৰণে জড়িত, বার্মিজ চুপাৰি ক’ৰ পৰা ক’লৈ সৰবৰাহ হয়, সেই সকলো তথ্য অচিৰেই পোহৰলৈ আহিব বুলি আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে৷ এইক্ষেত্রত যদি কোনো চৰকাৰী বিষয়া জড়িত থাকে, তেন্তে তেওঁৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আজি স্পষ্ট কৰি দিয়ে আৰক্ষী আয়ুক্তগৰাকীয়ে৷

উল্লেখ্য যে ম্যানমাৰৰ পৰা মিজোৰাম হৈ বৰাকলৈ বিগত দীর্ঘসময়ৰ পৰা বার্মিজ চুপাৰিৰ আমদানি হৈ আছে৷ বৰাকৰ পৰা ব্রহ্মপুত্র উপত্যকা হৈ বহিঃৰাজ্যলৈ যোৱা এই চুপাৰিৰ চাহিদা বহিঃৰাজ্যত যথেষ্ট বেছি৷ দৰাচলতে এনে চাহিদাক লৈয়েই চুপাৰিৰ ব্যৱসায়ত নামি পৰিছে একাংশ ৰাজনৈতিক নেতা, আৰক্ষীৰ লোক৷ শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে যিকোনো ছিণ্ডিকেট অসমত চলিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰাৰ পাছত অসম আৰক্ষীয়ে এই ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিবলৈ বাধ্য হৈছে৷ ফলস্বৰূপে চুপাৰি ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগত ১০জনকৈ আৰক্ষীক ক্রাইম ব্রাঞ্চে তলব কৰিবলগীয়া হৈছে৷ আগন্তুক সময়ত এইক্ষেত্রত আৰক্ষীয়ে কেনেধৰণৰ কঠোৰ স্থিতি লয়, সেয়া যথেষ্ট লক্ষণীয় হ’ব৷
লক্ষীপুৰৰ চুনাৰী চৰত আফিং খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ বিনষ্ট প্রায় ৭০ বিঘা আখিং খেতি
গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্রৰ চুনাৰী থানাৰ অন্তর্গত কেইবাখনো চৰত মাৰাত্মক আফিং খেতি আজি জিলা আৰক্ষীয়ে বিনষ্ট কৰে৷ জনা মতে, চুনাৰী থানাৰ অন্তর্গত বহুকেইখন চৰত কিছুসংখ্যক ড্রাগ্ছ ব্যৱসায়ীৰ মাৰাত্মক ড্রাগ্ছ আফিং খেতি আছিল৷ চৰত বৃহৎ পৰিমাণৰ আফিং খেতিৰ খবৰ পাই গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফৰ দল এটাই স্থানীয় কিছুসংখ্যক লোকৰ সহায়ত ভটভটী নাৱেৰে চৰলৈ যায়৷ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকৰ নির্দেশ মতে চৰত যোৱা আৰক্ষীৰ দলটোৱে আফিং খেতিসমূহ কাটি খাস্তাং কৰে৷ গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই জানিবলৈ দিয়া মতে, চৰাঞ্চলৰ প্রায় ৭০ বিঘা মাটিৰ আফিং খেতি আজি আৰক্ষী জোৱানসকলে বিনষ্ট কৰে৷

You might also like