নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধুচন্দ্রিকাৰ নিশাই স্বামীয়ে বিক্ৰী কৰিবলৈ লৈছিল কৰিশ্মাক

কাপুৰ পৰিয়ালক লৈ বি-টাউনৰ দর্শকৰ আগ্রহৰ শেষ নাই। ৰণবীৰ কাপুৰৰ পৰা আৰম্ভ কৰি কৰীণা কাপুৰ, প্রত্যেকৰে সৰু সৰু পদক্ষেপৰ কথা শুনিবলৈ আগ্ৰহেৰে বাট চাই থাকে অনুৰাগী। এইবাৰ সংবাদ মাধ্যমৰ আগত মন খুলি কথা ক’লে কৰিশ্মা কাপুৰে। অভিনেত্ৰীগৰাকীয়ে ১৩ বছৰীয়া বিবাহ আৰু বিচ্ছেদক লৈ বহু নতুন কথা জনালে।

কৰিশ্মাই জনালে বিয়াৰ পিছদিনাৰ পৰাই তেওঁৰ স্বামী সঞ্জয় কাপুৰ তথা শহুৰৰ ঘৰৰ লোকে মানসিক অত্যাচাৰ আৰম্ভ কৰে। কেৱল সেয়াই নহয়, মধুচন্দ্রিকাৰ নিশাই তেওঁৰ স্বামীয়ে নিজৰ বন্ধুৰ শয্যাসংগী হ’বলৈ প্রস্তাৱ দিছিল কৰিশ্মাক। গিৰিয়েকে কেৱল এই ভয়ংকৰ প্রস্তাৱ দিয়েই ক্ষান্ত থকা নাছিল, তেওঁ সেই বন্ধুৰ সৈতে কৰিশ্মাৰ মূল্য নির্ধাৰণ পর্যন্ত কৰিছিল। কৰিশ্মাই প্রস্তাৱ মানি নোলোৱা বাবে সঞ্জয়ে শাৰীৰিক অত্যাচাৰ আৰম্ভ কৰে।

তদুপৰি, কৰিশ্মাৰে বিয়া পতাৰ পাছতো সঞ্জয়ে তেওঁৰ পূৰ্বৰ পত্নীৰ সৈতে সম্পর্ক বজায় ৰখাই নহয়,নিয়মিত শাৰীৰিক সম্পর্কও ৰাখিছিল। বিৰুদ্ধে ক’বলৈ গ’লেই কৰিশ্মাক সঞ্জয়ে নানাধৰণে অত্যাচাৰ কৰিছিল। অৱশেষত ২০০২ চনত সন্তানৰ কথা ভাবিয়ে দিল্লীৰ পৰা মুম্বাইলৈ উভতি অহাৰ সিদ্ধান্ত লয় তথা বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰে।

You might also like