নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কমিছনভোগীৰ আশিসত ‘ব্লেকলিষ্টেড’ জন এনার্জীৰ দপদপনি

সংহাৰী বাঘজান কাণ্ডৰ খলনায়কক অইলৰ ৰঙা দলিচা

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ দেশ জোকাৰি যোৱা সংহাৰী বাঘজান কাণ্ডৰ খলনায়ক জন এনার্জী লিমিটেডক শাস্তিৰ পৰিৱর্তে ৰঙা দলিচা পাৰি দিছে অইল ইণ্ডিয়া লিমিটেড (অইল)–এ৷ একমাত্র অইলৰ একাংশ কমিছনভোগী শীর্ষ বিষয়া আৰু পদলেহনকাৰী চক্রৰ কাৰচাজিতেই গুজৰাটৰ আহমেদাবাদস্থিত এই ঠিকাদাৰী প্রতিষ্ঠানটোৱে দুখনকৈ তৈলক্ষেত্রত ৱর্ক অ’ভাৰ চলোৱাৰ দায়িত্ব লাভ কৰিছে৷ বাঘজানবাসী কৃষক–জনতাৰ জীৱন–জীৱিকা সংকটৰ গৰাহলৈ ঠেলি দিয়া ‘ব্লেকলিষ্টেড’ জন এনার্জী এতিয়া কমিছনভোগী শীর্ষ বিষয়াসকলৰ আশিসধন্য হৈ দপদপাই আছে অইলত৷ অভিযোগ অনুসৰি একমাত্র কমিছন লাভৰ আশাতে অইলৰ একাংশ শীর্ষ বিষয়াই ‘ব্লেকলিষ্টেড’ ঠিকাদাৰী প্রতিষ্ঠানটোৰ শাস্তিৰ ম্যাদ দুবছৰৰ পৰা ছমাহলৈ হ্রাস হোৱাৰ পথ প্রশস্ত কৰি দি দুখন তৈলক্ষেত্রত ৱর্ক অ’ভাৰ চলোৱাৰ বিপৰীতে আহ্বান কৰা নিবিদাত অংশ লোৱাৰ সুযোগ প্রদান কৰে৷ এনেদৰে কুখ্যাত জন এনার্জীক অইলৰ বৰঘৰলৈ ৰঙা দলিচা পাৰি দিয়াৰ লগে লগে আন এক বাঘজান কাণ্ড সংঘটিত হোৱাৰ পথ সুচল হৈ পৰা বুলিও সর্বত্র চর্চা হৈছে৷

উল্লেখ্য যে এছ অ’ পি উলংঘা কৰাৰ পৰিণতিত বিগত ২০২০ চনৰ ২৭ মে’ত বাঘজান তৈলক্ষেত্রৰ বি জি আৰ–৫ত ব্লকআউট হোৱাৰ ফলত অহৰহভাৱে গেছ নির্গত হৈছিল৷ এই বি জি আৰ–৫ৰ দায়িত্বত আছিল জন এনার্জী৷ ব্লকআউট ৰোধ কৰাত ব্যর্থতাৰ পৰিণতিতেই একেটা বর্ষৰ ৯ জুনত সংঘটিত হৈছিল দেশ কঁপোৱা সংহাৰী অগ্ণিকাণ্ড৷ য’ত বাঘজানবাসীৰ ঘৰ–দুৱাৰ, খেতিপথাৰ ছাৰখাৰ হৈ গৈছিল৷ অকল সেয়াই নহয়, বাঘজানৰ সমীপৰ প্রকৃতিপ্রদত্ত জৈৱ–বৈচিত্র্যৰে চহকী মাগুৰী মতাপুং বিল আৰু ডিব্রু–ছৈখোৱা ৰাষ্ট্রীয় উদ্যানৰ প্রাণীকুললৈ নামি আহিছিল ভয়ংকৰ বিপদ৷ এই ঘটনাত অইলৰ দুজনকৈ সুদক্ষ কর্মচাৰীয়েও প্রাণ হেৰুৱাইছিল৷ বাঘজানৰ পাৰিপার্শ্বিক পৰিৱেশ ধ্বংসকাৰী এই সংহাৰী বাঘজান কাণ্ডৰ ফলত অইলৰ সামগ্রিকভাৱে প্রায় তিনি হাজাৰ কোটি টকা লোকচান হৈছিল৷ ধাৰাবাহিকভাৱে ১৭৫ দিন ধৰি বিৰাজ কৰা বিভীষিকাময় পৰিৱেশৰ পৰা অইলে গা বচাবলৈ প্রাথমিক পর্যায়ত ২০২০ চনৰ ২৮ মে’ত ডি আৰ এল জি/ডব্লিউ অ’/এ.২১/২১০/২০২০ নম্বৰৰ এখন পত্রযোগে জন এনার্জীলৈ কাৰণ দর্শোৱাৰ জাননী প্রেৰণ কৰিছিল৷

ইয়াৰ সমান্তৰালভাৱে অইলে তাৎক্ষণিকভাৱে নিলম্বন কৰিছিল দুজন বিভাগীয় বিষয়াক৷ পৰৱর্তী সময়ত অইলে জন এনার্জীক দুবছৰৰ কাৰণে ‘ব্লেকলিষ্টেড’ ঘোষণা কৰে৷ অইলৰ এই শাস্তিমূলক ব্যৱস্থাক প্রত্যাহ্বান জনাই জন এনার্জীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ পিছে উচ্চ ন্যায়ালয়ত অইলে ‘ব্লেকলিষ্টেড’ ঠিকাদাৰী প্রতিষ্ঠানটোৰ বিৰুদ্ধে যথোপযুক্ত তথ্যপাতি দাখিল কৰিব নোৱাৰাত আদালতে জন এনার্জীক দোষমুক্ত ঘোষণা কৰে৷ উত্থাপিত অভিযোগ অনুসৰি উচ্চ ন্যায়ালয়ত তথ্যপাতি দাখিল কৰিব নোৱাৰাটো ৰহস্যজনক৷ কমিছনলোভী বিষয়াৰ চক্রটোৱে মুনাফা অর্জনৰ স্বার্থতেই উচ্চ ন্যায়ালয়ত তথ্যপাতি দাখিল নকৰি জন এনার্জীক দোষমুক্ত হোৱাৰ পথ প্রশস্ত কৰি দিয়ে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল জন এনার্জীক দোষমুক্ত কৰাৰ পাছত এই সম্পর্কীয় ৰায় পুনৰীক্ষণৰ বাবে অইলে উচ্চ ন্যায়ালয়ত আবেদন দাখিল নকৰিলে৷ যিটো আন এক ৰহস্যজনক বিষয় বুলি অভিযোগত প্রকাশ৷ এনেদৰে দোষমুক্ত হৈয়েই জন এনার্জীয়ে পুনৰ নিবিদাত অংশগ্রহণ কৰে আৰু দুখনকৈ তৈলক্ষেত্রত ৱর্ক অ’ভাৰ চলোৱাৰ বাবে নির্বাচিত হয়৷

ইফালে অইলে জন এনার্জীৰ বিপক্ষে এটাও শব্দ উচ্চাৰণ নকৰি সমস্ত দোষ নিজেই মূৰ পাতি লোৱাৰ পৰিপ্রেক্ষিততে বাঘজান কাণ্ডৰ তদন্ত সন্দর্ভত উচ্চতম ন্যায়ালয়ে নিৰপেক্ষভাৱে গঠন কৰি দিয়া তদন্ত কমিটীয়ে ৰাজহুৱা খণ্ডৰ তৈল প্রতিষ্ঠানটোক দিয়া অন্তর্ৱর্তীকালীন পৰামর্শ অনুসৰি ২,৫০০ কোটি টকা জৰিমনা ভৰিবলগীয়া পৰিস্থিতিৰো সন্মুখীন হৈছে৷ সেইদৰে জন এনার্জীৰ গাফিলতিত সংঘটিত বাঘজান কাণ্ডৰ কাৰণে অইলে ৪৫০ কোটি টকা লোকচান ভৰাৰ লগতে ক্ষতিপূৰণৰ বাবদ ১০০ কোটিৰো অধিক টকা ভৰিবলগীয়া হৈছে৷ এইদৰে বৃহৎ পৰিমাণৰ পুঁজি লোকচানৰ মুখলৈ ঠেলি দিয়া জন এনার্জীক বচাবলৈ চেষ্টা কৰা তথা ৰঙা দলিচা পাৰি দিয়াৰ আঁৰত কি স্বার্থ আছে, সেয়া সহজেই অনুমেয়৷ লক্ষণীয়ভাৱে জন এনার্জীয়ে নিবিদাত পুনৰ অংশগ্রহণ কৰি দুখনকৈ তৈলক্ষেত্রত ৱর্ক অ’ভাৰ চলোৱাৰ বাবে নির্বাচিত হোৱা খবৰ প্রকাশ পোৱাৰ লগে লগে বিভিন্ন দল–সংগঠনে প্রতিবাদমুখৰ হৈ পৰিছিল৷ পিছে অতি আশ্চর্যজনকভাৱে এই দল–সংগঠনসমূহে এতিয়া নীৰৱ ভূমিকা পালন কৰিছে৷ এই সন্দর্ভত উত্থাপিত অভিযোগ অনুসৰি জন এনার্জীয়ে এনে প্রতিবাদকাৰী দল–সংগঠনসমূহ মধ্যস্থতাকাৰীৰ জৰিয়তে কৌশলেৰে মেনেজ কৰি অইলত প্রাধান্য বিস্তাৰৰ পথ সুগম কৰি তুলিছে৷ অইলক লুটিপুতি খোৱা কমিছনলোভী শীর্ষ বিষয়াৰ আশিসতে জন এনার্জীয়ে বাটৰ কাঁইট আঁতৰাই কাম কৰিবলৈ সাজু হৈছে দুয়োখন তৈলক্ষেত্রত৷ ২০০৫ চনত ডিকম তৈলখাদত সংঘটিত ঘটনাৰ পৰা শিক্ষা নোলোৱা অইলে বাঘজান কাণ্ডৰ দোষীক এনেদৰে ৰক্ষণাবেক্ষণ দিয়া বিষয়টো মানি ল’ব পৰা নাই সচেতন ৰাইজে৷

You might also like