নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ বাহনৰ গৰাকীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ   পৰিবহণ বিভাগৰ দলে চলোৱা অভিযানত বিগত সময়ছোৱাত যান–বাহনৰ কৰ আদায়ৰ বাবে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো কৰফাকিৰে গাডী চলাই থকাৰ তথ্য ফাদিল হোৱাত ২৭খনকৈ গাড়ীৰ মালিকৰ বিৰুদ্ধে থিতাতে গোচৰ তৰাৰ লগতে ই–চালান প্রেৰণ কৰা হয়৷ উল্লেখ্য যে পৰিবহণ বিভাগৰ পৰা চলোৱা অভিযানত সচকিত হৈ বহু বাহনেই কৰ আদায় নিদিয়াৰ কথা স্ব–ইচ্ছাই প্রকাশ কৰাৰ লগতে এয়া যে এক অপৰাধ সেই কথা স্বীকাৰ কৰি বিভাগৰ কার্যালয়লৈ কৰ পৰিশোধৰ বাবে ৰাওনা হয়৷ অভিযানকাৰী দলে আজি চান্দমাৰী, জু–ৰোড অঞ্চলৰ বামুণীমৈদাম, গীতানগৰ, সুন্দৰপুৰ, ভাস্কৰ নগৰ আদি বিভিন্ন ঠাইত অভিযান চলাই আহিছে৷ অভিযানৰ সময়ত ব্যক্তিগত মালিকানাধীন বাহন, বিভিন্ন উদ্যোগ আৰু নির্মাণকাৰী সংস্থাৰ লগতে বিশেষকৈ জু–ৰোডৰ সুন্দৰপুৰ আৰু ৰুক্মিণী গাঁৱৰ দুটাকৈ ব্যক্তিগত উদ্যোগৰ কৰ অনাদায়ী ৪১খনকৈ বাহনৰ শীঘ্রে কৰ পৰিশোধৰ বাবে ডিমাণ্ড জাননী প্রেৰণ কৰে৷

You might also like