৮ ফেব্ৰুৱাৰীলৈ প্ৰচণ্ড শীতে কঁপাব ৰাজ্য
নিয়মীয়া বাৰ্তা, ৪ ফেব্রুৱাৰীঃ প্রচণ্ড শীতে কঁপাইছে ৰাজ্য৷ নিম্নগামী হৈছে পাৰাস্তম্ভ৷ নেৰানেপেৰা বৰষুণে ব্যতিব্যস্ত কৰিছে স্বাভাৱিক জীৱনযাত্রা৷ আগন্তুক ৮ ফেব্রুৱাৰীলৈ ৰাজ্যত অব্যাহত থাকিব বৰষুণ৷ এই আগজাননী প্রকাশ কৰিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷ বতৰ বিজ্ঞান কেন্দ্রটোৰ তথ্য অনুসৰি কাইলৈ অসমৰ ভিন্ন প্রান্তত বিজুলী–ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷
তদুপৰি ৬,৭ আৰু ৮ ফেব্রুৱাৰীতো পাতলীয়া বৰষুণ হোৱাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্রই৷ বিগত কিছুদিন ধৰি বিশেষকৈ মাঘ বিহুৰ পাছৰে পৰা ৰাজ্যত হ্রাস পাইছে তাপমাত্রা৷ পলমকৈ শীতে কঁপাই যোৱা ৰাজ্যখনত আজিৰ দিনটোত গুৱাহাটীত সর্বোচ্চ তাপমাত্রা আছিল ১৬.৯ ডিগ্রী আৰু সর্বনিম্ন তাপমাত্রা হৈছে ১১.৮ ডিগ্রী চেলছিয়াছ৷ সর্বোচ্চ তাপমাত্রাৰ ক্ষেত্রত এয়া হৈছে স্বাভাৱিক তাপমাত্রাতকৈ ৭.৭ ডিগ্রী চেলছিয়াছ কম৷
সেইদৰে সর্বনিম্ন তাপমাত্রাৰ ক্ষেত্রতো স্বাভাৱিক হাৰতকৈ আজিৰ দিনটোৰ তাপমাত্রা ০.২ ডিগ্রী চেলছিয়াছ কম আছিল৷ আনহাতে আজিৰ দিনটোত বিভিন্ন স্থানৰ তাপমাত্রা আছিল এনেধৰণৰ– ডিব্রুগড়ত সর্বোচ্চ ২৩.৮ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন ৯.৮ ডিগ্রী চেলছিয়াছ, তেজপুৰত সর্বোচ্চ ২১.১ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন ১৩ ডিগ্রী চেলছিয়াছ, শিলচৰত সর্বোচ্চ ২৬.৪ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন ১৩.১ ডিগ্রী চেলছিয়াছ, ধুবুৰীত সর্বোচ্চ ১৫.৩ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন ১৪.৫ ডিগ্রী চেলছিয়াছ, উত্তৰ লখিমপুৰ সর্বোচ্চ ২৪.২ ডিগ্রী চেলছিয়াছ আৰু সর্বনিম্ন ৯.৬ ডিগ্রী চেলছিয়াছ৷
পাৰাস্তম্ভ হ্রাস পোৱাৰ সময়তে হোৱা বৰষুণ আৰু ফেৰফেৰীয়া বতাহে ৰাজ্যত শীত নমাই আনিছে৷ প্রচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ বিভিন্নজনে আশ্রয় লৈছে জুইৰ উমৰ৷ নেৰানেপেৰা বৰষুণৰ বাবে ৰাজপথসমূহতো আজি ভিৰ কমা পৰিলক্ষিত হয়৷ উল্লেখ্য যে আগন্তুক ৮ ফেব্রুৱাৰীলৈ বৰষুণৰ আগজাননী প্রকাশ কৰাৰ লগতে তাপমাত্রাও সমানে হ্রাস পাব বুলি বতৰ বিজ্ঞান কেন্দ্রই আগজাননী প্রকাশ কৰিছে৷ তেওঁলোকে প্রকাশ কৰা অনুসৰি কাইলৈ অসমৰ ভিন্ন প্রান্তত বৰষুণ হোৱাৰ সময়তে নিশাৰ ভাগত চাৰিৰ পৰা পাঁচ ডিগ্রী চেলছিয়াছ তাপমাত্র হ্রাস পোৱাৰ সম্ভাৱনা আছে৷
স্বাভাৱিক তাপমাত্রাতকৈ ৪–৫ডিগ্রী চেলছিয়াছ পর্যন্ত তাপমাত্রা ৰাজ্যত হ্রাস পাব বুলি আগজাননী প্রকাশ কৰিছে ৰাজ্যৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই৷ অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ আন ৰাজ্যসমূহতো এই একেই সময়ছোৱাত বিজুলী–ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিছে৷ অৰুণাচল প্রদেশৰ ওখ অঞ্চলসমূহত কাইলৈ বৰফ পৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রটোৱে৷ পশ্চিমীয়া বতাহৰ বাবে সাগৰীয় উপকূলত সৃষ্টি হোৱা ঘূর্ণিৰ বাবেই ৰাজ্যত বৰষুণ হোৱা বুলিও সদৰী কৰিছে বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্রই৷
উল্লেখ্য যে স্বাভাৱিকতে নৱেম্বৰ–ডিচেম্বৰ মাহত ৰাজ্যত যথেষ্ট শীত অনুভূত হয়৷ এইবাৰ মাঘ বিহুৰ পূর্বে ৰাজ্যত শীত পূর্বৰ দৰে অনুভূত হোৱা নাছিল৷ কিন্তু বিহুৰ পাছৰ পৰা তাপমাত্রা হ্রাসে পলমকৈ হ’লেও শীতৰ প্রকোপে কঁপাই গৈছে ৰাজ্য৷ সমান্তৰালভাৱে বতৰ বিজ্ঞান কেন্দ্রৰ আগজাননীয়ে নিশ্চিত কৰিছে যে আগন্তুক এসপ্তাহলৈও ৰাজ্যত হ্রাস পাব তাপমাত্রা৷