নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিতাভ বচ্চনৰ কন্ঠ যেন ঈশ্বৰৰ দান! কিন্তু এসময়ত সেই কণ্ঠক ৰিজেক্ট কৰিছিল আকাশবাণীয়ে

নিয়মীয়া বাৰ্তা, ৪ ফেব্ৰুৱাৰীঃ ভাৰতৰ কিংবদন্তি অভিনেতা অমিতাভ বচ্চন। তেওঁৰ অভিনয়, উচ্চতা, ব্যক্তিত্ব, কণ্ঠ এই সকলোবোৰ যেন ইটোতকৈ সিটো চৰা।
যেতিয়া তেওঁ কথা কয়, এনে লাগে যেন গোটেই মঞ্চটোৱে কঁপি উঠিব। কিন্তু আপুনি জানে নে এইজন অভিনেতাৰ কণ্ঠ এবাৰ প্ৰত্যাখ্যান কৰিছিল ‘অল ইণ্ডিয়া ৰেডিঅ’ অৰ্থাৎ আকাশবাণীয়ে।

দৰাচলতে, স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত, বিগ বিয়ে চাকৰি বিচাৰি ফুৰিছিল। তেতিয়াই তেওঁৰ এজন বন্ধুৱে তেওঁক পৰামৰ্শ দিছিল যে আকাশবাণীত ইংৰাজী বাতৰি পঢ়ুৱৈৰ পদ খালী হৈছে।

বন্ধুৰ সেই কথা শুনি বিগ বিয়ে নিজকে প্ৰস্তুত কৰে, আৰু আকাশবাণীত ইংৰাজী আৰু হিন্দী ভাষাত বাতৰি পঢ়ুৱৈৰ পদৰ বাবে ইণ্টাৰভিউ দিবলৈ যায়। কিন্তু অমিতাভে সেই পৰীক্ষাত বিফল হয়। তেওঁক আকাশবাণীয়ে প্ৰত্যাখ্যান কৰিছিল। আকাশবাণীৰ ফালৰ পৰা জনোৱা হৈছিল বাতৰি পঢ়াৰ বাবে অমিতাভৰ কণ্ঠস্বৰ একেবাৰে উপযুক্ত নহয়। সেই ঘটনাৰ পাছত বলীউডৰ শ্বেহেনশ্বা ভাঙি পৰিছিল। কিন্তু তাৰ পিছত অমিতাভে কলকাতাত এটা চাকৰি লাভ কৰে, য’ত তেওঁ প্ৰায় ৭ বছৰ থাকে।

তেওঁৰ সৰুৰে পৰা অভিনয়ৰ প্ৰতি আকৰ্ষিত আছিল। কলকাতাত থকাৰ সময়ছোৱাত অমিতাভে নিয়মীয়াকৈ এমেচাৰ্ছ নামৰ নাটকৰ এটা গোটত ইংৰাজী নাটকত অভিনয় কৰিছিল। ইয়াৰমাজেদিয়ে তেওঁ মুম্বাইত ভৰি ৰাখিছিল।

You might also like