নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ আজি বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী পূজা। ক’ভিড পৰিস্থিতিৰ মাজেৰেই ৰাজ্যৰ ভিন্ন প্রান্তত আয়োজন কৰা হৈছে সৰস্বতী পূজা৷ এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ এই বিশেষ দিনটোত দেশৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। আজি পুৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইট কৰি সকলোকে বসন্ত পঞ্চমী আৰু সৰস্বতী পূজাৰ শুভেচ্ছা জনায়। তেওঁ লিখিছে, “সকলো দেশবাসীক বসন্ত পঞ্চমী আৰু সৰস্বতী পূজাৰ শুভেচ্ছা। মা সাৰদাৰ কৃপা সদায় আপোনাৰ ওপৰত থাকক। সকলোৰে জীৱন সুখী হওক। ইপিনে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও টুইটাৰত শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে সকলোৰে জীৱনত শান্তি আৰু সমৃদ্ধি কামনা কৰে।
सभी देशवासियों को बसंत पंचमी और सरस्वती पूजा की ढेरों शुभकामनाएं। मां शारदा की कृपा आप सभी पर बनी रहे और ऋतुराज बसंत हर किसी के जीवन में हर्षोल्लास लेकर आए।
— Narendra Modi (@narendramodi) February 5, 2022
ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে লিখে বসন্ত পঞ্চমীৰ দিনা মই জ্ঞানৰ দেৱী মা সৰস্বতীক প্ৰণাম জনাইছোঁ আৰু আমাৰ জাতিক জ্ঞানৰ চিৰন্তন পোহৰৰ দিশত পথ প্ৰদৰ্শন কৰিবলৈ তেওঁৰ আশীৰ্বাদ বিচাৰোঁ
अम्बितमे नदीतमे देवितमे सरस्वति
Since ancient times, our land has been known for knowledge & wisdom.
On Basant Panchami, I pay obeisance to goddess of knowledge Maa Saraswati and seek her blessings to guide our nation towards the eternal light of wisdom. pic.twitter.com/CVhJmVC1Dd
— Himanta Biswa Sarma (@himantabiswa) February 5, 2022