নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত দৰিদ্র লোকৰ বাবে এসাঁজ ভাত মাত্র পাঁচ টকাতে

ভৈৰৱনগৰ যুৱ ছ’চাইটীৰ প্রশংসনীয় পদক্ষেপ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ দুর্ভাগ্যজনক পৰিস্থিতিত পৰি অনাহাৰে থকা আর্তজনৰ বাবে এইবাৰ তেজপুৰত আগবাঢ়ি আহিল এক স্বেচ্ছাসেৱী সংগঠন ৷ পেটৰ ভোকত দিন অতিবাহিত কৰা আমাৰ সমাজৰ বহু লোকৰ বাবে আজিৰ দিনটোৰ পৰা এক সুখবৰ কঢ়িয়াই আনিলে তেজপুৰৰ ভৈৰৱনগৰ যুৱ ছ’চাইটী নামৰ এক স্বেচ্ছাসেৱী সংগঠনে ৷ উল্লেখ্য যে দৰিদ্র লোকৰ বাবে মাত্র পাঁচ টকাতেই এসাঁজ ভাত খোৱাৰব্যৱস্থাৰে আজিৰে পৰা ‘তৃপ্তিৰে এসাঁজ’ নামেৰে এক প্রতিষ্ঠানৰ শুভাৰম্ভ হয় তেজপুৰ চহৰত ৷ এই প্রতিষ্ঠানটি সোমবাৰে ধূপ প্রজ্বলনেৰে শুভাৰম্ভ কৰি শোণিতপুৰ প্রেছ ক্লাবৰ সম্পাদক পংকজ বৰুৱাই ভাষণ প্রসংগত কয় – আমি যেতিয়া ডদৰ পূৰাই এসাঁজ ভাত তৃপ্তিৰে খাওঁ, তেতিয়া আমাৰ সমাজৰে একাংশ লোক দুর্ভাগ্যজনকভাৱে অনাহাৰে থকা পৰিলক্ষিত হয় ৷

এই বেদনাদায়ক দৃশ্য প্রত্যক্ষ কৰি বহুতৰে অন্তৰ কান্দি উঠা পৰিলক্ষিত হয় ৷ এনে অনাহাৰে থকা আমাৰ সমাজৰ লোকসকলৰ কথা ভাবিয়েই তেজপুৰৰ যিটো স্বেচ্ছাসেৱী অনুষ্ঠানে অতি কম মূল্যত এসাঁজ ভাতৰ ব্যৱস্থাৰে সোমবাৰৰ পৰা যি মহৎ পদক্ষেপ গ্রহণ কৰিছে, সেই পদক্ষেপে তেজপুৰত এক দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হৈছে ৷ উল্লেখ্য যে তেজপুৰ ভৈৰৱ নগৰ যুৱ ছ’চাইটীয়ে সোমবাৰৰ পৰা তেজপুৰত ‘তৃপ্তিৰে এসাঁজ ভাত’ শীর্ষক এক আঁচনি গ্রহণ কৰি দৰিদ্র লোকৰ বাবে মাত্র পাঁচ টকাতে ভাত খোৱাৰব্যৱস্থাৰ এক প্রতিষ্ঠানৰ শুভ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয় সোমবাৰে দুপৰীয়া ৷ তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ সমীপৰ ভৈৰৱনগৰ অঞ্চলৰ পথৰ কাষতেই নির্মাণ কৰা এই প্রতিষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত বৰুৱাই আৰু কয়– অনাহাৰে থকা আর্তজনৰ কল্যাণৰ কথা ভাবি এনে এক মহৎ কার্যসূচী গ্রহণ কৰাৰ বাবে যুৱ ছ’চাইটীক ধন্যবাদ জ্ঞাপন কৰে ৷ ইয়াৰ পূর্বেও ভৈৰৱনগৰ যুৱ ছ’চাইটীয়ে সামাজিক–সাংস্কৃতিক ক্ষেত্রত বহু বার্তাবাহক কার্যসূচী গ্রহণ কৰি সমাজৰ বিকাশ আৰু প্রগতিত অৰিহণা যোগাই অহাটোও মন কৰিবলগীয়া বুলি কয় ৷

যুৱ ছ’চাইটীৰ সভাপতি মিণ্টু চক্রৱর্তীৰ পৌৰোহিত্যত এই আঁচনিৰ মূল চিন্তক তথা ছ’চাইটীৰ এগৰাকী শুভাকাংক্ষী, সাংবাদিক অশ্বিনী বৰাই আঁত ধৰা অনুষ্ঠানটিৰ আৰম্ভণিতেই বন্তি প্রজ্বলন কৰেবাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক তথা নাট্যশিল্পী জিতুমণি দেৱচৌধুৰীয়ে৷ ভাষণ প্রসংগত জিতুমণি দেৱচৌধুৰীয়ে কয় যে খাদ্য, বস্ত্র আৰু বাসস্থানেই মানুহৰ প্রধান মৌলিক আহিলা যদিও এই আহিলাৰ অন্যতম অর্থাৎ মানুহ জীয়াই থাকিবৰ বাবে প্রয়োজন হোৱা সামান্য পৰিমাণৰ খাদ্যৰ অভাৱতো থকা লোক আমাৰ সমাজত এতিয়াও ভালেখিনি আছে৷ সেইসকল লোকৰ কথা ভাবি এটা বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান আগবাঢ়ি অহাটো এক শুভ লক্ষণেই নহয় সমাজখনৰ বাবেই এক মহৎ পদক্ষেপবুলি ডল্লেখ কৰে৷ তেজপুৰ পৌৰসভাৰ প্রাক্তন সভানেত্রী শুভ্রা ভট্টাচার্য, অভিনেতা অচ্যুত শর্মা, যুৱ ছ’চাইটীৰ সম্পাদক ৰাজেশ দাস, শিক্ষক প্রদীপ পোখৰেল, অধ্যাপক ড০ সঞ্জয় ডেকা, তাপস সৰকাৰকে ধৰি বিশিষ্ট ব্যক্তিসকল ডপস্থিত থকা এই শুভ আৰম্ভণী অনুষ্ঠানৰ পাছতেই আজি শতাধিক লোকে পাঁচ টকীয়া ভাত ক্রয় কৰি গ্রহণ কৰে৷ ডল্লেখ্য যে ভৈৰৱ নগৰ যুৱ ছ’চাইটীয়ে গ্রহণ কৰা এই পদক্ষেপক তেজপুৰৰ বিভিন্ন মহলে প্রশংসা কৰিছে ৷

You might also like