নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুগা বস্ত্রত উজলিল গুণমালা–নামঘোষা–ভাগৱত গীতা

ভাওনা সমাৰোহত হেমপ্রভা চুতীয়াৰ অনন্য প্রতিভাৰ প্রতিফলন

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ভাওনা সমাৰোহৰ বাকৰিত সোণত সুৱগা চৰাইছে এগৰাকী সাধাৰণ মহিলাৰ অসাধাৰণবয়ন শিল্পই ৷ তেওঁ নিজে মুগা পুহি ওৰে নিশা মুগাৰ সূতা কাটি, দিনৰ ভাগত তাঁত বই প্রাণ দিছে গুৰুজনাৰ অমৰ সৃষ্টি ‘গুণমালা’, মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ বিৰচিত ‘নামঘোষা’ৰ লগতে শ্রীমদ্ভাগৱত গীতাৰ সংস্কৃত আৰু ইংৰাজী ভাষাৰ শ্লোক ৷ অসাধ্য সাধন কৰি মহিলাগৰাকীয়ে মুগা সূতাৰে বই বিভিন্ন ৰঙৰ ঊণ সূতা ব্যৱহাৰ কৰি আখৰ লিখি গুৰুজনাৰ অমৰ সৃষ্টিৰাজিক আগুৱাই নি বিশ্ববাসীৰ আগত তুলি ধৰা চানেকিয়ে সকলোকে আকর্ষণ কৰা পৰিলক্ষিত হৈছে ৷

এই মণিকাঞ্চন ৰংগ ক্ষেত্রত উপস্থিত হোৱা কোনো ভক্তই মহিলাগৰাকীৰ এই চমকপ্রদ সৃষ্টিত চকু নুফুৰোৱাকৈ যোৱা নাই৷ বহু ভক্তই আকৌ গুণমালা, নামঘোষা, শ্রীমদ্ভাগৱত গীতাৰ সন্মুখত দীপ জ্বলাই, নৈবেদ্য আগবঢ়াই সেৱা কৰাও পৰিলক্ষিত হয় ৷ হেমপ্রভা চুতীয়া নামৰ এইগৰাকী মহিলাৰ ঘৰ ডিব্রুগড জিলাৰ মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া গাঁৱত৷ মননশীল সৃষ্টিৰাজিয়ে ভকত–বৈষ্ণৱৰ দৃষ্টি আকর্ষণ কৰাই নহয়, বিজ্ঞজনৰ সমাদৰ লাভ কৰিছে৷ অসমৰ বিভিন্ন স্থানৰ পৰা অহা ভকত–বৈষ্ণৱৰো   মন–মগজুক স্পর্শ কৰিছে এই শিল্পকলাই ৷ পূর্বেও তেওঁ অসমৰ বিভিন্ন স্থানত বিভিন্ন অনুষ্ঠানত এইভাগি শিল্পকলা প্রদর্শন কৰি আহিছে৷ ২০১৩ বর্ষৰ ২২ জুলাইৰ পৰা ব’বলৈ আৰম্ভ কৰা প্রায় ৮০ ফুট দৈর্ঘ্য, ১৭ ইঞ্চি প্রস্থৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিৰচিত ‘গুণমালা’ভাগি মুগা সূতাত গুণাৰ আখৰ ক’লা ঊণ সূতা ব্যৱহাৰ কৰি ২০১৪ বর্ষৰ ১৪ এপ্রিলত বই উলিয়ায় ৷ ২০১৪ চনৰ আগষ্ট মাহত ব’বলৈ আৰম্ভ কৰা মহাপুৰুষ শ্রীশ্রীমাধৱদেৱ বিৰচিত ‘নামঘোষা’ মুগা আৰু এৰী সূতাৰে ক’লা আৰু ৰঙা ঊণ সূতা ব্যৱহাৰ কৰি ২০০ ফুট দৈর্ঘ্য, ২ ফুট প্রস্থৰে ২০১৬ চনৰ ১৫ জুলাইত বই উলিয়ায় ৷

২০১৬ চনৰ ৪ ডিচেম্বৰৰ পৰা ব’বলৈ আৰম্ভ কৰা শ্রীমদ্ভাগৱত গীতা সংস্কৃত ভাষাত মুগা সূতা আৰু সেউজীয়া ঊণ সূতা ব্যৱহাৰ কৰি প্রায় ১৫০ ফুট দৈর্ঘ্য, ২ ফুট প্রস্থত ২০১৮বর্ষৰ ৪ জুলাইত বই উলিওৱাৰ পিছত ২০১৮ বর্ষৰ ২২ আগষ্টৰ পৰা শ্রীমদ্ভাগৱত গীতা ইংৰাজী ভাষাত মুগা সূতা আৰু সেউজীয়া ঊণ সূতাৰে ২ ফুট প্রস্থৰে বর্তমানো বই থকা বুলি জানিবলৈ দিয়ে ৷ মহিলাগৰাকীয়ে বিগত কংগ্রেছ চৰকাৰৰ দিনত কিছু আর্থিক সাহায্য লাভ কৰিছিল যদিও বর্তমানৰ চৰকাৰৰ দিনত এই কর্মৰাজি আগবঢ়াই নিবলৈ কোনো সুবিধা লাভ কৰা নাই বুলি এই প্রতিবেদকক দুখেৰে অৱগত কৰে ৷ আনহাতে, মহিলাগৰাকীয়ে নিজেই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰি কিছু সুবিধা প্রদানৰ বাবে অনুৰোধ কৰিছিল ৷ মুখ্যমন্ত্রীয়ে মহিলাগৰাকীক এটা প্রদর্শনী গৃহ প্রদান কৰাৰ আশ্বাস দিছিল যদিও বর্তমানলৈকে সংশ্লিষ্ট বিভাগ বা চৰকাৰে কোনো গুৰুত্ব প্রদান নকৰাত শিপিনীগৰাকীয়ে দুখ প্রকাশ কৰিছে ৷ বহু স্থানত বহু সন্মান, বঁটা–বাহন পাবলৈ সক্ষম হোৱা এই শিপিনীগৰাকীয়ে অনাগত সময়ত গুৰুজনাৰ অমৰ সৃষ্টিৰাজিকবয়ন শিল্পৰে বিশ্ববাসীৰ মাজত পৰিচয় কৰোৱাৰ হেঁপাহ থকা বুলিও আমাক অৱগত কৰে৷ ইফালে, এই মণিকাঞ্চন ক্ষেত্রত সমৱেত হোৱা ভকত–বৈষ্ণৱসকলে মহিলা শিল্পীগৰাকীক চৰকাৰী স্বীকৃতি প্রদান কৰি অন্যান্য সা–সুবিধা দিবৰ বাবে আহ্বান জনাইছে ৷

You might also like