নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাওনা ৰক্ষা হ’লেহে অসমৰ সংস্কৃতি সুৰক্ষিত হ’ব

আউনীআটী সত্রত অসম ভাওনা সমাৰোহত ড০ পীতাম্বৰ দেৱগোস্বামী

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ আউনীআটীৰ মণিকাঞ্চন ৰংগ ক্ষেত্রত অসম ভাওনা সমাৰোহৰ উদ্বোধনী দিনাৰ সকলো কার্যক্রমণিকাৰ সফল ৰূপায়ণৰ পিছত সোমবাৰে পুৱা ৯ বজাত নাম–প্রসংগৰ অন্তত সমাৰোহথলীত দ্বিতীয় দিনা দিনৰ ১১ বজাৰ পৰা অংকীয়া ভাওনাৰ আধাৰত এখন মনোজ্ঞ আলোচনা–চক্র অনুষ্ঠিত হয়৷ সংগীত নাটক একাডেমীৰ সৌজন্যত গুৱাহাটীৰ সত্রীয়া কেন্দ্রই আয়োজন কৰা এই আলোচনাত মাজুলীৰ দুগৰাকী বিশিষ্ট শিল্পীয়ে অংশগ্রহণ কৰে ৷ ‘মহাপুৰুষ শংকৰদেৱৰ অংকীয়া নাটৰ গীত–পৰম্পৰা, ঐতিহ্য আৰু ইয়াৰ বাস্তৱ প্রতিফলন’ শীর্ষক বিষয়ত আলোচনা আগবঢ়ায় মাজুলী কেন্দ্রীয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিল্পী ৰঞ্জিত কুমাৰ ভূঞাই ৷ তেওঁ গীত আৰু ৰাগৰ শাস্ত্রীয় সমল বিশ্লেষণ কৰি ভাওনাত ইয়াৰ প্রয়োগ, স্বৰবিন্যাস, তাল প্রয়োগৰ সকলো দিশ সন্দর্ভত বক্তব্য আগবঢ়াই গীত পৰিৱেশনৰ জৰিয়তে উপস্থাপন কৰে ৷ তদুপৰি বর্তমান প্রচলিত ভাওনাত ইয়াৰ প্রয়োগৰ সকলো দিশ ফঁহিয়াই দেখুৱায় ৷ ভূঞাই ভাওনা সংস্কৃতি ৰক্ষা পাবলৈ এখন আধাৰ গ্রন্থৰ প্রস্তাৱ সত্রীয়া কেন্দ্রলৈ আগবঢ়ায় ৷ পৰিবেশ্য কলা ৰূপে ভাওনাৰ নৃত্যৰ ক্ষেত্রত নাট্য শাস্ত্রৰ সমল আৰু ইয়াৰ সফল প্রয়োগৰ সকলো দিশৰে বিশ্লেষণ আৰু পৰিৱেশন কৰি উপস্থাপন কৰে ৷

দুগৰাকী সমল ব্যক্তিক সহযোগিতা কৰে বিশিষ্ট শিল্পী গোলাপ বৰুৱা বৰবায়ন, মুহিকান্ত বৰবায়ন, অতুল ভূঞা, মালতী শইকীয়া, বন্তি শইকীয়াই ৷ অনুষ্ঠানত সত্রীয়া নৃত্যৰ ওপৰত বত্তৃণতা প্রদান কৰে বিশিষ্ট সাংস্কৃতিক কর্মী কৰুণা বৰাই ৷ আলোচনা–চক্রত সঞ্চালকৰ আসনত আছিল সত্রীয়া কেন্দ্রৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট শিল্পী প্রাঞ্জল শইকীয়া আৰু বিশিষ্ট অতিথিৰূপে আউনীআটী সত্রৰ ডেকা সত্রাধিকাৰ শ্রীশ্রী দেৱানন্দ দেৱ গোস্বামী, সত্রীয়া কেন্দ্রৰ প্রকল্প সঞ্চালক ৰতন হাজৰিকা আৰু মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱজিৎ শইকীয়া উপস্থিত থাকে৷ মুখ্য অতিথিৰ আসনৰ পৰা ড০ পীতাম্বৰ দেৱগোস্বামীয়ে কয় যে ভাওনা সংস্কৃতি ৰক্ষা হ’লেহে অসমৰ সংস্কৃতি সুৰক্ষিত হ’ব ৷ সত্রীয়া কেন্দ্রৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি বিভিন্ন ক্ষেত্রৰ সত্রীয়া শিল্পীক উলিয়াই আনিবলৈ আহ্বান জনায় ৷

লগতে পৰৱর্তী ভাওনা সমাৰোহত এনেধৰণৰ কর্মশালা অনুষ্ঠিত কৰিব আৰু প্রতিযোগিতাত অংশগ্রহণ কৰা দলসমূহক অংশগ্রহণ কৰাটো বাধ্যতামূলক কৰিব৷ সঞ্চালকৰ আসনৰ পৰা বিশিষ্ট শিল্পী প্রাঞ্জল শইকীয়াই কয় যে নৱপ্রজন্মৰ মাজত অধ্যয়নস্পৃহা কমি যোৱাৰ মূল কাৰণ হ’ল ম’বাইল ফোন৷ ইয়াৰ কবলৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে অসমৰ ভৱিষ্যৎ সুৰক্ষিত নহয়৷ গতিকে ছাত্র–ছাত্রীসকলৰ মাজত ভাওনাৰ শিক্ষা দিয়া উচিত৷ কাৰণ ভাওনাৰ মাজত সকলো ধৰণৰ শিক্ষা নিহিত হৈ আছে৷ তদুপৰি সমল ব্যক্তি ৰঞ্জিত ভূঞাই দিয়া প্রস্তাৱ মর্মে সত্রীয়া সংগীতৰ এখন আধাৰ গ্রন্থ প্রকাশ কৰাৰ চেষ্টা চলাব৷ তদুপৰি আউনীআটী সত্রৰ দৰে ভাওনাৰ নাট সংকলন কৰা আৰু পুথিভঁৰালৰ বিষয়টো অত্যন্ত যোগাত্মক দিশ বুলি মন্তব্য কৰে৷ ইয়াৰ আগতে সত্রীয়া কেন্দ্রৰ প্রকল্প সঞ্চালক ৰতন হাজৰিকাই সত্রীয়া কেন্দ্রৰ লক্ষ্য আৰু পৰিকল্পনা সন্দর্ভত আলোকপাত কৰে৷ অনুষ্ঠানটোৰ আঁত ধৰে শিল্পী দীপক বৰুৱাই৷সন্ধিয়া প্রথম দর্শনী ভাওনা শ্রীকৃষ্ণৰ বৈকুণ্ঠ পৰায়ণ আৰু দ্বিতীয় দর্শনী ভাওনা ভগীৰথী গংগা প্রদর্শন কৰিব ক্রমে শ্যামকানু নাট্য গোষ্ঠী, শিৱসাগৰ আৰু ডিগবৈৰ আধ্যাত্মিক শিল্পী সমাজে ৷

You might also like