নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ উচ্চতম ন্যায়ালয়ত বিতর্কিত নাগৰিকত্ব সংশোধনী আইনক (কা) প্রত্যাহ্বান জনোৱা লেখ আবেদন, অর্থাৎ পি আই এলৰ শুনানি ল’বলগীয়া বিচাৰপীঠখন নতুনকৈ গঠন কৰিলে মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডেই ৷ বুধবাৰে গ্রহণ কৰিবলগীয়া এক গুৰুত্বপূর্ণ শুনানিত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত অন্তর্ভুক্ত হ’ল ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ সঞ্জয় খান্না ৷ লক্ষণীয়ভাৱে যোৱা ১৮ ডিচেম্বৰৰ শুনানিত মুখ্য ন্যায়াধীশৰ তিনিজনীয়া বিচাৰপীঠত আছিল ন্যায়াধীশ বি আৰ গাবাই আৰু ন্যায়াধীশ সূর্য কান্ত ৷ কিন্তু এতিয়া আৰু বিচাৰপীঠখনত এই দুগৰাকী ন্যায়াধীশ নাথাকিব ৷
নতুনকৈ গঠন কৰা বিচাৰপীঠত ইছলাম ধর্মাৱলম্বী ন্যায়াধীশ আব্দুল নাজিৰৰ অন্তর্ভুক্তি বিশেষ লক্ষণীয় বিষয় হৈ পৰিছে ৷ কাৰণ বিতর্কিত আইনখনে চুবুৰীয়া ৰাষ্ট্রৰ অমুছলমান লোকসকলক নাগৰিকত্ব প্রদানৰ দিহা প্রদান কৰা হৈছে ৷ মন কৰিবলগীয়া যে নাগৰিকত্ব সংশোধনী আইনক সর্বপ্রথম মুছলীম লীগে উচ্চতম ন্যায়ালয়ত প্রত্যাহ্বান জনাইছিল ৷ ইয়াৰ পাছত মুঠ ৭৫টা গুচৰীয়া পক্ষই এতিয়ালৈকে আইনখনৰ পক্ষে–বিপক্ষে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ৷ উল্লেখ্য যে যোৱা ১৮ ডিচেম্বৰৰ শুনানিত আইনখনৰ সাংবিধানিক বৈধতা প্রতিপন্ন কৰিবলৈ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কেন্দ্রীয় চৰকাৰলৈ জাননী জাৰি কৰিছিল ৷ ন্যায়ালয়ৰ নির্দেশ অনুসৰি
২২ জানুৱাৰীৰ ভিতৰত কেন্দ্রীয় চৰকাৰক শপতনামা দাখিল কৰাৰ কথা৷ লক্ষণীয়ভাৱে পূর্বৰ শুনানিত নাগৰিকত্ব সংশোধনী আইনখন বলৱৎ কৰাৰ ক্ষেত্রত স্থগিতাদেশ জাৰি কৰাৰ আবেদন খাৰিজ কৰিছিল মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে ৷ মন কৰিবলগীয়া যে বুধবাৰৰ শুনানিত মুঠ ৭৫টা গুচৰীয়া পক্ষৰ ভিতৰত অসমৰ আছে ১৭টা ৷ নাগৰিকত্ব সংশোধনী আইনক প্রত্যাহ্বান জনোৱা অসমৰ আবেদনকাৰীসকল হৈছে সদৌ অসম ছাত্র সন্থা, সদৌ অসম উকীল সন্থা, মতিউৰ ৰহমান, ৰাজ্যিক জমিয়ত, অসম বধিৰ সন্থা, প্রদেশ কংগ্রেছ কমিটী, অসম গণ পৰিষদ, ড০ হীৰেন গোঁহাই, ডিগবৈ আই অ’ চি এল ঠিকাদাৰ সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ, সদৌ অসম মটক সন্মিলন, অসম সংখ্যালঘু সংগ্রাম পৰিষদ, যোৰহাট বাৰ এছ’চিয়েচন, অসম সাহিত্য সভা, লাচিত বৰদলৈ আৰু অপূর্ব কুমাৰ বৰুৱা৷ প্রদেশ কংগ্রেছ কমিটীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আবেদন জনাইছে যদিও বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াই আবেদনখনৰ বিৰুদ্ধে সুকীয়াকৈ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে৷ লক্ষণীয়ভাৱে ৰাজনৈতিক দল হিচাপে কংগ্রেছৰ উপৰি চি পি আই আৰু তামিলনাডুৰ ডি এম কেই আইনখনৰ বিৰুদ্ধে আইনী যুঁজৰ বাবে সাজু হৈছে ৷