নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলাৰ দ্বাৰা পৰিচালিত ডিব্রুগড়ৰ প্ৰথমখন বজাৰ…

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ অসমৰ ডিব্রুগড়ত প্ৰথমবাৰৰ বাবে গঢ় লৈ উঠিছে এখন মহিলাৰ দ্বাৰা পৰিচালনা হোৱা সপ্তাহিক বজাৰ । এই বজাৰখনত সম্পূৰ্ণ ৰূপে মহিলাই সকলো সামগ্ৰী বিক্ৰী কৰাৰ ওপৰি বজাৰৰ সকলো কামকাজ মহিলাই চোৱাচিতা কৰে । যাৰ বাবে এই মহিলা বজাৰখন ইতিমধ্যে সকলোতে চৰ্চা লাভ কৰিছে ।

বজাৰখনে বৰ্তমান নাৰী সৱলীকৰণৰ ক্ষেত্ৰত এক প্ৰতীক ৰূপে চিনাকি লাভ কৰিছে ।

২২ গৰাকী মহিলাৰ দ্বাৰা পৰিচালনা হোৱা এই বজাৰখনৰ দ্বাৰা কেৱল আয় সংগ্ৰহেই নহয় বৰঞ্চ মহিলাৰ গোটটোক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিছে । লগতে সমাজৰ আন মহিলাসকলকো এখোজ আগুৱাই অহাত অগ্ৰণী ভূমিকা পালন কৰিছে ।

ডিব্রুগড় চহৰৰ মাজমজিয়াত গঢ় লৈ উঠা এই বজাৰখনে গাঁৱলীয়া কৃষিজীৱি মহিলাসকলৰ বাবে কেন্দ্ৰ লৈ ৰূপান্তৰ হৈছে, য’ত তেওঁলোকে নিজ নিজ ঘৰত উৎপাদিত সামগ্ৰীসমূহ মধ্যভুগিৰ বিপৰীতে নিজেই উচিত দামত বিক্ৰী কৰিব পাৰে ।

ইপিনে এই বজাৰখনক কেন্দ্ৰ কৰি বৰ্তমান ডিব্রুগড় আৰু তাৰ দাতিকাষৰীয়া অঞ্চলসমূহৰ খেতিয়কসকলো উপকৃত হৈছে ।

উল্লেখ্য যে বৰ্তমান এই বজাৰখন সপ্তাহৰ দুটাকৈ বাৰত শনি আৰু বুধবাৰে খোলা থাকে ।

You might also like