৬ মার্চত ৰাজ্যৰ ৮০ পৌৰসভাৰ নির্বাচন
ষ্টাফ ৰিপ’টাৰ, ১০ ফেব্রুৱাৰী ঃ অহা ৬ মার্চত ৰাজ্যৰ পৌৰ নির্বাচন অনুষ্ঠিত হ’ব৷ ৯ মার্চত হ’ব ভোটগণনা৷ এইবাৰ পৌৰ নির্বাচনৰ ভোটগ্রহণ ই ভি এমত হ’ব৷ ৰাজ্যিক নির্বাচন আয়ুক্ত অলক কুমাৰে সংবাদ মেলযোগে এই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত আয়ুক্ত কুমাৰে পৌৰ নির্বাচনৰ সূচী আনুষ্ঠানিকভাৱে প্রকাশ কৰি কয় যে মনোনয়ন দাখিলৰ অন্তিম দিন অহা ১৫ ফেব্রুৱাৰী৷ ১৭ ফেব্রুৱাৰীত মনোনয়ন–পত্র পৰীক্ষা কৰা হ’ব৷ মনোনয়ন–পত্র প্রত্যাহাৰৰ অন্তিম দিন ২০ ফেব্রুৱাৰী৷ অহা ৬ মার্চত ভোটগ্রহণ আৰু ৯ মার্চত ভোটগণনা অনুষ্ঠিত হ’ব৷ পৰাই নির্বাচন হ’বলগীয়া সংশ্লিষ্ট নগৰসমূহত নির্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ কথা উল্লেখ কৰি আয়ুক্ত কুমাৰে কয় যে এইবাৰ পৌৰ নির্বাচন বেলটৰ পৰিৱর্তে ই ভি এমৰ জৰিয়তে অনুষ্ঠিত হ’ব৷ অৱশ্যে এই ই ভি এমত লোকসভা, বিধানসভা নির্বাচনৰ দৰে ভিভিপেট নাথাকিব৷ চলিত বর্ষৰ ১ জানুৱাৰীৰ ভোটাৰ তালিকাৰ ভিত্তিত এই পৌৰ নির্বাচন অনুষ্ঠিত হ’ব৷ ৰাজ্যখনৰ ৮০খন পৌৰসভাৰ মুঠ ৯৭৭টা ৱার্ডৰ বাবে হ’বলগীয়া এই নির্বচনত মুঠ ২,০৫৪টা ভোটগ্রহণ কেন্দ্রত ভোট অনুষ্ঠিত হ’ব৷ মুঠ ১৬,৭৩,৮৯৯গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ইয়াৰে ৮,৩২,৩৪৮গৰাকী পুৰুষ, ৮,৪১,৫৩৪গৰাকী মহিলা আৰু ১৭ তৃতীয় লিংগৰ ভোটাৰ৷ ভোটগ্রহণ হ’বলগীয়া ৮০খন পৌৰসভা হৈছে– তিনিচুকীয়া জিলাৰ তিনিচুকীয়া, মাকুম, ডুমডুমা শদিয়া মহকুমাৰ চাপাখোৱা মার্ঘেৰিটা মহকুমাৰ মার্ঘেৰিটা, ডিগবৈ ডিব্রুগড় জিলাৰ ডিব্রুগড়, নাহৰকটীয়া, চাবুৱা, নামৰূপ শিৱসাগৰ জিলাৰ শিৱসাগৰ, আমগুৰি, ডিমৌ নাজিৰা মহকুমাৰ নাজিৰা, শিমলুগুৰি চৰাইদেই জিলাৰ সোণাৰি, মৰাণ যোৰহাট জিলাৰ যোৰহাট, টীয়ক তিতাবৰ মহকুমাৰ তিতাবৰ, মৰিয়নি গোলাঘাট জিলাৰ গোলাঘাট, দেৰগাঁও সৰুপথাৰ মহকুমাৰ সৰুপথাৰ, বৰপথাৰ বোকাখাত মহকুমাৰ বোকাখাত নগাঁও জিলাৰ নগাঁও, ৰহা, ধিং, কামপুৰ হোজাই জিলাৰ হোজাই, লংকা, লামডিং, ডবকা ধেমাজি জিলাৰ ধেমাজি, চিলাপথাৰ লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ, বিহপুৰীয়া, নাৰায়ণপুৰ ঢ়কুৱাখনা মহকুমাৰ ঢ়কুৱাখনা বিশ্বনাথ জিলাৰ বিশ্বনাথ, চতিয়া গহপুৰ মহকুমাৰ গহপুৰ শোণিতপুৰ জিলাৰ তেজপুৰ, ৰঙাপৰা, ঢ়েকীয়াজুলি, জামুগুৰিহাট দৰং জিলাৰ মঙলদৈ, খাৰুপেটীয়া, ছিপাঝাৰ মৰিগাঁও জিলাৰ মৰিগাঁও কামৰূপ জিলাৰ পলাশবাৰী, উত্তৰ গুৱাহাটী ৰঙিয়া মহকুমাৰ ৰঙিয়া নলবাৰী জিলাৰ নলবাৰী, টিহু বৰপেটা জিলাৰ বৰপেটা, বৰপেটাৰোড, হাউলী, সর্থেবাৰী, সৰভোগ বজালী জিলাৰ পাঠশালা, পাটাছাৰকুছি বঙাইগাঁও জিলাৰ বঙাইগাঁও উত্তৰ শালমাৰা মহকুমাৰ অভয়াপুৰী ধুবুৰী জিলাৰ ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জ বিলাসীপাৰ মহকুমাৰ চাপৰ, বিলাসীপাৰা, সাপটগ্রাম গোৱালপাৰা জিলাৰ গোৱালপাৰা, লক্ষীপুৰ কাছাৰ জিলাৰ সোণাই লক্ষীপুৰ মহকুমাৰ লক্ষীপুৰ, হাইলাকান্দি, লালা কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ, বদৰপুৰ, ৰামকৃষ্ণ নগৰ৷ শিলচৰ পৌৰসভাৰ বিষয়টো সম্প্রতি গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে বাবে পৌৰসভাখনৰ নির্বাচন সদ্যহতে অনুষ্ঠিত নহয়৷ সেইদৰে ষষ্ঠ অনুসূচীৰ অধীনস্থ জিলা–মহকুমাত থকা পৌৰসভাসমূহৰো নির্বাচন অনুষ্ঠিত নহয়৷ তদুপৰি এই পৌৰ নির্বাচনত ৰোড শ্ব’, পদযাত্রা, চাইকেল–বাইক, যান–বাহনৰ ৰেলী আৰু সমদল ৰাজ্যিক নির্বাচন আয়োগে নিষিদ্ধ কৰিছে৷ ইয়াৰ পৰিৱর্তে প্রার্থীসকলে ঘৰে ঘৰে গৈ নির্বাচনী প্রচাৰকার্য চলাব পাৰিব৷ পৌৰ নির্বাচন যাতে সুচাৰুৰূপে অনুষ্ঠিত হয়, তাৰ বাবে আয়োগৰ তৰফৰ পৰা ৩৩গৰাকী পর্যবেক্ষক নিযুক্তি দিছে৷ সমগ্র নির্বাচনী ব্যৱস্থা পৰিচালনাৰ বাবে ২০ হাজাৰৰ পৰা ২৫ হাজাৰ চৰকাৰী কর্মচাৰী নিয়োজিত হ’ব বুলিও আয়ুক্ত কুমাৰে জানিবলৈ দিয়ে৷ পৌৰ নির্বাচন অনুষ্ঠিত হ’বলগীয়া ৮০খন পৌৰসভাৰ ভিতৰত সর্বাধিক ৱার্ড ডিব্রুগড় পৌৰসভাত আছে৷ পৌৰসভাখনত ২২টা ৱার্ডৰ বাবে ১২৯টা ভোটগ্রহণ কেন্দ্রত অনুষ্ঠিত হ’ব৷ পৌৰসভাখনত ১,১৭,৬৯০গৰাকী ভোটাৰ আছে৷