নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ছিডিজ, বিলাসী বাংলো… কিমান সম্পত্তিৰ গৰাকী লতা

প্রথম গীতৰ ৰেকর্ডিং কৰি আয় কৰিছিল ২৫ টকা। তেতিয়া তেওঁৰ বয়স মাত্র ১৩ বছৰ। তাৰ পাছত কেবা দশক ধৰি অগণিত সংগীতপ্রেমীক সুৰীয়া কণ্ঠৰ মায়াজালেৰে বান্ধি ৰাখে লতা মংগেশকাৰে। দেওবাৰে ৯২ বছৰ বয়সত মৃত্যুক সাৱটিলে এইগৰাকী শিল্পীয়ে। ২৫ টকাৰ পৰা আৰম্ভ কৰি লতাৰ সম্পত্তিৰ পৰিমাণ হৈছিল ১০০ কোটিৰো বেছি। সাত দশকজোৰা সংগীতৰ জীৱনত অজস্র সম্মানেৰে বিভূষিত হৈছিল তেখেত। ১৩ বছৰ বয়সতে পিতৃ দীননাথ মংগেশকাৰৰ ছত্রছায়া হেৰুৱাইছিল লতাই আৰু আশা, ঊষা, মীনা,হৃদয়নাথসহ গোটেই সংসাৰৰ ভাৰ ল’বলগীয়া হৈছিল কান্ধ পাতি। সেই কম বয়সতেই উপাৰ্জনৰ চেষ্টা কৰিবলগীয়া হৈছিল। তেখেতৰ মালিকানাধীন সম্পত্তিত কি কি আছে?

লতাৰ ঘনিষ্ঠসকলে কয় যে বিলাসী গাড়ীত উঠিবলৈ পছন্দ কৰিছিল শিল্পীগৰাকীয়ে। সেয়ে মাৰ্ছিডিজ বা ক্রাইছলাৰৰ দৰে গাড়ীও আছিল। দক্ষিণ মুম্বাইৰ দৰে অভিজাত এলেকাত এটা বিলাসবহুল বাংলোৰ মালিক আছিল লতা। পেডাৰ ৰোডত ‘প্রভুকুঞ্জ ভৱন’নামৰ সেই বাংলোৰ পৰা বিলাসী গাড়ীত উঠি বাহিৰলৈ গৈছিল তেখেত। নিজৰ গেৰেজত ক্রাইছলাৰ, চেভ্রোলেট বা বিউয়িকৰ দৰে আমেৰিকান গাড়ী ৰখা পছন্দ কৰিছিল লতাই। ঘূৰা-ফুৰা বা কামৰ বাবে সেইবোৰে ব্যৱহাৰ কৰিছিল।

এই দামী গাড়ীবোৰৰ উপৰিও মাৰ্ছিডিছৰ প্রতি লতাৰ বৰ দূৰ্বলতা আছিল। বলীউডৰ গুজৱ মতে, বিশিষ্ট পৰিচালক যশ চোপ্ৰাই ‘বীৰ জাৰা’ ছবিৰ পাছত মাৰ্ছিডিজ এখন লতাক উপহাৰ দিছিল। বহুতে কয়, মাত্র গানৰ ৰয়েল্টীৰ পৰা বছৰত পাঁচ কোটি টকা আয় হৈছিল লতাৰ। তাৰ লগতে নানা ক্ষেত্রত বিনিয়োগো আছিল। ইয়াৰ উপৰি প্রতি মাহে লতাই ৪০ লাখ টকাৰ বেছি আয় কৰিছিল। শুনা মতে, প্ৰয়াত শিল্পীগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৩৬০ কোটি। আন একাংশৰ দাবী, ২০২২ চন পর্যন্ত সেয়া ১২০ কোটি টকাৰ বেছি।

You might also like