মৰিকলং-পোতাকলং-এৰাকলঙক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ আহ্বান
বিশেষবাৰ্তা, নগাঁও, ১২ ফেব্ৰুৱাৰীঃ নগাঁও চহৰৰ মাজেৰে বৈ গৈছে কলং নৈ ৷ কলং নৈয়ে নগাঁও চহৰক দুভাগত বিভক্ত কৰি এক সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিছে ৷ এই নগাঁও চহৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত আছে মৰিকলং,পোতাকলং,এৰাকলং নামৰ তিনিটা জলাশয় ৷ এই জলাশয়ে নগাঁও চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চল সেউজ কৰি ৰাখিছে ৷ এই জলাশয় কেইটাত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ আৰু চৰাই উপলব্ধ ৷ মাজে-সময়ে পৰিভ্ৰমী চৰাইৰ আগমন ঘটে৷ পুণিৰাম শইকীয়া আৰু দুলু কুমাৰ বৈদ্য নামৰ দুজন ব্যক্তিয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত জনোৱা আবেদনৰ ভিত্তিত নগাঁও সদৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ে ২০২০চনত দিয়া তথ্য অনুসৰি মৰিকলং বিলৰ মাটিকালি ৩৫৭ বিঘা ১৪লেচা ,পোতা কলং বিলৰ মাটিকালি ৫১বিঘা ৩ কঠা ,এৰাকলং বিলৰ মাটিকালি ৩৪০ বিঘা ১৮ লেচা ৷ এই বৃহৎ পৰিসৰৰ মাটিকালি থকা জলাশয় কেইটাই নগাঁও চহৰ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চলৰ প্ৰাকৃতিক পৰিবেশ সুন্দৰ কৰি ৰাখিছে ৷ এই জলাশয়ক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন সময়ত নগাঁৱৰ সচেতন মহলৰ লগতে বিভিন্ন সংগঠনে চৰকাৰ তথা নগাঁও জিলা প্ৰশাসনক দাবী জনাই আহিছে ৷ একাংশ লোকে বিল কেইখনৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰাত সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে ৷ সচেতন মহলে এই ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷ এই বিল কেইখনক উপযুক্ত ভাৱে সংৰক্ষণ কৰি বহনক্ষম ,অনুকুল পৰিবেশ সৃষ্টি কৰা প্ৰয়োজন ৷ এই জলাশয় কেইখনক পৰ্য্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ অবকাশ আছে ৷ অবশ্যে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই মৰিকলং বিলক পৰ্য্যটকৰ আকৰ্ষনৰ কেন্দ্ৰ হিচাহে গঢ়ি তুলিবলৈ এক প্ৰকল্পৰ কাম আৰম্ভ কৰিছে ৷