নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ দ্বিতীয় পৰ্যায়ৰ ভোটঃ ইউপিত ধনবলী প্ৰাৰ্থীৰ ভিৰ

ৰাজনীতি মানেই এতিয়া ধনবল আৰু বাহুবল। নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰিবলৈ ধনবলী হোৱাতো যেন অঘোষিত নিয়ম হৈ উঠিছে। কাইলৈ উত্তৰ প্ৰদেশৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। পশ্চিম উত্তৰ প্ৰদেশৰ ছাহজাহানপুৰ, ছাম্বালা, ছাহাৰানপুৰ, বেৰেলী আদি জিলাক ধৰি মুঠ ৫৫ খন বিধানসভা আসনৰ বাবে হ’ব কাইলৈ ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভাগ্য পৰীক্ষা হ’বলগীয়া মুঠ ৫৮৪গৰাকী প্ৰাৰ্থীৰ ভিতৰত ২৬০ গৰাকীয়ে কোটিপতি। ইয়াৰে আটাইতকৈ ধনাঢ্য প্ৰাৰ্থীগৰাকী হ’ল ৰামপুৰ সমষ্টিৰ পৰা ভোটযুদ্ধত নমা কংগ্ৰেছ প্ৰাৰ্থী নৱাজ কাজিম আলী খান। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ২৯৬কোটি। ইয়াৰ পাছতে আছে বেৰেলী কেণ্ট সমষ্টিৰ সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী সুপ্ৰিয় অৰুণ আৰু বিজেপিৰ নৌগাঁৱ সমষ্টিৰ প্ৰাৰ্থী দেৱেন্দ্ৰ নাগপাল। তেওঁলোকৰ সম্পত্তিৰ পৰিমাণ ক্ৰমে ১৫৭ কোটি আৰু ১৪০ কোটি টকা।

You might also like