নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত সাপেখাতী বাজাজ ডিলাৰৰ সমীপত সংঘটিত হয় এক আই ডি বিস্ফোৰণ । সোমবাৰে নিশা প্ৰায় ১২ বজাত দ্বীপজ্যোতি পাল নামৰ ব্যক্তিজনৰ দোকানৰ সমুখত হোৱা এই বিস্ফোৰণত ধোদৰ আলি পথৰ কাষত সৃষ্টি হয় দুই ফুট দ এটা গাঁত । গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৰাইদেউ জিলাত সেনা-আৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি সংঘটিত হোৱা এই বিস্ফোৰণ সৃষ্টি কৰিছে চাঞ্চল্য । বিস্ফোৰণৰ ফলত তিনিখন দোকান ছাল ১০ মিটাৰ দূৰলৈ উৰি যোৱাৰ লগতে কিছু পৰিমানে ক্ষতিসাধন হয় ।