চিজুচাত সংযুক্ত বড়ো গণমঞ্চৰ বিশ্বনাথ জিলা সমিতিৰ অধিৱেশন সম্পন্ন
নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ সংযুক্ত বড়ো গণমঞ্চ বিশ্বনাথ জিলা সমিতিৰ তৃতীয় বাৰ্ষিক অধিৱেশনখন আজি অসম-অৰুণাচল সীমান্তৰ তথা বিশ্বনাথ জিলা চিজুচাত অনুষ্ঠিত হয় । চিজুচাৰ চিজুচাগেট প্ৰাথমিক বিদ্যালয় প্ৰাংগণত বিশ্বনাথ জিলা সমিতিৰ সভাপতি বিনন্দ বসুমতাৰীৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক খছেল বসুমতাৰীয়ে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বড়ো কছাৰী উন্নয়ন স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অনিল বসুমতাৰীয়ে ভাষণ প্ৰসংগত কয় যে স্বায়ত্তশাসিত পৰিষদৰ যোগেদি বড়ো-কছাৰীসকলৰ সৰ্বাংগীণ বিকাশৰ বাবে ক্ষিপ্ৰতাৰে কাম হাতত লোৱা হৈছে। বিটিআৰ চুক্তি ৰূপায়ণ কৰাত পলম হৈছে যদিও কাম-কাজবোৰ আগবাঢ়িছে। চুক্তি সম্পাদিত হোৱাৰ পিছত কাৰাৰুদ্ধ ৰঞ্জন দৈমাৰীকে আদি কৰি কাৰাৰুদ্ধসকলক চৰকাৰে শীঘ্ৰে মুক্তি দিব লাগে । বড়ো-কছাৰীসকলৰ উন্নয়নৰ বাবে এতিয়াও বহুখিনি কৰিবলগীয়া আছে । বিটিআৰৰ বাহিৰৰ বড়ো-কছাৰীসকলৰ বাবেও আমি বহুখিনি কাম কৰাৰ পৰিকল্পনা কৰি আছো। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে সংযুক্ত বড়ো গণমঞ্চৰ কেন্দ্ৰীয় উপদেষ্টা বিপিন গয়াৰী, সংযুক্ত বড়ো গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সংগঠনটোৰ সহকাৰী সম্পাদক অভিৰাম বড়ো, আত্মসমৰ্পণকাৰী এন ডি এফ বিৰ ( বি টি আৰৰ বাহিৰৰ ) সভাপতি ধৰ্মেশ্বৰ বসুমতাৰীৰ লগতে বিশ্বনাথ জিলা সমিতিৰ বিষয়ববীয়াসকল, ৰাইজ উপস্থিত থাকে । অনুষ্ঠানতেই সংযুক্ত বড়ো গণমঞ্চৰ বিশ্বনাথ জিলাৰ নতুন সমিতিখনো সৰ্বসন্মতিমৰ্মে গঠন কৰা হয় । উল্লেখ্য যে মূল সভাৰ আৰম্ভণিতে সংগঠনৰ পতাকা উত্তোলন কৰা হয় । সভাত সংগঠনৰ সাংগঠনিক দিশ সুদৃঢ়কৰণ, অহা ২৫ ফেব্ৰুৱাৰীৰপৰা তিনিদিনীয়াকৈ কাৰ্বি আংলঙত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় অধিৱেশনৰ বিষয়ে আৰু বড়ো-কছাৰী ৰাইজৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয় ।
প্ৰেৰক প্ৰাঞ্জল পি বৰা